ETV Bharat / state

বেংগালুৰুত নাবালিকা ধৰ্ষণৰ অভিযোগত কাছাৰৰ পৰা গ্ৰেপ্তাৰ ইমৰাণ - RAPE IN BENGALURU

বেংগালুৰুত সংঘটিত হৈছে নাবালিকা ধৰ্ষণকাণ্ড ৷ এনে জঘন্যকাণ্ড সংঘটিত কৰা বুলি কাছাৰৰ এজন ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ ৷

rape in bengaluru
বেংগালুৰুত নাবালিকা ধৰ্ষণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 5:09 PM IST

শিলচৰ: কৰ্ণাটকত এগৰাকী ৮ বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ অভিযোগত আটক অসমৰ এজন লোকক ৷ লোকগৰাকীক কাছাৰৰ সোণাই নতুন ৰামনগৰৰ পৰা আটক কৰে কৰ্ণাটক আৰক্ষীয়ে ৷

কাছাৰ আৰক্ষীৰ সহযোগত কৰ্ণাটক আৰক্ষীয়ে আটক কৰা লোকজন দুটাকৈ সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত লোকজনৰ নাম ইমৰাণ হুছেইন ৷

rape in bengaluru
ইমৰাণ হুছেইন (ETV Bharat Assam)

উত্থাপিত অভিযোগ অনুসৰি, দুটাকৈ সন্তানৰ পিতৃ ইমৰাণ হুছেইন কৰ্মসূত্ৰে দীৰ্ঘদিনৰ পৰা কৰ্ণাটকৰ বেংগালুৰুত বাস কৰি আছিল । বেংগালুৰুতে এগৰাকী বিবাহিতা মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই পৰে ইমৰাণ হুছেইন । উক্ত মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁৰে ৮ বছৰীয়া কন্যাটিক ইমৰাণ হুছেইনে ঘৰত আন কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বিগত তিনিদিন পূৰ্বে ধৰ্ষণ কৰে ৷ এই ধৰ্ষণকাণ্ড সংঘটিত কৰাৰ পিছতে বেংগালুৰুৰ পৰা অসমৰ ঘৰলৈ পলাই আহে ইমৰাণ ।

পৰৱৰ্তী সময়ত এই সমগ্ৰ ঘটনাৰ বিষয়ে কৰ্ণাটক আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত অভিযুক্ত ইমৰাণৰ সন্ধানত নামি পৰে ৷ যাৰ বাবে বিগত দেওবাৰে কৰ্ণাটক আৰক্ষীৰ এটা দল কাছাৰৰ সোণাইত উপস্থিত হয় । অৱশেষত কাছাৰ আৰক্ষীৰ সহযোগত সোণাইৰ নতুন ৰামনগৰত থকা অভিযুক্তৰ বাসগৃহত অভিযান চলাই ইমৰাণক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ তদুপৰি সোমবাৰে কৰ্ণাটক আৰক্ষীয়ে আদালতৰ নিৰ্দেশ অনুসৰি অভিযুক্ত ইমৰান হুছেইনক কৰ্ণাটকলৈ নিয়ে ৷ এই অভিযোগ কিমানদূৰ সঁচা বা মিছা পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে ফাদিল হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: নাবালিকা ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতা, উত্তপ্ত পৰিস্থিতি - ALLEGATION OF RAPE IN GOHPUR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.