ETV Bharat / state

৫ ধৰ্ষণকাৰীক জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ড - LIFE IMPRISONMENT

টিউচনৰ পৰা ওভতাৰ পথত বাটতেই ৫ যুৱকে ধৰ্ষণ কৰিছিল এগৰাকী নাবালিকাক । অৱশেষত ভুক্তভোগীয়ে পালে ন্য়ায় ।

5 Rapist sentenced to life imprisonment
৫ ধৰ্ষণকাৰীক আদালতে বিহিলে শাস্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 20, 2025, 10:43 PM IST

ৰৌতা : বিগত বৰ্ষত ৰাজ্য়ত সংঘটিত হৈছিল কেইবাটাও ধৰ্ষণ-কাণ্ড । এনে জঘণ্য় অপৰাধৰ বিৰুদ্ধে ৰাজ্য়জুৰি তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে বিভিন্ন দল-সংগঠনে । আৰক্ষীয়ে এনে ঘটনাৰে জড়িত কেইবাটাও অভিযুক্তক গ্ৰেপ্তাৰ কৰে । ইয়াৰ মাজতেই ওদালগুৰি জিলাৰ মাজবাটত সংঘটিত হৈছিল ৰাজ্য় কঁপাই যোৱা এক ধৰ্ষণৰ ঘটনা । অৱশেষত ভুক্তভোগীয়ে লাভ কৰিলে ন্য়ায় ।

মাজবাটৰ এই জঘণ্য দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ঘটনাত জড়িত ৫ ধৰ্ষণকাৰীক ওদালগুৰিৰ বিশেষ সত্র ন্যায়ধীশ আদালতৰ এন এছ দেউৰীৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে । ধর্ষণকাৰী অভিজুল আলী, ছাদ্দাম হুছেইন, মুস্তাক আহমেদ, এহছান আহমেদ আৰু মহিদুল ইছলামক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে প্রত্যেককে ২০ হাজাৰ টকাকৈ জৰিমনা বিহে ।

৫ ধৰ্ষণকাৰীক আদালতে বিহিলে শাস্তি (ETV Bharat Assam)

আজি এই সন্দৰ্ভত অধিবক্তা অৰবিন্দ বসুমতাৰীয়ে কয়, "যোৱা ২০২৪ চনৰ ২২ জুনত ওদালগুৰি জিলাৰ মাজবাটত সংঘটিত হৈছিল এই ভয়ংকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা । টিউচনৰ পৰা ওভতাৰ পথত এগৰাকী নাবালিকাক মাজবাট চাহ বাগিচাত বাট আগচি ধৰি ধৰ্ষণ কৰিছিল ৫ পাষণ্ডই । এই সন্দৰ্ভত মাজবাট থানাৰ গোচৰ নং ৩০/২০২৪ আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৬৫/৩৭৬(D)/৩২৩/৫০৬ ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । আজি আদালতে এই অপৰাধীকেইটাক কাৰাদণ্ড বিহাৰ লগতে জৰিমনা বিহে ।"

উল্লেখ্য় যে এই ঘটনাৰ পাছতে সমগ্র ৰাজ্যতেই সৃষ্টি হৈছিল প্রতিক্রিয়াৰ । দোষীক কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদত উত্তাল হৈছিল সমগ্র ওদালগুৰি জিলা । আনকি উত্তেজিত জনতাই জ্বলাই দিছিল ধৰ্ষণকাৰী অভিজুল আলীৰ বাসগৃহ ।

লগতে পঢ়ক:যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ’ল আৰ জি কৰ ধৰ্ষণকাণ্ডৰ খলনায়ক সঞ্জয় ৰয় - RG KAR DOCTOR RAPE AND MURDER

গুৱাহাটীৰ মন্দিৰ চৌহদত যুৱতীক দলবদ্ধ ধৰ্ষণ কৰা আঠ অভিযুক্তক আটক - GANG RAPE IN GUWAHATI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.