ETV Bharat / health

শৰীৰত হৈছে নেকি Vitamin Cৰ অভাৱ ? জানি লওক লক্ষণ... - VITAMIN C DEFICIENCY

যদি শৰীৰত এই ভিটামিনৰ অভাৱ হয়, তেন্তে কি কি লক্ষণে দেখা দিব পাৰে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

Vitamin C Deficiency: What Are the Telltale Symptoms?
শৰীৰত হৈছে নেকি Vitamin Cৰ অভাৱ ? জানি লওক লক্ষণ... (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Jan 20, 2025, 4:02 PM IST

Vitamin C Deficiency: শৰীৰৰ বাবে অতি গুৰুত্ব এক উপাদান হৈছে ভিটামিন C ৷ শৰীৰটো সুস্থ আৰু শাক্তিশালী হৈ থাকিবলৈ ভিটামিন -C অতি গুৰুত্বপূৰ্ণ ৷ বিশেষকৈ শীতকালত ইয়াৰ প্ৰয়োজনীয়তা অধিক ৷ বিশেষকৈ এই ভিটামিনে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোগ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ৷ শৰীৰত যদি ভিটামিন-C অভাৱ হয় তেন্তে সহজে মাৰাত্মক ভাইৰাছ অথবা ৰোগে আপোনাৰ শৰীৰত আক্ৰমণ কৰিব পাৰে ৷

অতি প্ৰয়োজনীয় ভিটামিন C শৰীৰত হাড় গঠন, ৰক্তবাহী নলীৰ স্বাস্থ্য আৰু ঘাঁ নিৰাময়ৰ বাবে গুৰুত্বপূৰ্ণ ৷ ইয়াৰ উপৰিও এই ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ গতিকে তেজত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন C থকাটো প্ৰয়োজনীয় ৷ যদি শৰীৰত এই ভিটামিনৰ অভাৱ হয়, তেন্তে কি কি লক্ষণে দেখা দিব পাৰে জানো আহক-

Vitamin C Deficiency: What Are the Telltale Symptoms?
শৰীৰত হৈছে নেকি Vitamin Cৰ অভাৱ ? জানি লওক লক্ষণ... (FREEPIK)

ভিটামিন Cৰ অভাৱৰ লক্ষণ

ভিটামিন Cৰ অভাৱ হ’লে অস্বাভাৱিক ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ হয়তো শাৰীৰিক পৰিশ্ৰম নকৰাকৈ আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ এই লক্ষণে দেখা দিলে আপুনি স্বাস্থ্য়ৰ পৰীক্ষা কৰাটো অতি প্ৰয়োজন ৷

ইয়াৰ সামন্তৰালভাৱে শৰীৰত ভিটামিন Cৰ অভাৱ হ’লে দ্ৰুতভাৱে ওজন কমি যোৱা, ভোক কমি যোৱা আদি সমস্যা সৃষ্টি হ’ব পাৰে ৷ ভিটামিন Cৰ অভাৱত শৰীৰত থাইৰয়ড হৰম’নৰ নিঃসৰণ বৃদ্ধি পাব পাৰে ৷ যদি আপোনাৰ অস্বাভাৱিকভাৱে ওজন হ্ৰাস পায় আৰু ভোক নলগা সমস্যাৰ সৃষ্টি হয় তেন্তে আপুনি স্বাস্থ্যৰ পৰীক্ষা কৰক ৷

ভিটামিন Cৰ অভাৱৰ এটা প্ৰধান লক্ষণ হৈছে ছালৰ সমস্যা ৷ ভিটামিন Cৰ অভাৱত ছালৰ বিভিন্ন ৰোগ হ’ব পাৰে ৷ ছালত খজুৱতি দৰে সমস্যা সৃষ্টি হ’ব পাৰে ৷ ভিটামিন Cত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে কলাজেন উৎপাদনত মূল ভূমিকা পালন কৰে ৷ সুস্থ ছালৰ বাবে কলাজেন প্ৰটিন গুৰুত্বপূৰ্ণ ৷

ভিটামিন Cৰ প্ৰাকৃতিক উৎস

এই সময়ছোৱাত আমাৰ বজাৰ সমূহত বিভিন্ন শাক-পাচলিৰে ভৰি পৰে ৷ ভিটামিন Cৰ বাবে আপুনি অসমীয়া থলুৱা খেতিয়কে জৈৱিক পদ্ধতিৰে উৎপাদন কৰা সেউজীয়া শাক-পাচলি খাব পাৰে ৷ একে সময়তে ভিটামিন Cৰ অভাৱ দূৰ কৰিবলৈ বতৰৰ ফল খাব পাৰে, যেনে -কমলা টেঙা ৷ মনত ৰাখিব ভিটামিন Cয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ঋতুভিত্তিক ৰোগ যেনে- চৰ্দি, জ্বৰ আৰু কাহৰ পৰা মুক্ত কৰাত সহায় কৰে ৷

উৎস:-https://www.ncbi.nlm.nih.gov/books/NBK493187/

https://pmc.ncbi.nlm.nih.gov/articles/PMC7400810/#:~:text=This%20study%20showed%20comparable%20results,%25)%20than%20women%20(0.4%25).

লগতে পঢ়ক

  1. বাকলি গুচোৱা নে নুগুচোৱা ? কোনবিধ নহৰু স্বাস্থ্যৰ বাবে উপকাৰী
  2. বাৰুকৈয়ে এইসমূহ ফলত নেমুতকৈ অধিক ভিটামিন-চি থাকে নেকি ?
  3. গোন্ধ আৰু সৌন্দৰ্যৰ ক্ষেত্ৰতেই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী শেৱালী ফুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.