ETV Bharat / state

যুৱতীক প্ৰহাৰ কৰাৰ অভিযোগত ৰঙাঘৰ পালেগৈ জাতীয় সংগঠনৰ সদস্য - JORHAT NEWS

যুৱতীক চুলিত ধৰি প্ৰহাৰ নামধাৰী জাতীয় সংগঠনৰ পৰিচয় দিয়া যুৱকৰ ! যুৱতীক ৰক্ষা কৰিবলৈ অহা পাণ দোকানী ৰাজহুৱা ক্ষমা খুজিবলৈ বাধ্য কৰালে সংগঠনৰ যুৱকে ৷

Jorhat police arrests a state level organization member
যোৰহাটত শিহৰণকাৰী ঘটনা ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 20, 2025, 5:06 PM IST

যোৰহাট : জাতীয় সংগঠনৰ গইনা লৈ একাংশ যুৱকে চলাই গৈছে মইমতালি ! নিজৰ নামৰ পাচত কোনো সংগঠনৰ বাহুবল থাকিলেই নিজকে ৰজা বুলি ভাবে একাংশই ! এনে অভিযোগ থকা বহু বাতৰিয়ে বিভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায় ৷ এইবাৰ এনে এক বাতৰি আহিছে যোৰহাটৰ পৰা ৷

ঘটনা বিৱৰণি অনুসৰি, যোৰহাট মাজমজিয়াস্থিত কচুৰীগলিত শনিবাৰে নিশা প্ৰায় 7 বজাত এক সামান্য কথাত এগৰাকী যুৱতীৰ লগত বাকবিতণ্ডাত লিপ্ত হয় এজন যুৱক ৷ আনকি সামান্য কথাতেই উদণ্ড যুৱকজনে যুৱতীগৰাকীক চুলিত ধৰি চোঁচৰাই চোঁচৰাই প্ৰহাৰ কৰে ৷ ইয়াতে ক্ষান্ত নাথাকি যুৱকজনে যুৱতীগৰাকীক নাকে-মুখে ঘুচিয়াবলৈ ধৰে ৷ এই সমগ্ৰ ঘটনাৰ দৃশ্য একাংশ প্ৰত্যক্ষদৰ্শীয়ে মোবাইলৰ কেমেৰাত আবদ্ধ কৰি ৰাখে ।

যোৰহাটত শিহৰণকাৰী ঘটনা ! (ETV Bharat Assam)

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, যিজন যুৱকে যুৱতীগৰাকীক প্ৰহাৰ কৰিছিল তেওঁ এটা জাতীয় সংগঠনৰ সদস্য ৷ অভিযুক্তৰ নাম ঋতুপৰ্ণ ফুকন ৷ সংগঠনৰ সদস্য হোৱাৰ বাবে যুৱতীগৰাকীক অভিযুক্ত ঋতুপৰ্ণৰ পৰা ৰক্ষা কৰিবলৈ কোনো আগবাঢ়ি নাহিল ৷ কিন্তু পৰৱৰ্তী সময়ত ঋতুপৰ্ণক বাধা দিবলৈ আহিল এজন পাণ দোকানী ৷ এয়াই ভুল আছিল পাণ দোকানীজনৰ ৷

নিজকে জাতীয় সংগঠনৰ সদস্য বুলি পৰিচয় দিয়া ঋতুপৰ্ণৰ কেবাজনো বন্ধুৱে আহি ভুক্তভোগী পাণ দোকানীজনক দাবী-ধমকি দিয়ে ৷ এই কথা নিজেই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ভুক্তভোগী পাণ দোকানীজনে ৷

তেওঁ কয়, "সংগঠনৰ ল’ৰাই আহি মোক দম দিয়ে আৰু তেওঁলোকে মই কিয় ল’ৰাজনক মাৰিছো বুলি প্ৰশ্ন কৰে ৷ কিন্তু মই বাৰে বাৰে কৈছো যে মই তেওঁক মৰা নাই ৷ কেৱল ছোৱালীজনীক তেওঁৰ হাতৰ পৰা ৰক্ষা কৰিব বিচাৰিছো ৷ পিচত মই ৰাজহুৱাকৈ তেওঁলোকৰ আগত ক্ষমা খুজিলো, তেতিয়া মোক তেওঁলোকে এৰি দিলে ৷"

ইফালে অভিযুক্ত ঋতুপৰ্ণই যুৱতীগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগত প্ৰথমাৱস্থাত আৰক্ষীয়ে তেওঁ আটক কৰি থানালৈ লৈ যায় ৷ তদন্তকাৰী বিষয়াই টেলিফোনিক এক বাৰ্তাযোগে ইটিভি ভাৰত সাংবাদিকৰ আগত কয়, "ইতিমধ্যে আৰক্ষীয়ে ঋতুপৰ্ণ ফুকনক গোচৰ নং 38/25/under sec 74/115(2)BNS ৰ আধাৰত গ্ৰেপ্তাৰ কৰাৰ লগতে আদালততো হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ আদালতৰ কাম শেষ হোৱাৰ পাচতে সম্ভৱঃ তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰা হ’ব ৷"

তাৎপৰ্যপূৰ্ণ কথা এই যে যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত হোৱা উক্ত ঘটনাৰ ভিডিঅ’ ৰাজহুৱা হোৱাৰ পিছতেই সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

লগতে পঢ়ক : নামেৰীত বনৰক্ষীৰে সংঘৰ্ষত চোৰাং চিকাৰী নিহত

লগতে পঢ়ক : টেট পৰীক্ষাত পত্নীক সহায় কৰিবলৈ আহি গ্ৰেপ্তাৰ বিষয় শিক্ষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.