জেৰুজালেম (ইজৰাইল) : টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি অৱশেষত হামাছে তেওঁলোকৰ নেতা মহম্মদ ডেইফক হত্যা কৰাৰ কথা নিশ্চিত কৰে । বিগত বছৰৰ আগষ্ট মাহতেই ইজৰাইলে দাবী কৰিছিল যে সামৰিক বাহিনীৰ আক্ৰমণত হামাছৰ শীৰ্ষ নেতা মহম্মদ ডেইফৰ মৃত্যু হৈছে । কিন্তু এই কথা হামাছে নিশ্চিত কৰা নাছিল ।
অৱশেষত বৃহস্পতিবাৰে ইজৰাইলৰ ঘোষণাৰ প্ৰায় ৫ মাহৰ অন্তত হামাছে তেওঁলোকৰ শীৰ্ষ নেতা ডেইফৰ মৃত্যুৰ কথা নিশ্চিত কৰে ।
- হামাছ নেতা ডেইফৰ মৃত্যু সঁচা আছিল
হামাছৰ মুখপাত্ৰ আবু ওবেইদাই এক ভিডিঅ' বিবৃতিত ডেইফৰ মৃত্যু নিশ্চিত কৰিছে । টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি তেওঁ হামাছৰ সামৰিক শাখাৰ উপ-কমাণ্ডাৰৰ মৃত্যুৰ কথাও নিশ্চিত কৰে ।
একেদৰে গাজী আবু তামা, যুদ্ধ সমৰ্থনৰ মুৰব্বী; ৰাদ থাবেট, সামৰিক শাখাৰ মুখ্য কৰ্মচাৰী; খান ইউনুছ ব্ৰিগেডৰ কমাণ্ডাৰ ৰাফা'এ ছালামেহ; কেন্দ্ৰীয় গাজা ব্ৰিগেডৰ কমাণ্ডাৰ আয়মান নোফাল আৰু উত্তৰ গাজা ব্ৰিগেডৰ কমাণ্ডাৰ আহমেদ ঘাণ্ডৌৰ মৃত্যুৰ কথাও হামাছৰ মুখপাত্ৰই নিশ্চিত কৰে ।
- ৫ মাহ পূৰ্বেই মৃত্যু হৈছিল ডেইফৰ
উল্লেখ্য যে যোৱা বছৰৰ আগষ্ট মাহত ইজৰাইলে ঘোষণা কৰিছিল যে তেওঁলোকে খান ইউনুছ অঞ্চলত ১৩ জুলাইৰ বিমান আক্ৰমণত মহম্মদ ডেইফক হত্যা কৰিছিল । এক্সৰ এটা পোষ্টত আইডিএফয়ে কৈছিল, "আমি এতিয়া নিশ্চিত কৰিব পাৰো: মহম্মদ ডেইফক হত্যা কৰা হৈছিল ।"
ইজৰাইলী সামৰিক বাহিনীয়ে কৈছিল যে তেওঁলোকে যোৱা কেইঘণ্টামানত তেওঁৰ মৃত্যু নিশ্চিত কৰা চোৰাংচোৱা তথ্য লাভ কৰিছিল । দ্য টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি ১৩ জুলাইত খান ইউনুছ অঞ্চলত হামাছৰ ব্ৰিগেডৰ কমাণ্ডাৰ ৰাফাছা ছালামেহৰ চৌহদত হোৱা এক আক্ৰমণত ডেইফক লক্ষ্য কৰি লোৱা হৈছিল ।
- বন্দীক মুকলিৰ প্ৰক্ৰিয়া অব্যাহত
ইফালে যুদ্ধবিৰতি চুক্তি অনুসৰি ইজৰাইলে ১১০ গৰাকী পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়ে । আল জাজিৰাৰ মতে ৩ গৰাকী ইজৰাইলী আৰু ৫ গৰাকী থাইলেণ্ডৰ নাগৰিকক মুকলি কৰি দিয়াটো নিশ্চিত হোৱাৰ পিছতে ইজৰাইলে পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিয়ে ।
ইজৰাইলে বন্দীসকলৰ মুকলি কৰাত পলম কৰিছিল ৷ কিয়নো বন্দীসকলৰ সুৰক্ষিত পথ নিশ্চিত হোৱা নাছিল । ইজৰাইলে বিচাৰিছে যাতে মুকলি কৰা বন্দীসকল সুৰক্ষিতভাৱে গন্তব্য স্থানত উপস্থিত হ'ব পাৰে । লগতে এই বিষয়ত মধ্যস্থতাকাৰীসকলৰ পদক্ষেপো কামনা কৰিছে ইজৰাইলে ।