ETV Bharat / state

শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ ঘৰত টকাৰ উজান - CM VIGILANCE RAID

মহানগৰীত হঠাতেই চলিল মুখ্যমন্ত্ৰী তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । এগৰাকী বিষয়াৰ গৃহত চলোৱা অভিযানত দমে দমে ওলাল নগদ ধন ৷

CM Vigilance Raid in Guwahati
শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য কুমাৰ বৰুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 20, 2025, 10:21 PM IST

গুৱাহাটী: টকাৰ উজান উঠিছে । এগৰাকী বিষয়াৰ ঘৰত লাখে লাখে ওলাইছে টকা । বিষয়াগৰাকীৰ ঘৰৰ ভিতৰতেই পালে বৃহৎ পৰিমাণৰ ধন । যেন আলাউদ্দিনৰ চাকিহে, মোহাৰিলেই ওলায় টকা । চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য় সহনশীল হোৱা বুলি দাবী কৰি থকাৰ সময়তো চৰকাৰী বিষয়াৰ ঘৰতেই ওলাই আছে নগদ ধন ।

এইবাৰ দমে দমে টকা ওলাইছে কোকৰাঝাৰৰ বিতৰ্কিত শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য কুমাৰ বৰুৱাৰ ঘৰত । গুৱাহাটী মহানগৰীৰৰ আনন্দ নগৰত সোমবাৰে পুৱা ৬ বজাৰ পৰা মুখ্যমন্ত্ৰী তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ ধনৰাশি । আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গোচৰত গুৱাহাটীৰ এবিচিৰ চানক্য পথৰ বাসগৃহত সোমবাৰে পুৱাৰে পৰা চলে এই অভিযান ।

চি এম ভিজিলেঞ্চৰ আৰক্ষী অধীক্ষক ৰ'জী কলিতা (ETV Bharat Assam)

দুৰ্নীতি নিবাৰক শাখাই ঘটনা সন্দৰ্ভত ২/২০২৫ নম্বৰ গোচৰত সোমবাৰে পুৱাৰে পৰা শিশু উন্নয়ন প্ৰকল্প বিষয়া গৰাকীৰ গুৱাহাটীৰ এবিচিৰ লগতে জয়ানগৰৰ বাসগৃহত চলায় এই অভিযান । অভিযানৰ সময়ত দলটোৱে উদ্ধাৰ কৰে ৩৭ লাখতকৈ অধিক নগদ ধন, এটা পিষ্টল, সোণ আৰু অন্যান্য নথি-পত্ৰ । এই তথ্য সংবাদ মাধ্যমৰ আগত সদৰী কৰি চি এম ভিজিলেঞ্চৰ আৰক্ষী অধীক্ষক ৰ'জী কলিতাই কয়," আমি বিষয়াগৰাকীৰ এবিচিৰ বাসগৃহৰ পৰা ৩৭ লাখ টকা উদ্ধাৰ কৰিছো । "

উল্লেখ্য যে যোৱা ১৮ জানুৱাৰীত মুখ্যমন্ত্ৰী তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই ধুবুৰীৰ ডি এফ অ' হিৰণ্য পাঠকৰ ঘৰতো অভিযান চলাইছিল । এইগৰাকী বিষয়াৰ ঘৰত তালাচী চলাই তেওঁৰ স্থাৱৰ-অস্থাৱৰ সা-সম্পত্তিৰ হিচাপ লোৱাৰ উপৰি বেংক একাউন্ট আৰু অন্যান্য নথি-পত্ৰৰ তথ্য সংগ্ৰহ কৰে । বন বিষয়াগৰাকীৰ বিৰুদ্ধে নিয়মীয়া তদন্তৰ অন্তত দুৰ্নীতি নিবাৰক শাখাই ৩/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰে । পূর্বে গোলাঘাটত ডি এফ অ' হিচাপে কাৰ্যনিৰ্বাহ কৰা হিৰণ্য পাঠকে ২০২৩ চনত ধুবুৰীলৈ বদলি হৈছিল । গোলাঘাট আৰু ধুবুৰীত ডি এফ অ' হিচাপে কার্যনির্বাহ কৰাৰ সময়ছোৱাত তেওঁৰ বিৰুদ্ধে দুর্নীতিৰে ধন আহৰণৰ বহু অভিযোগ উত্থাপিত হৈছিল ।

এই বন বিষয়াগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে অভিযোগ লাভৰ পিচতে দুৰ্নীতি নিবাৰক শাখাক এই সন্দৰ্ভত তদন্ত কৰি ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছিল । সেইমর্মে নিয়মীয়া তদন্তত বন বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্রমাণ হোৱাত দুৰ্নীতি নিবাৰক শাখাই আনুষ্ঠানিকভাৱে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:৮ হাজাৰ টকা ঘোচ লৈ আটক সমবায়ৰ সহকাৰী পঞ্জীয়ক - CORRUPTED GOVT OFFICER ARRESTED

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.