সাম্প্ৰতিক সময়ত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা ৷ এনে পৰিস্থিতিত স্বাস্থ্য সচেতন লোকসকলে নিজকে নিৰোগী কৰি ৰাখিবলৈ যথাসাধ্য স্বাস্থ্য বিধানসমূহ মানি চলে ৷ আনহাতে ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলেও ৰক্ত শৰ্কৰাক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হ’ব লাগে ৷ এইক্ষেত্ৰত খাদ্য তালিকাৰ ওপৰতো ভালদৰে গুৰুত্ব দিয়া উচিত ৷ ডায়েবেটিছ অনুকূল খাদ্য সামগ্ৰীৰে দিনটো আৰম্ভ কৰাটো প্ৰয়োজনীয় ৷ খাদ্যৰ যত্ন ল’লে চেনি নিয়ন্ত্ৰণত থাকে ৷ কিন্তু অত্যধিক ব্যস্ততাৰ বাবে বহুসময়ত অধিকাংশ লোকে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাত অসুবিধাৰ সন্মুখীন হয় ৷
কিন্তু যিমানদূৰ সম্ভৱ, ডায়েবেটিছ ৰোগীসকলে নিজৰ খাদ্য আৰু পানীয়ৰ বিশেষ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৷ সাধাৰণতে আমাৰ অধিকাংশ লোকৰে মনত এটা প্ৰশ্নৰ উদয় হোৱা দেখা যায়, তিতা কেৰেলাই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে নেকি ? এই সন্দৰ্ভত স্বাস্থ্য বিশেষজ্ঞসকলে সঠিক মতামত আগবঢ়াইছে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান চমুকৈ NIHএয়ো সাধাৰণ মানুহৰ মনত উদয় হোৱা এই প্ৰশ্ন সন্দৰ্ভত মত প্ৰকাশ কৰিছে ৷
NIHৰ মতে, ৰক্ত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে সুষম খাদ্য গ্ৰহণ কৰিব লাগিব ৷ সকলো বস্তু সঠিক পৰিমাণত সেৱন কৰি থাকিলেহে তিতা কেৰেলাৰ পৰাও উপকাৰ সাধন হয় বুলিও স্বাস্থ্য প্ৰতিষ্ঠানটোৱে নিজৰ গৱেষণাত প্ৰকাশ কৰে ৷ ডায়েবেটিছ ৰোগীসকলে তিতা কেৰেলাৰ সতেজ ৰস খাব পাৰে বুলিও তেওঁ জানিবলৈ দিছে ৷ NIHই উল্লেখ কৰা মতে তিতা কেৰেলা ভাজি খাব নালাগে ৷ ভাজি খালে তিতা কেৰেলাৰ পৰা সকলো পুষ্টিকৰ উপাদান ওলাই যায় বুলি তেওঁ জানিবলৈ দিয়ে ৷
NIHৰ মতে, তিতা কেৰেলাই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে, কিন্তু ইয়াৰ লগতে ব্যায়াম আৰু খোজ কঢ়াৰ লগতে সুষম খাদ্যও গ্ৰহণ কৰিব লাগিব ৷ NIHএ লগতে কয় যে, ডায়েবেটিছ ৰোগীসকলে অবিৰতভাৱে তিতা কেৰেলা খালেহে ইতিবাচক ফলাফল দেখা পাব ৷ উল্লেখ্য যে তিতা কেৰেলাৰ স্বাস্থ্য উপকাৰী আন বহু গুণ আছে ৷ ইয়াত ফাইবাৰ, ভিটামিন এ আৰু চি আৰু অন্যান্য পুষ্টিকৰ উপাদান যথেষ্ট পৰিমাণে থাকে ৷
তিতা কেৰেলাই ওজন নিয়ন্ত্ৰণত সহায় কৰাৰ লগতে ছাল আৰু চুলিৰ ক্ষেত্ৰতো ইতিবাচক ফল প্ৰদান কৰে ৷ এই পাচলিবিধত ভিটামিন চি থাকে আৰু সেয়ে ই ব্যক্তিৰ দে্হৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও উন্নত কৰি তোলে ৷ কেৱল এয়াই নহয়, তিতা কেৰেলাত পলিফিনল থাকে, এই পলিফিলিনে প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে ৷ লগতে এই পাচলিয়ে শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু যকৃতৰ বিষমুক্তকৰণতো সহায় কৰিব পাৰে ৷
অৱশ্যে কোনো ৰোগ নিৰাময়ৰ বাবে যদি তিতা কেৰেলা সেৱন কৰিব বিচাৰে, তেন্তে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ ৷ বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ নকৰাকৈ নিজাকৈ এনে বিধান গ্ৰহণ কৰিলে ইয়াৰ উপকাৰিতাতকৈ অপকাৰিতাৰ সন্মুখীন হোৱাৰহে সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক