মৰাণ : বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী সন্ধানহীন হোৱাৰ লগতে মৃত্যুক আকোঁৱালি লোৱা ঘটনাই সচেতন ৰাইজক চিন্তিত কৰিছে । ইয়াৰ মাজতে বহিঃ ৰাজ্যত পুনৰ সন্ধানহীন হৈছে ডিব্ৰুগড়ৰ এজন বিবাহিত যুৱক ৷ ডিব্ৰুগড়ৰ খোৱাং দুলীয়া লাহোৱাল গাঁৱৰ থুলু গগৈয়ে (৩০) যোৱা ১৫ ফেব্ৰুৱাৰীত ৰাওনা হৈছিল কেৰালালৈ ৷ তিনিদিন ৰে'লেৰে ৰাওনা হোৱাৰ পাছত তামিলনাডুৰ ৰাণীগুন্টা ষ্টেচনত বটলত পানী ভৰাবলৈ নামি যোৱাৰ পিচৰে পৰাই লোকজন সন্ধানহীন হৈ আছে ৷
সন্ধানহীন লোকজনৰ ফোনটো তেতিয়াৰে পৰা বন্ধ হৈ আছে বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বিগত এসপ্তাহে থুলু গগৈৰ কোনো সম্ভেদ নোপোৱাত পৰিয়ালটো আশংকাত ভুগিছে ৷ উল্লেখ্য যে বিগত প্ৰায় ৯ বছৰ ধৰি কেৰালাত কৰ্মৰত থুলু গগৈ কেইবাবাৰো অকলেই অহা-যোৱা কৰিছিল যদিও কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল ৷
ঘটনাক লৈ কি কয় আত্মীয়ই ?
এসপ্তাহে থুলু গগৈৰ কোনো সন্ধান লাভ নকৰাত হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পৰিয়ালটোত । এই সন্দৰ্ভত সন্ধানহীন থুলু গগৈৰ পত্নীয়ে কয়," যোৱা ১৫ ফেব্ৰুৱাৰীত তেওঁ ৰে'ল যোগে কেৰালালৈ গৈছিল । তিনিদিন যোৱা পাছতেই পানী ভৰাবলৈ ৰে'লৰ পৰা নামি দিয়াত ৰে'লখন গুচি যায় । সেই কথা শিৱসাগৰৰ পৰা যোৱা যাত্ৰীয়ে পৰিয়ালক অৱগত কৰে । আৰক্ষীক এজাহাৰ দাখিল কৰা পাছত আৰক্ষীয়ে ফোন কৰিছিল যদিও ফোন ধৰা নাই । পিছত ফোনটো বন্ধ হৈ থাকিল । ইয়াৰ পূৰ্বে তেওঁ ৰে'লযোগে কেৰালালৈ অহা-যোৱা কৰে । বিগত ৯ বছৰে কেৰালাত কাম কৰি আছে ।"