ব্যস্ত জীৱনৰ লগত নিজৰ বাবে সময় বিচাৰি পোৱাটো অতি কঠিন হৈ পৰে ৷ বহু সময়ত মানুহে নিজৰ পেছাদাৰী জীৱন আৰু দায়িত্বত ইমানেই নিমগ্ন হৈ পৰে যে তেওঁলোকে নিজকে বুজি পোৱাটো কঠিন হৈ পৰে ৷ জীৱনত ধাৰাবাহিকভাৱে মানসিক চাপ বৃদ্ধি পালেও উদ্বিগ্নতাৰ সৃষ্টি হ’ব পাৰে ৷ এনে পৰিস্থিতিত কোনো কথাতে মনোনিৱেশ কৰাটো কঠিন হৈ পৰে ৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে খাদ্য আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ কৌশলৰ ওপৰত কাম কৰিলে উদ্বেগ হ্ৰাস কৰিব পাৰি ৷ বহুতে বিশ্বাস কৰে যে কল খালেও উদ্বিগ্নতা নিয়ন্ত্ৰণ কৰিব পাৰি ৷ কিন্তু সঁচাকৈয়ে এনেকুৱা হয়নে ? গুৰগাঁৱৰ ডায়েটিচিয়ান অৰ্চনা বাত্ৰাই সামাজিক মাধ্যমযোগে এটি ভিডিঅ’ৰ জৰিয়তে এই বিষয়ে বিতংভাৱে জনায় ৷ এই প্ৰতিবেদনত বিশেষজ্ঞৰ পৰা এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানি লওঁ আহক-
কল খালে উদ্বিগ্নতা কম হয়নে ?
ডাঃ কিৰণ ছোনীৰ মতে, কল খালে উদ্বেগ কমোৱাত সহায় কৰে ৷ মগজুক সুস্থ কৰি ৰাখিবলৈ ইয়াত উপস্থিত থকা পুষ্টিকৰ উপাদানসমূহ অতি প্ৰয়োজনীয় ৷ কলত ট্ৰিপট’ফেন থাকে, যিটো এবিধ এমিনো এচিড ৷ ট্ৰিপ্ট’ফেন শৰীৰত চেৰ’টনিনলৈ ৰূপান্তৰিত হয়, যিটো মগজুৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ ৷ চেৰ’টনিন হৈছে মগজুত উপস্থিত থকা নিউৰ’ট্ৰান্সমিটাৰ, যিয়ে মনটোক শিথিল কৰি ৰখা আৰু ভাল মেজাজ বজাই ৰখাত সহায় কৰে ৷
মগজুৰ স্বাস্থ্যৰ বাবে কল খোৱাটো কেনেদৰে উপকাৰী ?
মগজুত ট্ৰান্সমিটাৰ উৎপন্ন কৰে
কলত ভিটামিন বি৬ থাকে, যিটো মগজুৰ বাবে ট্ৰেন্সমিটাৰ উৎপন্ন কৰিবলৈ প্ৰয়োজনীয় ৷ এই খনিজ ড’পামিন আৰু চেৰ’টনিন হৰম’ন উৎপন্ন কৰে, যিবোৰ মানসিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷
পেশীবোৰ শিথিল হৈ পৰে
কল সেৱনে মগজুৰ স্বাস্থ্য বৃদ্ধি কৰে ৷ ইয়াত মেগনেছিয়াম থাকে যিয়ে মানসিক চাপ আৰু পেশীৰ টান কমোৱাত সহায় কৰে ৷ ইয়াৰ ফলত মগজু শিথিল হৈ থাকে আৰু...মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰে ৷
মেজাজৰ দোলন নিয়ন্ত্ৰণত থাকে
উদ্বেগ থাকিলে মেজাজৰ পৰিৱৰ্তন হোৱাটো সাধাৰণ কথা ৷ যেতিয়া আমি মানসিক চাপ বা উদ্বিগ্নতাত থাকোঁ তেতিয়া আমাৰ মনটোৱে চিন্তা-চৰ্চা কমাই দিয়ে ৷ এনে পৰিস্থিতিত কল খালে মেজাজ বৃদ্ধিত সহায় কৰে ৷ কলত থকা কাৰ্বহাইড্ৰেটৰ পৰিমাণে তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে ৷ ইয়াৰ সেৱনে শক্তি বৃদ্ধি কৰে আৰু মনক সক্ৰিয় কৰি ৰাখে ৷ ইয়াক সেৱন কৰিমেজাজৰ দোলন নিয়ন্ত্ৰিত হয়আৰু উদ্বিগ্নতা কমি যায় ৷
ৰক্তচাপ নিয়ন্ত্ৰণ কৰে
উদ্বেগৰ সময়ত ৰক্তচাপও উচ্চ হৈ পৰে ৷ এনে পৰিস্থিতিত চিন্তা আৰু বুজাৰ শক্তি কমিবলৈ আৰম্ভ কৰে ৷ কিন্তু এনে পৰিস্থিতিত কল খালে বহুত শিথিলতা অনুভৱ হয় ৷ কলত পটাছিয়াম থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ ইয়াৰ সেৱনে মানসিক চাপৰ পৰিস্থিতিত শিথিল হৈ থকাতো সহায় কৰে ৷
এই প্ৰতিবেদনৰ জৰিয়তে আমি জানিব পাৰিলোঁ যে উদ্বিগ্নতা হ্ৰাস কৰাত কল খোৱাটো কেনেদৰে উপকাৰী ৷ ইয়াৰ লগতে ইয়াক খোৱাৰ ফলত মগজুৰ স্বাস্থ্যৰ বাবে কি কি লাভ হয় ৷ দৈনন্দিন খাদ্য তালিকাত যদি আমি দুটাকৈও আমি কল অন্তৰ্ভুক্ত কৰো তেন্তে ই আপোনাৰ শাৰীৰিক আৰু মানসিক দুয়োটা স্বাস্থ্যৰ বাবে উপকৃত হ’ব ৷ যদি লেখাটোত দিয়া তথ্য ভাল লাগিল, তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ৷
file:///C:/Users/user.WB-DESK-PC-09/Downloads/jfnr-10-12-2.pdf
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক