বিশ্বনাথ: গুপ্তকাশী হৈছে বিশ্বনাথৰ এক প্ৰসিদ্ধ পুণ্য তীৰ্থস্থান ৷ পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় এই ঠাইখন । কিংবদন্তি মতে, বাণ ৰজাৰ দিনত দুজন মুনিৰ অভিশাপত এই বিশ্বনাথ গুপ্তকাশী হিচাপে জনাজাত হয় । আন এক কিংবদন্তি মতে, উনুকোটি শিৱ লিংগৰ অধিস্থান ক্ষেত্ৰ বিশ্বনাথক পূৰ্ণ কাশী হিচাপে আজিও সকলোৱে বিশ্বাস কৰে ।
পৃথিৱীত দুখন কাশী হ’লে মোক্ষ লাভ কৰা জীৱৰ সংখ্যা বৃদ্ধি হৈ শেষত সৃষ্টিয়ে লোপ পাব বুলি আশংকা কৰি দেৱতাসকলে এটা শিৱলিংগ বিশ্বনাথৰ পৰা চুৰি কৰি নি ব্ৰহ্মপুত্ৰৰ সিপাৰে হাতীমূৰা পাহাৰৰ কাষত থাপিছিলগৈ । সেইবাবে বিশ্বনাথক এক কোটিলৈ এটা শিৱলিংগ কম থকা উনকোটি শিৱৰ স্থান বুলিও কোৱা হয় ।
পুৰাণত উল্লেখ কৰা মতে বিশ্বনাথ ঘাটৰ মূল শিৱলিংগ থকা প্ৰাচীন এই মন্দিৰভাগ বুঢ়ীগাং নদী আৰু ব্ৰহ্মপুত্ৰৰ সংযোগস্থলত আছিল ৷ তেজপুৰৰ হাৰূপেশ্বৰত ৰাজধানী পাতি শাসন কৰা শালস্তম্ভ বংশৰ ৰজাসকলৰ দিনতে প্ৰায় ৬৫০-৯৯০ চনৰ ভিতৰত পোন প্ৰথমে বিশ্বনাথত শিৱৰ নামত শৈল মন্দিৰ নিৰ্মাণ কৰা হৈছিল বুলি বহু লোকে ক’বলৈ বিচাৰে ।

১৬১৫ চনৰ পৰা ১৬২০ চনৰ ভিতৰত প্ৰাচীন শৈল মন্দিৰটো ভাগি পৰাত ১৬২১ চনত প্ৰতাপ সিংহই মোমাই তামুলী বৰবৰুৱাৰ হতুৱাই বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰে বুলিও বিশিষ্ট সমাজ সেৱক ড৹ কিশোৰ হাজৰিকাই প্ৰকাশ কৰে । প্ৰতাপ সিংহৰ দিনত বিশ্বনাথ মন্দিৰটো সম্ভৱতঃ ভাগি পৰাত প্ৰমত্ত সিংহ স্বৰ্গদেৱে ১৭৫০ চনত খাপনা দৌল নামেৰে বুৰঞ্জীত পৰিচিত বিশ্বাথ দৌলটো সুউচ্চকৈ নিৰ্মাণ কৰে ।
ইফালে পুৰাণতত্ত্বৰ উল্লেখ অনুসৰি, ব্ৰহ্মপুত্ৰৰ বানত এই মন্দিৰ ধ্বংসপ্ৰাপ্ত হয় আৰু পুনৰ নিৰ্মাণৰ অনুপযুক্ত হোৱাত স্বৰ্গদেউ লক্ষ্মী সিংহই ১৭৭৪ চনত পুৰণি পীঠৰ পৰা ২০০ মিটাৰমান পশ্চিমে বৰ্তমানৰ ঠাইত নতুনকৈ সামান্য ৰূপত বিশ্বনাথ মন্দিৰ সজায় ।

কিন্তু মানে আক্ৰমণ কৰাৰ সময়ত এই মন্দিৰৰ সোণৰ কলচি ভাঙি নিয়াৰ উপৰিও অপবিত্ৰ কৰাত এই মন্দিৰ পৰিত্যক্ত হয় আৰু সেয়েহে ইয়াৰ কাষতে পুনৰ ইংৰাজৰ দিনত আধুনিক বিশ্বনাথ দেৱালয় প্ৰতিষ্ঠা কৰা হয় ।
- ড৹ কিশোৰ হাজৰিকাই কি কয় -
বিশ্বনাথ ঠাইখন মনোৰম প্ৰাকৃতিক পৰিৱেশেৰে ভৰা এখন বিশাল স্থান ৷ এসময়ত বাণ ৰজাই শিৱৰ বৰপ্ৰাপ্ত হৈ ইয়াত এখন কাশী স্থাপন কৰিবলৈ আগবাঢ়ি আহিছিল । কিন্তু সেই সময়ত বিশ্বনাথত দুজন মুনিয়ে ধ্যান কৰি আছিল ৷
সেই ধ্যানৰ সময়তে বাণ ৰজাই মুনি দুজনক কয়, ‘‘ইয়াত শিৱৰ অনুৰোধ মৰ্মে কাশী স্থাপন কৰিবলৈ বিচাৰো ৷’’ বাণৰ কথা শুনি মুনি দুজনৰ ধ্যান ভংগ হোৱাত তেওঁলোকে ৰজাক কয়, ‘‘আপুনি যি উদ্দেশ্য লৈ আমাৰ ওচৰত আহিছে সেই উদ্দেশ্য সফল নহ’ব ৷’’

এই কথা শুনি অগ্নিশৰ্মা হৈ পৰিল বাণ ৰজা, লগতে ভগৱান শিৱৰো খং উঠিল । শিৱই খঙতে তেওঁৰ ভক্তই কৰিবলৈ লোৱা কামত বাধা দিয়াৰ বাবেই মুনি দুজনক অভিশাপ দিয়ে । শিৱৰ অভিশাপত উক্ত স্থানতে শিল হৈ যায় মুনি কেইজন ৷ সেয়ে আজিও বিশ্বনাথ ঘাটত থকা শিলবোৰক মুনি বুলি জনা যায় ।
ড৹ কিশোৰ হাজৰিকাই কয়, ‘‘পুৰাণতত্ত্বত উল্লেখ থকা অনুসৰি ভাৰতবৰ্ষৰ ভূ-খণ্ডত যিহেতু এখন কাশী বাৰাণাসীত আছেই, সেয়ে ইয়াত দ্বিতীয় কাশী স্থাপন কৰিব নোৱাৰে ৷ এনে কৰিলে সৃষ্টিত বাধা আহি পৰিব ৷ সেয়ে ভগৱান বিষ্ণুৱে নাৰদক পৰামৰ্শ দিয়ে যে বিশ্বনাথ ঘাটৰ পৰা এটা শিৱ লিংগ চুৰি কৰি কাশী হোৱাত বাধা দিবলৈ ৷’’
‘‘ভগৱান বিষ্ণুৰ পৰামৰ্শ মতে, নাৰদে বিশ্বনাথ কাশী স্থাপনৰ পূৰ্বেই নিশাই নাৱৰ জৰিয়তে এটা শিৱ লিংগ চুৰি কৰি নি কাশী স্থাপন হোৱাত বাধা দিয়ে । সেই চুৰি কৰা শিৱ লিংগটো নাৰদে নগাঁও জিলাৰ জখলাবন্ধা হাতীমৰা পাহাৰত স্থাপন কৰে, ফলত বিশ্বনাথ ঘাটত পুৰ্ণাংগ ৰূপত কাশী স্থাপন হোৱাৰ পৰা বঞ্চিত হয় ৷’’ হাজৰিকাই কয় ৷
লগতে হাজৰিকাই কয়, ‘‘পুৰাণতত্ত্বত উল্লেখ কৰা অনুসৰি, ১ কোটিলৈ এটা শিৱলিংগ কম হোৱাত উনকোটি শিৱলিংগৰে ভৰা তীৰ্থস্থান গুপ্তকাশী হিচাপে ৰৈ গ'ল বিশ্বনাথ ঘাটত ।’’

লগতে হাজৰিকাই কয়, ‘‘বিশ্বনাথ মন্দিৰৰ কাষতে ভালুক গোসাঁই নামৰ শিলত কটা এটা মূৰ্তি আছে । প্ৰায় ১০০ ছেঃমিঃ ওখ বৰ্গক্ষেত্ৰাকাৰ চৰ্তুদিশে সিংহৰ দৰে মুখ থকা মূৰ্তিটোৰ মধ্য-শীৰ্ষাংশ এটা স্তূপ আকৃতিৰ । এনেধৰণৰ মূৰ্তি অসমৰ আন কোনো ঠাইতে পোৱাৰ সম্ভেদ নাই ।’’
জনবিশ্বাস মতে, কিবা বস্তু হেৰালে ভালুক গোসাঁই থানত চাকি দিলে, হেৰোৱা বস্তু ঘূৰাই পায় । বাৰিষা পানীৰ তলত সোমাই থকা বিশ্বনাথৰ লিংগ খৰালি কালত বালি খান্দি উলিওৱা হয় ৷ তাতেই এটি অস্থায়ী ঘৰ সাজি আঘোণ মাহত শুভদিন চাই পূজা কৰা হয় ৷ ব’হাগ বিহুৰ গোঁসাই বিহুৰ দিনালৈকে দৈনিক পূজা হয় এই লিংগত ।
বুঢ়ীগাঙৰ পাৰত বামৰ বিশ্বনাথ মন্দিৰৰ কিছু দূৰৈত এটা ডাঙৰ শিল আছে যিটোক ‘‘বৰলা শিল’’ বুলি কোৱা হয় । অকলশৰীয়াকৈ থকাৰ বাবে এই শিলৰ নাম বৰলাশিল হৈছে । বিশ্বনাথ ঘাটত ব্ৰহ্মপুত্ৰৰ মাজত উমাটুমনি নামৰ এটা সৰু টিলাময় দ্বীপ আছে । য’ত উমাদেৱীৰ মন্দিৰৰ লগতে আছে অনে মন্দিৰৰ সমষ্টি ৷

লগতে পঢ়ক : শাওন মাহত কিদৰে শিৱক আৰাধনা কৰিব ? - Astro Tips |
চক্ৰেশ্বৰ, হৰিহৰ, কৰ্দমেশ্বৰ, বাসুদেৱ, নাংগলেশ্বৰ, ভৈৰৱেশ্বৰ, সিদ্ধেশ্বৰ, বানেশ্বৰ আদি কেইবাখনো দেৱালয় আছে এই উমাটুমনি দ্বীপত ৷ বিশ্বনাথ মন্দিৰৰ অলপ দক্ষিণত ব্ৰহ্মপুত্ৰৰ পাৰত এটা প্ৰকাণ্ড শিলাখণ্ডৰ ওপৰত অৱস্থিত চণ্ডী মন্দিৰ ৷ এই মন্দিৰ বিশ্বনাথ মন্দিৰৰ সমসাময়িক বুলি কোৱা হয় । চণ্ডী মন্দিৰৰ ১৩ মিটাৰমান পশ্চিমে সূৰ্য-মাধৱ দেৱালয় অৱস্থিত ।
১৬৮৫ চনতে গদাধৰ সিংহই সূৰ্য-মাধৱ দেৱালয় সজাইছিল । ইয়াৰ অলপ আঁতৰত ব্ৰহ্মপুত্ৰৰ দাঁতিত আছে মুক্তিনাথ দেৱালয় । বিশ্বনাথত আহোম যুগৰ সৰ্বশেষ কীৰ্তিচিহ্ন হিচাপে চিহ্নিত এই মন্দিৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই ১৮১৫ চনত নিৰ্মাণ কৰাইছিল । মুক্তিনাথ দেৱালয়ৰ পশ্চিমে আছে কমলেশ্বৰ শিৱ দেৱালয় । ১৮০০ চনত কমলেশ্বৰ সিংহই এই দেৱালয় সজাইছিল ৷
চণ্ডী মন্দিৰৰ সমীপতে উত্তৰ-পশ্চিমত আছে বাণেশ্বৰ বৰদৌল । বিশ্বনাথ ক্ষেত্ৰত বৰ্তমান পোৱা সকলোতকৈ ডাঙৰ আৰু পূৰ্ণাংগ ৰূপত থকা এই দৌলটিৰ শিৱ লিংগ বাণ ৰজাই স্থাপন কৰিছিল বুলি জনা যায় । প্ৰায় ১৮ মিটাৰ ওখ এই দৌলটো ১৭৫৯ চনত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল । বিশ্বনাথ ক্ষেত্ৰৰে অন্তৰ্গত বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ ।
বিশ্বনাথ ক্ষেত্ৰত মূল বিশ্বনাথকে ধৰি 27 খন দেৱালয়ৰ ভিতৰত এঘাৰটা মন্দিৰ আহোম যুগত নিৰ্মাণ কৰা হৈছিল । বৰ্তমান বামৰ আৰু পানীৰ বিশ্বনাথ, উমা, চণ্ডী, মুক্তিনাথ, বাণেশ্বৰ বৰদৌল, সূৰ্য-মাধৱ, কমলেশ্বৰ আৰু বুঢ়া মাধৱ দেৱালয়ত পূজা-উৎসৱ আদি অনুস্থিত হৈ থাকে ।