ETV Bharat / bharat

১৯৮৪ চনৰ শিখ হত্যা গোচৰ: সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ড - SAJJAN KUMAR LIFE IMPRISONMENT

১৯৮৪ চনত শিখ বিৰোধী অভিযানৰ সময়ত যশৱন্ত সিং আৰু তৰুনদীপ সিঙক হত্যা কৰাৰ অভিযোগত দিল্লী আদালতে সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ।

1984 Anti-Sikh Riots
সজ্জন কুমাৰক যাৱজ্জ্বল কাৰাদণ্ড প্ৰদান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 4:44 PM IST

নতুন দিল্লী : ১৯৮৪ চনৰ শিখ বিৰোধী অভিযানৰ সৈতে জড়িত হত্যাকাণ্ডৰ গোচৰত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰক মঙলবাৰে দিল্লীৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে । ১৯৮৪ চনৰ ১ নৱেম্বৰত যশৱন্ত সিং আৰু তেওঁৰ পুত্ৰ তৰুনদীপ সিঙৰ হত্যাকাণ্ডৰ অভিযোগত বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই এই ৰায়দান কৰে ।

উল্লেখ্য যে, এই গোচৰত CBI আৰু অভিযোগকাৰীয়ে সজ্জন কুমাৰক মৃত্যুদণ্ডৰ দাবী জনাইছিল । ঘটনা ১৯৮৪ চনৰ ১ নৱেম্বৰত পশ্চিম দিল্লীৰ ৰাজনগৰত চৰ্দাৰ যশৱন্ত সিং আৰু চৰ্দাৰ তৰুনদীপ সিঙক হত্যা কৰা হৈছিল ৷

1984 Anti-Sikh Riots
সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ড (ETV Bharat)

তেতিয়া সন্ধিয়া প্ৰায় ৪/৪.৩০ বাজিছিল ৷ ৰাজনগৰ অঞ্চলত লোহাৰ ৰড আৰু লাঠিৰে ভুক্তভোগীৰ ঘৰত শিখবিৰোধী এটা দলে আক্ৰমণ কৰিছিল । অভিযোগকাৰীয়ে জনোৱা মতে, সেই সময়ত আউটাৰ দিল্লী লোকসভাৰ আসনৰ পৰা কংগ্ৰেছৰ সাংসদ সজ্জন কুমাৰৰ নেতৃত্বত আহিছিল এই দলটো ।

অভিযোগ অনুসৰি সজ্জন কুমাৰে দলটোক আক্ৰমণৰ বাবে উচটনি দিছিল, তাৰ পিছতে চৰ্দাৰ যশৱন্ত সিং আৰু চৰ্দাৰ তৰুণ দীপ সিঙক জীৱিত অৱস্থাত জ্বলাই দিয়া হৈছিল । লগতে ভুক্তভোগীৰ ঘৰ ভাঙি লুটপাত চলোৱাৰ লগতে জ্বলায়ো দিয়া হৈছিল ।

পৰৱৰ্তী সময়ত অভিযোগকাৰীয়ে ৰংগনাথ মিশ্ৰৰ নেতৃত্বত তদন্ত আয়োগৰ সন্মুখত দাখিল কৰা শপতনামাৰ ভিত্তিত সৰস্বতী বিহাৰ থানাত এক গোচৰ দাখিল কৰে, য’ত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হয় ।

জানিব পৰা মতে, বৰ্তমান তিহাৰ কাৰাগাৰত আবদ্ধ হৈ আছে সজ্জন কুমাৰ । ইতিমধ্যে ১২ ফেব্ৰুৱাৰীত আদালতে সজ্জন কুমাৰক দোষী সাব্যস্ত কৰিছিল ।

লগতে পঢ়ক : গো-মাংস সম্পৰ্কীয় গোচৰ: অসম চৰকাৰক কি পৰামৰ্শ দিলে উচ্চতম ন্যায়ালয়ে ?

লগতে পঢ়ক :এফ ডি আই উলংঘন; BBC ৱৰ্ল্ড ছাৰ্ভিচ ইণ্ডিয়াক ৩.৪৪ কোটিৰ জৰিমনা ED ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.