ETV Bharat / bharat

যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ’ল আৰ জি কৰ ধৰ্ষণকাণ্ডৰ খলনায়ক সঞ্জয় ৰয় - RG KAR DOCTOR RAPE AND MURDER

আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰয়ৰ শাস্তি আজি ঘোষণা কৰে শিয়ালদহ আদালতে ৷

RG KAR DOCTOR RAPE AND MURDER
যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ’ল আৰ জি কৰ ধৰ্ষণকাণ্ডৰ কাণ্ডাৰী সঞ্জয় ৰয় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 20, 2025, 5:39 PM IST

Updated : Jan 20, 2025, 7:13 PM IST

কলকাতা: কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰয়ক আজি শিয়ালদহ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷ আদালতে লগতে ৫০ হাজাৰ টকাৰ জৰিমনাও আৰোপ কৰে অন্যথা তেওঁ পাঁচ মাহ জেলত থাকিব লাগিব । শনিবাৰে অতিৰিক্ত জিলা ন্যায়াধীশ শিয়ালদহ আদালতে সঞ্জয় ৰয়ক দোষী সাব্যস্ত কৰিছিল ৷ অধিবক্তা ৰহমানে কয়, "সঞ্জয় ৰয়ক মৃত্যু পৰ্যন্ত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে । দোষীক বিএনএছৰ ৩ ধাৰাত জৰিমনাও বিহা হৈছে । আদালতে ৰাজ্যক ১৭ লাখ টকা ক্ষতিপূৰণ ভুক্তভোগীৰ পৰিয়ালক আদায় দিবলৈ নিৰ্দেশ দিছে ৷"

  • ক্ষতিপূৰণ বিচৰা নাছিলোঁ, ন্যায় বিচাৰিছিলোঁ; আদালতত ভুক্তভোগীৰ পৰিয়ালৰ দাবী

ন্যায়াধীশে ক্ষতিপূৰণ ঘোষণা কৰাৰ পিছতে আদালতৰ কক্ষত প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী পৰিয়ালে ৷ তেওঁলোকে ন্যায়াধীশক কয়, "আমি ক্ষতিপূৰণ বিচৰা নাই । আমি আমাৰ ছোৱালীজনীৰ বাবে ন্যায় বিচাৰিছো ।" তাৰ পিছত ন্যায়াধীশে ক'লে, "মই জানো ক্ষতিপূৰণ বিচৰা হোৱা নাই । কিন্তু আইনত কোৱাৰ দৰেই মই আদেশ দিলোঁ ।"

  • কনিষ্ঠ চিকিৎসকে আন্দোলন অব্যাহত ৰাখিব

কনিষ্ঠ চিকিৎসক আন্দোলনৰ অন্যতম পৰিচিত নেতা আছফাকুল্লা নাইয়াই সাংবাদিকৰ আগত কয়, "এই ৰায়দানত আমি সন্তুষ্ট নহয় । আমাৰ আন্দোলন অব্যাহত থাকিব । কেৱল সঞ্জয় ৰয়েই নহয়, আন বহু লোক জড়িত হৈ আছে । আমি সকলোৰে লগত পুনৰ আলোচনা কৰিম ।"

  • মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিক্ৰিয়া

ইফালে আদালতৰ শাস্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, "আমি ৪৪-৬০ দিনৰ ভিতৰত ফাঁচীৰ কথা ঘোষণা কৰিছিলোঁ । সকলোৱে ফাঁচীৰ দাবী কৰিছিল, কিন্তু কিয় নহ'ল নাজানো । ন্যায়াধীশে ৰায় দিছে । আমাৰ হাতত যদি থাকিলহেঁতেন তেন্তে আমি বহু আগতেই ফাঁচীৰ নিৰ্দেশ দিলেহেঁতেন । চিবিআইয়ে এই সকলোবোৰ কৰিলেহেঁতেন ।"

লগতে পঢ়ক: আৰ জি কৰ ধৰ্ষণ-হত্যাকাণ্ড: দোষী সাব্যস্ত সঞ্জয় ৰয়, ২০ জানুৱাৰীত ঘোষণা হ’ব শাস্তি

Last Updated : Jan 20, 2025, 7:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.