কলকাতা: দুগৰাকী মহিলাই কঢ়িয়াই অনা এটা ট্ৰলীবেগক কেন্দ্ৰ কৰি সংঘটিত হৈছে এটা ডাঙৰ ঘটনা ৷ কিয়নো ট্ৰলীবেগটোত কাপোৰৰ সলনি আছিল মৃতদেহৰ টুকুৰা ৷ টেক্সিৰে চহৰৰ মাজেৰে বীৰদৰ্পে আহি নদীৰ ঘাটলৈ গৈ আছিল মহিলা দুগৰাকী ।
পৰৱৰ্তী সময়ত ঘাটলৈ আহি ট্ৰলীবেগটোৰ পৰা মৃতদেহৰ অংশবোৰ নৈত পেলাই দিয়াৰ লগে লগে দৃষ্টিগোচৰ হৈছিল স্থানীয় ৰাইজৰ । ততালিকে অঞ্চলটোৰ ৰাইজে নৈৰ পাৰত উপস্থিত হৈ খবৰ দিয়ে আৰক্ষীক ৷

কিছুসময় পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ট্ৰলীটো খোলাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত থকা মহিলা দুগৰাকীৰ লগতে টেক্সিচালকগৰাকীকো আটক কৰি ওচৰৰ থানালৈ নিয়ে ৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, মহিলা দুগৰাকী সম্পৰ্কক মাতৃ-কন্যা ৷ তেওঁলোকৰ পৰা এটা ৰে’লৰ টিকটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভাৰতৰ অন্যতম ব্যস্ত মহানগৰ কলকাতাত ৷
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দুয়োগৰাকী মহিলা হাছানাবাদৰ কাজিপাৰাৰ বাসিন্দা ৷ কলকাতালৈ অহাৰ পূৰ্বে তেওঁলোক ৰে’লযোগে ছিলডালৈ অহাৰ সম্ভাৱনাই অধিক ৷ আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ অন্তত প্ৰকাশ কৰা অনুসৰি, এই কাণ্ডটো উত্তৰ ২৪ পৰগনাৰ বাৰাষ্টত সংঘটিত হোৱাৰ সম্ভাৱনা বেছি । তাৰ পৰা মৃতদেহটো কলকাতালৈ অনা হয় । ট্ৰলীত উদ্ধাৰ হোৱা মৃতদেহৰ টুকুৰাসমূহ এগৰাকী মহিলাৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷
তদন্তকাৰী আৰক্ষীয়ে মাতৃ-কন্যাক চলোৱা জেৰাত স্বীকাৰ কৰে যে, তেওঁলোকৰ এগৰাকী আত্মীয়ই শৰীৰত জুই লগাই আত্মহত্যা কৰে । সেই মৃতদেহটোৰে অংশসমূহ গংগা নৈত পেলাই দিবলৈ দুয়োগৰাকী আহিছিল অহিৰিতোলা ঘাটলৈ । কিন্তু আৰক্ষীৰ জ্ঞাতসাৰেই মৃতদেহটোৰ অংশসমূহ নৈত পেলাই দিবলৈ ওলোৱা ঘটনাটোৱেহে সৃষ্টি কৰিছে ৰহস্যৰ ৷
অৱশ্যে মাতৃ-কন্যাৰ এই ভাষ্যত পতিয়ন যোৱা নাই আৰক্ষী ৷ ঘটনাৰ প্ৰকৃত সত্যক গাপ দিবলৈ মাতৃ-কন্যাই মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷
কলকাতাৰ এগৰাকী আৰক্ষী বিষয়া ৰূপেশ কুমাৰে ইটিভি ভাৰতক কয় যে, "আটকাধীন মহিলা দুগৰাকী হৈছে ক্ৰমে ফাল্গুণী ঘোষ আৰু আৰতী ঘোষ । আনহাতে, ট্ৰলীবেগটোত পোৱা মহিলাগৰাকীৰ মৃতদেহটো হৈছে সুস্মিতা ঘোষৰ ৷ তেওঁ সম্পৰ্কত ফাল্গুণী ঘোষৰ শাহু । মহিলাগৰাকীক মধ্যগ্ৰামত হত্যা কৰা হৈছে" ৷
ইতিমধ্যে টেক্সি চালকজনকো আটক কৰি জেৰা অব্যাহত ৰাখিছে কলকাতা আৰক্ষীয়ে ৷ "আজি পুৱা মোৰ টেক্সিত দুগৰাকী মহিলা উঠিল । প্ৰথমে প্ৰিন্সেপ ঘাটলৈ গ'ল । পিছত টেক্সিৰ পৰাই ঘাটলৈ ভালকৈ চালে । তাত পুৱাৰ সময়ত তীৰ্থযাত্ৰী থকাৰ বাবে তাৰ পৰা বাবুঘাট হৈ পোনে পোনে উত্তৰ কলকাতাৰ অহিৰিতোলা ঘাটলৈ আহিছিল" বুলি টেক্সিচালকগৰাকীয়ে জেৰাত প্ৰকাশ কৰে ৷
লগতে পঢ়ক: ১৯৮৪ চনৰ শিখ হত্যা গোচৰ: সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ড - SAJJAN KUMAR LIFE IMPRISONMENT