মৃত্যুৰ পাছত আত্মীয়-কুটুম্বে কিয় মে-ডাম-মে-ফিত পূৰ্বপুৰুষক সেৱা আগবঢ়ায় ? - ME DAM ME PHI 2025
আজি মে-ডাম-মে-ফি ৷ ৰাজ্যজুৰি উদযাপন টাই আহোমসকলৰ এই পবিত্ৰ উৎসৱটি ৷ পিছে কিয় পূৰ্বপুৰুষক স্মৰণ কৰি আয়োজন মে-ডাম-মে-ফি জানো আহক...


Published : Jan 31, 2025, 10:08 AM IST
|Updated : Jan 31, 2025, 12:42 PM IST
আমগুৰি : আজি টাই আহোমসকলৰ পবিত্ৰ মে-ডাম-মে-ফি উৎসৱ ৷ পূৰ্বপুৰুষক স্মৰণ কৰাৰ লগতে দেশ-জাতিৰ মংগলৰ হেতুকে টাই আহোমসকলে আজিৰ এই বিশেষ দিনটোত পূজা কৰে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমগুৰিতো অতি আধ্যাত্মিকভাৱেৰে উদযাপন কৰা হৈছে পবিত্ৰ মে-ডাম-মে-ফি ৷
পিছে আপুনি বাৰু জানেনে কিয় মে-ডাম-মে-ফি পালন কৰা হয় ? প্ৰতি বছৰে ৩১ জানুৱাৰী তাৰিখে মে-ডাম-মে-ফি পালন কৰাৰ তাৎপৰ্য কি ?
- মে-ডাম-মে-ফিৰ অৰ্থ :
‘মে’ মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, ‘ডাম’- মানে মৃতক আৰু ‘ফি’- মানে হ’ল দেও বা দেৱতা । টাই আহোমসকলৰ এই ধৰ্মীয় সামাজিক উৎসৱত পূজা-পাতল কৰিলে তেওঁলোকৰ উপৰিপুৰুষ সন্তুষ্ট হয় বুলি জনবিশ্বাস আছে ৷ লগতে উপৰিপুৰুষে পূজাত সন্তুষ্ট হৈ স্বৰ্গৰ পৰাই তেওঁলোকক আৰ্শীবাদ প্ৰদান কৰে বুলি লোকবিশ্বাস আছে ।
- কিয় আৰু কেনেদৰে পতা হয় এই অনুষ্ঠানটো ?
মে-ডাম-মে-ফি ধৰ্মীয় অনুষ্ঠানতে চাওফী (পূৰ্ব্ব-পুৰুষসকল) আৰু ‘‘ডাম চাও-ফী’’সকলক পূজা কৰা হয় । টাই পণ্ডিতে দহখনলৈ মেহেঙা পাতি ধূপ-দীপ-নৈবদ্যৰ লগতে বৰা চাউল, কুকুৰা, কুকুৰা কণী, লোকলাওকে ধৰি অন্যান্য সামগ্ৰী অৰ্পণ কৰি দহজনকৈ দেৱতাক পূজা আগবঢ়ায় । এই দহজন দেৱতা হ'ল খাও খাম, আই লেংদিন, জা চিং ফা, জান-চাই-হাং, লেংদন, চিট-লাম-চাম, মুট-কাম টাই-কুম, ডাম চাও ফী, ৰা-খিন আৰু বা-খিন ।

টাই এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয় । অন্যান্য পৰম্পৰাৰ দৰে মে-ডাম-মে-ফি পালনৰ বাবেও নীতি-নিয়ম আছে ৷ যাক টাই আহোম ভাষাত "খয়েক লাই" বুলি জনা যায় ৷
উল্লেখ্য যে, চুকাফাই অসমলৈ অহাৰ পথত ঈৰাৱতী নৈ পাৰ হৈয়ে ‘‘মে-ডাম-মে-ফি’’ উদযাপন কৰিছিল । নতুন ৰাজ্য এখন জয় কৰি তাত সুশাসন প্ৰৱৰ্তন কৰিবলৈ পূৰ্ব পুৰুষ, লেংদন আৰু অন্যান্য দেৱতাসকলৰ আশীৰ্বাদ বিচাৰি দৈ-কাও-ৰং পাৰ হোৱাৰ লগে লগে নামৰূপত বুঢ়ী দিহিঙৰ পাৰত তেওঁ আকৌ ‘‘মে-ডাম-মে-ফি’’ পাতিছিল ।
এই পূজাৰ পিছত তেওঁ চৰাইদেউৰ নামনি ভাগত ‘‘মে-ডাম-মে-ফি’’ পাতিছিল । চৰাইদেউত ৰাজধানী পাতিবৰ সময়তো পূৰ্ব-পুৰুষ আৰু দেৱতাসকলৰ আশীৰ্বাদ বিচাৰি স্বৰ্গদেৱে ‘‘মে-ডাম-মে-ফি’’ পাতিছিল । পিছৰ স্বৰ্গদেউসকলেও বিভিন্ন সময়ত ‘‘মে-ডাম-মে-ফি’’ পাতিছিল ।
চ্যুহুং-মুঙে(দিহীংঙিয়া ৰজাই, শাসনকাল ১৪৯৭-১৫৩৯) চুতীয়া আৰু কছাৰীসকলক পৰাজয় কৰাৰ পিছত ৰাজ্যজুৰি ‘‘মে-ডাম-মে-ফি’’ আৰু ৰিখন উৎসৱ পাতিছিল । চুখামফা (খোৰাৰজাই)কোচসকলৰ লগত সন্ধি স্থাপন হোৱাৰ লগে লগে ‘‘মে-ডাম-মে-ফি’’ পাতিছিল ।
কছাৰীসকল আৰু মোগলক পৰাস্ত কৰি চ্যু-ক্লে-মুঙ (গড়-গঙা ৰজা, ১৫৩৯-১৫৫২) স্বৰ্গদেৱেও মে-ডাম-মে-ফি উদযাপন কৰিছিল । চ্যু-চেংফা(প্ৰতাপ সিংহ, ১৬০৩-১৬৪১) কছাৰী দমনৰ বাবে আৰু মোগলৰ লগত যুঁজ দিয়াৰ আগতে আৰু যুদ্ধত জিকি উলহ-মালহেৰে এই ধৰ্মীয় উৎসৱ তিনিবাৰকৈ পালন কৰিছিল ।
এনেদৰে দেখা যায় টাই আহোমসকলৰ পবিত্ৰ ‘‘মে-ডাম-মে-ফি’’ অনুষ্ঠান চ্যুকাফাই অসমত ভৰি দিয়াৰ পিছৰ পৰাই প্ৰজা আৰু ৰাজ্যৰ সুখ-সমৃদ্ধিৰ কাৰণে আয়োজন কৰি আহিছিল । সেই পৰম্পৰা আৰু ঐতিহ্য পুৰ্বপুৰুষক সোঁৱৰি আজিও টাই আহোমসকলে বিভিন্ন স্থানত ‘‘মে-ডাম-মে-ফি’’ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।
- আমগুৰিৰ ৰঘূতলত মে-ডাম-মে-ফি আয়োজন :
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমগুৰিতো অতি আধ্যাত্মিকভাৱেৰে উদযাপন কৰা হৈছে পবিত্ৰ মে-ডাম-মে-ফি ৷ আমগুৰিৰ ৰঘূতলত সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদৰ লগত স্থানীয় ৰাইজে একগোট উদযাপন কৰিছে মে-ডাম-মে-ফি অনুষ্ঠানটো ৷ টাই পণ্ডিতে উপৰিপুৰুষক স্মৰণ কৰিবৰ কাৰণে ১০ জন দেৱতাক ৮ খনকৈ মেহেঙা পাতি টাই আহোমৰ নীতি-নিয়ম অনুসৰি পূজা-পাতল কৰে, লগতে বিশ্ব শান্তিৰ কামনাৰ্থে প্ৰাৰ্থনা কৰে ।
সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদৰ বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘‘আমি পূৰ্বৰে পৰা সকলোৱে একগোট হৈ মে-ডাম-মে-ফিৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছো ৷ এই অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ পূৰ্বপুৰুষক স্মৰণ কৰো আৰু তেওঁলোকেও আমাক আশিস প্ৰদান কৰে ৷’’