ETV Bharat / technology

কেন্দ্ৰীয় বাজেট 2025: কৃত্ৰিম বুদ্ধিমত্তা কেন্দ্ৰ স্থাপনৰ বাবে 500 কোটি টকা আবণ্টন - UNION BUDGET 2025

আজি দাখিল কৰা কেন্দ্ৰীয় বাজেটত ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তা (AI) কেন্দ্ৰ স্থাপনৰ বাবে 500 কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰে ।

India allocates Rs 500 crore for AI Centres in Union Budget
কৃত্ৰিম বুদ্ধিমত্তা কেন্দ্ৰ স্থাপনৰ বাবে 500 কোটি টকা আবণ্টন (ANI)
author img

By ETV Bharat Tech Team

Published : Feb 1, 2025, 1:14 PM IST

হায়দৰাবাদ: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে দিনৰ 11 বজাত সদনত দাখিল কৰে মোদী 3.0 কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট । কেন্দ্ৰীয় বাজেট 2025 ৰ অংশ হিচাপে সমগ্ৰ দেশতে কৃত্ৰিম বুদ্ধিমত্তা (AI) কেন্দ্ৰ স্থাপনৰ বাবে 500 কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছে ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীয়ে ।

এই পদক্ষেপৰ লক্ষ্য হৈছে কৃত্ৰিম বুদ্ধিমত্তা গৱেষণা, বিকাশ আৰু উদ্ভাৱনক উন্নীত কৰা তথা ভাৰতৰ এআই প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰা । চৰকাৰে অৰ্থনৈতিক বৃদ্ধি আৰু ডিজিটেল ক্ষেত্ৰত অগ্ৰগতিৰ বাবে এআইৰ সুবিধা আদায় কৰিবলৈ উদ্যোগ, ষ্টাৰ্টআপ আৰু শিক্ষানুষ্ঠানসমূহক সহায় কৰিবলৈ উন্নত এআই হাব স্থাপন কৰাৰ পৰিকল্পনা কৰিছে ।

2023 চনৰ বাজেট ঘোষণাৰ পিছতে সীতাৰমণে শীৰ্ষ শিক্ষানুষ্ঠানত তিনিটা এআই চেণ্টাৰ অৱ এক্সেলেন্স স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল । এই কেন্দ্ৰসমূহৰ লক্ষ্য হৈছে আন্তঃশাখা গৱেষণাক প্ৰসাৰ কৰা আৰু বিভিন্ন খণ্ডত উন্নত এআই প্ৰয়োগৰ বিকাশৰ ক্ষেত্ৰত সহায় কৰা ।

শীঘ্ৰে বিস্তৃত প্ৰতিবেদন...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.