ETV Bharat / business

এই বেংকৰ গ্ৰাহকসকল অহা ৬ মাহলৈ বেংকৰ পৰা উলিয়াব নোৱাৰিব ধন: RBI ৰ নতুন নিৰ্দেশনা - NEW INDIA COOPERATIVE BANK

নিউ ইণ্ডিয়া কো-অপাৰেটিভ বেংকৰ বিষয়াৰ 122 কোটি টকা আত্মসাৎ । মূৰত সৰগ ভাগিছে গ্ৰাহকৰ ।

NEW INDIA COOPERATIVE BANK
নিউ ইণ্ডিয়া কো-অপাৰেটিভ বেংক (Getty Image)
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 2:15 PM IST

মুম্বাই: নিউ ইণ্ডিয়া কো-অপাৰেটিভ বেংকৰ গ্ৰাহকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই গ্ৰাহকসকলে এতিয়া বেংকৰ পৰা তেওঁলোকৰ জমা কৰা ধন উলিয়াব নোৱাৰিব । উল্লেখ্য় যে শেহতীয়াকৈ নিউ ইণ্ডিয়া কো-অপাৰেটিভ বেংকে লোকচানৰ সন্মুখীন হোৱা বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে এই বেংকটোৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে । ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে জমাকাৰীসকলে ধন উলিওৱাৰ ওপৰত প্ৰতিবন্ধকতা । ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি নিউ ইণ্ডিয়া কো-অপাৰেটিভ বেংকৰ কাৰ্যকলাপৰ ওপৰত নিষেধাজ্ঞা 13 ফেব্ৰুৱাৰীৰ পৰা পৰৱৰ্তী ছয় মাহৰ বাবে কাৰ্যকৰী হ'ব।

আৰ বি আইৰ বিবৃতি অনুসৰি বেংকৰৰ বৰ্তমানৰ নগদ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, জমাকাৰীৰ সঞ্চয় বা চলিত একাউণ্ট বা আন কোনো একাউণ্টৰ পৰা কোনো পৰিমাণ উলিওৱাৰ অনুমতি নিদিবলৈ নিৰ্দেশনা দিয়া হৈছে । মুম্বাইস্থিত এই বেংকৰ 1.3 লাখ জমাকাৰীৰ 90 শতাংশতকৈও অধিক লোকৰ 5 লাখ টকালৈকে জমা আছে । উল্লেখ্য় যে এই বেংকটোৰ 28 টা শাখাৰ বেছিভাগ মুম্বাই মহানগৰীয় অঞ্চলত অৱস্থিত । দুটা শাখা গুজৰাটৰ চুৰাটত আছে আৰু এটা শাখা আছে পুনেত ।

গোচৰটোত দ্ৰুত পদক্ষেপ :

উল্লেখ্য় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে নিউ ইণ্ডিয়া কো-অপাৰেটিভ বেংকৰ একাউণ্টত কিছু অনিয়ম প্ৰত্য়ক্ষ কৰাৰ পিচতেই এই নিষেধাজ্ঞা আৰোপ কৰিছে । যোৱা শুক্ৰবাৰে আৰ বি আইয়ে বেংকৰ বোৰ্ডখন এবছৰৰ বাবে ভংগ কৰে আৰু ইয়াৰ কাৰ্যকলাপ পৰিচালনা কৰিবলৈ এজন প্ৰশাসক নিযুক্ত কৰে । প্ৰশাসকক সহায় কৰিবলৈ পৰামৰ্শদাতাৰ এখন সমিতিও নিয়োগ কৰা হৈছে ।

পৰৱৰ্তী সময়ত মুম্বাই আৰক্ষীয়ে নিউ ইণ্ডিয়া কো-অপাৰেটিভ বেংকৰ জেনেৰেল মেনেজাৰ এণ্ড একাউণ্টছ মুৰব্বী আৰু তেওঁলোকৰ সহযোগীসকলৰ বিৰুদ্ধে 122 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত এটা গোচৰ ৰুজু কৰে । এতিয়া মুম্বাইৰ এখন আদালতে নিউ ইণ্ডিয়া কো-অপাৰেটিভ বেংকৰ আত্মসাৎ গোচৰত মুখ্য অভিযুক্ত হিতেশ মেহতাৰ আৰক্ষীৰ জিম্মা ২৮ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে ।

আদালতে বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া অভিমন্যু ভোনকো ২৮ ফেব্ৰুৱাৰীলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই ঘটনাটোৰ তদন্ত কৰি আছে । জেনেৰেল মেনেজাৰ আৰু একাউণ্ট বিভাগৰ মুৰব্বী মেহতাৰ বিৰুদ্ধে বিভিন্ন সময়ত বেংকৰ ভল্টৰ পৰা 122 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:আহি আছে নতুন ৫০ টকীয়া নোট; কি হ'ব পুৰণি নোটবোৰ ? - RBI TO ISSUE NEW RS 50 BANKNOTES

ঋণ লোৱাসকলৰ বাবে সুখবৰ ! 5 বছৰৰ পিছত ৰেপো ৰেট হ্ৰাস কৰিলে ৰিজাৰ্ভ বেংকে - RBI CUT REPO RATE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.