ETV Bharat / business

৫ বছৰত ৫০ হাজাৰ কোটি বিনিয়োগৰ ঘোষণা আম্বানীৰ - ADVANTAGE ASSAM 2

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে আগন্তুক পাঁচ বছৰত অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব । এই ঘোষণা মুকেশ ডি আম্বানীৰ ।

Advantage Assam 2
৫ বছৰত ৫০ হাজাৰ কোটি বিনিয়োগৰ ঘোষণা আম্বানীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 4:32 PM IST

গুৱাহাটী: ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে আগন্তুক পাঁচ বছৰত অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব । খানাপাৰাত অনুষ্ঠিত ‘এডভাণ্টেজ আছাম ২.০-ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ ধীৰুভাই আম্বানীয়ে এই ঘোষণা কৰে ।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত ভাষণ প্ৰদান কৰি তেওঁ কয়, "যোৱা ২০১৮ চনত অনুষ্ঠিত ‘এডভাণ্টেজ আছাম ১.০ অনুষ্ঠানত অসমত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছিল । এই পৰিমাণ পৰৱৰ্তী সময়ত বৃদ্ধি হৈ ১২ হাজাৰ কোটি টকা‌ হৈছে । এতিয়া অহা পাঁচ বছৰৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব ।"

উদ্বোধনী অনুষ্ঠানত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী (ETV Bharat Assam)

তেওঁ কয়, "অহা পাঁচ বছৰৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে অসমত পাঁচটা দিশত বিনিয়োগ কৰাত গুৰুত্ব দিব । কৃত্ৰিম বুদ্ধিমত্তা আৰু কম্পিউটাৰ প্ৰযুক্তি বিকশিত কৰাত গুৰুত্ব দিব । অসমত দুটা বায়'গেছ এনাৰ্জী হাব নিৰ্মাণ কৰিব । মেগা ফুড পাৰ্ক নিৰ্মাণ কৰিব । অসমত ৰিলায়েন্স খুচুৰা দোকান ৪০০-ৰ পৰা ৮০০ খনলৈ বৃদ্ধি কৰিব । ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে অসমত হোটেল নিৰ্মাণত প্ৰাধান্য দিব ।"

তেওঁ অসমত ছেভেন ষ্টাৰ হোটেল নিৰ্মাণ কৰাৰ কথা সদৰী কৰি কয়, "অসমৰ কলা-কৃষ্টিৰ এক সমৃদ্ধ ঐতিহ্য আছে । অসম বাঁহৰ অন্যতম বৃহৎ উৎপাদক, যাক 'সেউজীয়া সোণ' বুলি কোৱা হয় । অসমৰ প্ৰসিদ্ধ ৰেচম উদ্যোগৰ কেন্দ্ৰ 'শুৱালকুছি'ত আয় আৰু চাকৰি সৃষ্টিত বহুগুণে বৃদ্ধিৰ সম্ভাৱনা আছে । ৰিলায়েন্স ফাউণ্ডেচনৰ 'স্বদেশ' ষ্টোৰৰ সৈতে চৰকাৰৰ সৈতে সহযোগিতা কৰি এই ঐতিহ্যক বিকাশ কৰিব বিচাৰে ।"

আম্বানীয়ে কয়, "এ আই মানে আর্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৰিৱর্তে আছাম ইণ্টেলিজেন্স হিচাপে থিয় দিব পৰাৰ সক্ষমতা অসমৰ আছে । আমি ভাৰতৰ পৰৱৰ্তী প্ৰযুক্তি কেন্দ্ৰ হ'বলৈ আগবাঢ়িছোঁ ।"

অসমৰ চাহৰ প্ৰসংগ উল্লেখ কৰি ভাষণত তেওঁ কয়, "চাহপাতৰ স্বৰ্গৰ পৰা প্ৰযুক্তিৰ স্বৰ্গ হোৱাৰ পথত গতি কৰিছে অসমে ।"

উল্লেখ্য যে ২৫ আৰু ২৬ ফেব্ৰুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এডভাণ্টেজ আছাম ২.০ মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, কেইবাখনো দেশৰ অৰ্ধশতাধিক ৰাষ্ট্ৰদূত, দেশ-বিদেশৰ উদ্যোগপতি তথা ঔদ্যোগিক ক্ষেত্ৰৰ প্ৰতিনিধি আৰু অসম চৰকাৰৰ মন্ত্ৰী পৰিষদ উপস্থিত থাকে ।

লগতে পঢ়ক :"এডভাণ্টেজ আছাম" অসমৰ সম্ভাৱনা আৰু বিকাশৰ এক মহা অভিযান: প্ৰধানমন্ত্ৰী - ADVANTAGE ASSAM 2
লগতে পঢ়ক :এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধনী অনুষ্ঠান Live - ADVANTAGE ASSAM 2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.