গুৱাহাটী, 18 জুন :আমি খোৱা প্ৰায়ভাগ খাদ্যতে বহুৰোগৰ কাৰক নিৰ্ভৰ কৰে । সেয়ে কিছুমান খাদ্য আমি পৰিহাৰ কৰি চলাৰ লগতে কমাই খাব লাগে । আমি কি খাদ্য গ্ৰহণ কৰিছো সেইটো অতি গুৰুত্বপূৰ্ণ । আমি গ্ৰহণ কৰা খাদ্যৰ ওপৰত শৰীৰৰ পাচন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি আমাৰ যিবোৰ মিনাৰেলছ বা ভিটামিন, শৰীৰত প্ৰয়োজনীয় খনিজ দ্ৰব্য খাদ্যৰ ওপৰতে নিৰ্ভৰ কৰে ।
আমি এটা সীমিত পৰিমাণৰ খাদ্য গ্ৰহণ কৰিব লাগে, যাতে ই কমো নহয় বেছিও নহয় ৷ ই আপোনাৰ শৰীৰটোৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ৷ সুস্বাস্থ্যৰ বাবে খাদ্য সদায় কম পৰিমাণে বহুবাৰ খাব লাগে । লগতে সতেজ পাচলি, ফল-মূল আদি বেছিকৈ খাব লাগে । পাচলি বুলি ক’লে যিসমূহ বতৰৰ পাচলি সেইবোৰ গ্ৰহণ কৰিব লাগে ।
আনহাতে, বহু লোকক দেখা যায় ফল-মূল বুলিলে তেওঁলোকে বাহিৰৰ পৰা আমদানি হোৱা ফল-মূল বৈছিকৈ গ্ৰহণ কৰা দেখা যায় ৷ বেছিভাগ লোকে যিবোৰ ফল-মূল আমাৰ ইয়াত উৎপাদন নহয়, সেইবোৰহে খোৱা দেখা যায় । দৰাচলতে তেনেকুৱা একো কথা নাই, আমাৰ ইয়াত থলুৱা যিসমূহ ফল-মূল পোৱা যায় যেনে-আম, কঁঠাল, লেতেকু, পনিয়ল আদি আমাৰ শৰীৰৰ বাবে উপকাৰী । এইসমূহ ফলত প্ৰচুৰ পৰিমাণে ভিটামিন থকাৰ লগতে খনিজ দ্ৰব্য থাকে । লগতে শাক-পাচলি, ফল-মূল আদিত পটাচিয়াম যথেষ্ট থাকে ।