গুৱাহাটী : মঙলবাৰে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম চৰকাৰৰ বিনিয়োগ সন্মিলন এডভাণ্টেজ আছাম ২.০-ত অংশগ্ৰহণ কৰি মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে উদ্যোগপতি মুকেশ আম্বানীয়ে । মঙলবাৰে কামাখ্যাত উপস্থিত হৈ মা কামাখ্যাত পূজা-অৰ্চনা কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকগৰাকীয়ে ।
কামাখ্যা দেৱালয়ত ছাগলী আৰু পাৰ চৰাই এৰি দি পূজা-অৰ্চনা কৰে মুকেশ আম্বানীয়ে । মা কামাখ্যাৰ আশিস গ্ৰহণৰ পিছত সংবাদ মাধ্যমৰ আগত মুকেশ আম্বানীয়ে কয়, "মন্দিৰলৈ আহি ভাল লাগিছে । মাৰ কৃপা সকলোৰে ওপৰত যাতে থাকে তাৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।"
আনহাতে, কামাখ্যা দেৱালয়ৰ সম্পাদক জ্ঞাননাথ শৰ্মাই কয়, "এইবাৰ তৃতীয়বাৰৰ বাবে কামাখ্যা মন্দিৰ দৰ্শন কৰিছে মুকেশ আম্বানীয়ে । দুপৰীয়া ২.৪৫ মানত মন্দিৰত উপস্থিত হৈ মন্দিৰ দৰ্শন কৰি বিশেষ পূজা-পাঠ কৰে আৰু ৫১ টা ছাগলী আৰু কেইবাযোৰা পাৰ চৰাই এৰি দিয়ে । তেওঁ পূৰ্বতে দুবাৰ কামাখ্যা দৰ্শন কৰিছিল । পুত্ৰৰ বিয়াৰ পূৰ্বে কামাখ্যালৈ আহিছিল । মন্দিৰ কৰ্তৃপক্ষক কিবা সহায়-সহযোগিতা লাগিলে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।"
উল্লেখ্য যে অসম চৰকাৰৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন 'এডভাণ্টেজ আছাম ২.০'ত অংশগ্ৰহণৰ বাবে মঙলবাৰে অসমত উপস্থিত হয় বিশিষ্ট উদ্যোগপতি তথা ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী । খানাপাৰাত অনুষ্ঠিত 'এডভাণ্টেজ আছাম ২.০'ত অংশগ্ৰহণ কৰি অসমত আগন্তুক ৫ বছৰত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ ঘোষণা কৰে মুকেশ আম্বানীয়ে । এডভাণ্টেজ আছাম ২.০-ত অংশগ্ৰহণৰ পিছতে কামাখ্যা দৰ্শন কৰে আম্বানীয়ে । কামাখ্যা দৰ্শনৰ পিছতেই অসম এৰে বিশিষ্ট উদ্যোগপতিগৰাকীয়ে ।
উল্লেখ্য যে ২৫ আৰু ২৬ ফেব্ৰুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এডভাণ্টেজ আছাম ২.০ মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, কেইবাখনো দেশৰ অৰ্ধশতাধিক ৰাষ্ট্ৰদূত, দেশ-বিদেশৰ উদ্যোগপতি তথা ঔদ্যোগিক ক্ষেত্ৰৰ প্ৰতিনিধি আৰু অসম চৰকাৰৰ মন্ত্ৰী পৰিষদ উপস্থিত থাকে ।