ETV Bharat / state

দিন-ডকাইতি ! বেংক এজেণ্টৰ হাত কাটি লুটি নিলে ধন - BANK AGENT ROBBED IN NAGAON

নগাঁৱত দিন-দুপৰতে দুৰ্বৃত্তৰ তাণ্ডৱ । চোকা অস্ত্ৰৰে কৰা আক্ৰমণৰ দৃশ্য বন্দী মোবাইল কেমেৰাত ।

Bank agent robbed of money in Nagaon after chopping his hand
দিন-ডকাইতি ! বেংক এজেণ্টৰ হাত কাটি লুটি নিলে ধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 6:49 PM IST

নগাঁও: নগাঁৱত সংঘটিত এক লোমহৰ্ষক দিন-ডকাইতিয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ । দিন-দুপৰতে বেংকৰ এগৰাকী এজেন্টক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধন লুটি নিয়াৰ এক ঘটনা সংঘটিত হৈছে নগাঁও চহৰৰ ইছলামপট্টিত । মঙলবাৰে দুপৰীয়া বন্ধন বেংকত ধন জমা দিবলৈ এজন লোক আহি থকা অৱস্থাতে তিনিজনীয়া দুৰ্বৃত্তৰ এটা দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লুটি নিয়ে ধনখিনি ।

দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত ক্ষত-বিক্ষত হয় বনমালি চন্দ্ৰ নামৰ এজেণ্টজনৰ হাত । ইছলামপট্টিৰ পৰা বনমালিয়ে কিস্তিৰ ধন সংগ্ৰহ কৰি বন্ধন বেংকৰ হয়বৰগাঁও শাখাত জমা দিবলৈ অহাৰ পথতেই দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে । বেংকৰ এজেণ্ট বনমালি চন্দ্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ভয়ংকৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰে স্থানীয় এগৰাকী লোকে ।

দিন-ডকাইতি ! বেংক এজেণ্টৰ হাত কাটি লুটি নিলে ধন (ETV Bharat Assam)

লগে লগে সমগ্ৰ অঞ্চলটোতেই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত ঘটনাস্থলীৰ পৰা দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰিবলৈ সক্ষম হয় । দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত আহত হোৱা বনমালি চন্দ্ৰক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ অৱশ্যে পিছত তেওঁক নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় ।

ঘটনা সন্দৰ্ভত তদন্তৰ বাবে চিকিৎসালয়খনত উপস্থিত হৈ নগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে নিজে তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে । প্ৰাথমিক পৰ্যায়ত তদন্ত চলি থকা বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে । ঘটনা সন্দৰ্ভত এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে কাকো কৰায়ত্ত কৰিব পৰা নাই যদিও নগাঁও আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: বেংগালুৰুত নাবালিকা ধৰ্ষণৰ অভিযোগত কাছাৰৰ পৰা গ্ৰেপ্তাৰ ইমৰাণ - RAPE IN BENGALURU

তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশুসহ আহত ২৪ - JORHAT ROAD ACCIDENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.