ETV Bharat / lifestyle

মহাশিৱৰাত্ৰিত ব্ৰত পালন কৰিবলৈ ওলাইছে নেকি ? এনে ক্ষেত্ৰত কি খাব লাগে বা নালাগে জানেনে - SHIVRATRI 2025

বুধবাৰে দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হ’ব মহাশিৱৰাত্ৰি উৎসৱ, এই উপলক্ষে বহুতে উপবাসেও থাকিব কিন্তু উপবাসে থকাৰ সময়ত কি খোৱাটো উচিত বা অনুচিত আপুনি জানেনে-

Nutrition Tips for a Healthy Shivratri Fast
মহাশিৱৰাত্ৰিত ব্ৰত পালন কৰিবলৈ ওলাইছে নেকি ? এনে ক্ষেত্ৰত কি খাব লাগে বা নালাগে জানেনে (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Feb 25, 2025, 2:26 PM IST

প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰিৰ উৎসৱ পালন কৰা হয় ৷ এইবাৰ ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হৈছে ৷ আজিৰ দিনটোত শিৱ মন্দিৰত শিৱ ভক্তৰ ভিৰ দেখা যায় ৷ শতাধিক ভক্তই শিৱ মন্দিৰত প্ৰাৰ্থনা কৰাৰ সমান্তৰালকৈ আজিৰ দিনটোতো ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ উপবাস পালন কৰে ৷ হিন্দু ধৰ্মত মহাশিৱৰাত্ৰি ব্ৰতৰ বিশেষ তাৎপৰ্য আছে ৷ কিন্তু, উপবাসৰ সময়ত উপযুক্ত খাদ্য আৰু পুষ্টিৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবে শৰীৰত শক্তিৰ অভাৱ হ’ব পাৰে, যাৰ ফলত স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব পাৰে ৷ সেয়ে পুষ্টিবিদ সাক্ষী সিঙৰ পৰা জানো আহক, মহাশিৱৰাত্ৰিৰ দিনা কি খাব লাগে আৰু কি খাব নালাগে ?

মহাশিৱৰাত্ৰিৰ উপবাসত সুস্থ হৈ থাকিবলৈ কি খাব লাগে ?

১/ হাইড্ৰেটেড হৈ থাকক

শিৱৰাত্ৰিৰ উপবাসৰ সময়ত শৰীৰক হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ বিশেষকৈ উপবাসৰ সময়ত অবিৰতভাৱে পানী খাই থকাটো জৰুৰী, যাতে আপোনাৰ শৰীৰত পানীলগা নহয় আৰু আপুনি সুস্থ অনুভৱ কৰিব পাৰে ৷ আপুনি আপোনাৰ উপবাসৰ খাদ্যত নাৰিকল পানী, সতেজ ফলৰ ৰস, বনৌষধি চাহৰ দৰে তৰল পদাৰ্থ অন্তৰ্ভুক্ত কৰিব পাৰে ৷ এই পানীয়বোৰে আপোনাৰ শৰীৰত হাইড্ৰেচন বজাই ৰখাত সহায় কৰাই নহয়, শৰীৰত অত্যাৱশ্যকীয় খনিজ পদাৰ্থ যোগান ধৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

২/ ফল-মূল খাওক

যদি আপুনি উপবাসৰ সময়ত ফলৰ ওপৰত নিৰ্ভৰ কৰে, তেন্তে খাদ্যত বিভিন্ন ধৰণৰ ফল অন্তৰ্ভুক্ত কৰক, য’ত কল, আপেল, কমলা, ডালিম আৰু তৰমুজ আদি অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই ফলবোৰত অত্যাৱশ্যকীয় ভিটামিন, খনিজ পদাৰ্থ, আঁহ থাকে, যিয়ে আপোনাৰ শৰীৰক শক্তি প্ৰদান আৰু হজম শক্তি উন্নত কৰাত সহায় কৰিব পাৰে ৷

৩/ সিংঘাৰাৰ আটা বা কুট্টুৰ আটা খাব পাৰে

বহু লোকে উপবাসৰ সময়ত সিংঘাৰাৰ আটা বা কুট্টুৰ আটা খায় ৷ উপবাসে থকা লোকসকলৰ বাবে এইটো এটা উত্তম বিকল্প, ই প্ৰ’টিন, আঁহ আৰু অন্যান্য পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ৷ ইয়াক ৰুটি, হালোৱা বা পৰঠা তৈয়াৰ কৰি খাব পাৰে ৷ যদি আপুনি নিমখীয়া খাদ্য নাখায় তেন্তে এই আটা ব্যৱহাৰ কৰি হালোৱাও বনাব পাৰে ৷

৪/ উপবাসৰ নিমখ

শিৱৰাত্ৰিৰ উপবাসত বহুতে স্বাভাৱিক নিমখ নাখায় ৷ কিন্তু, যদি আপুনি উপবাসৰ সময়ত নিমখ সেৱন কৰিব বিচাৰে তেন্তে আপুনি সেন্ধা নিমখ খাব পাৰে, যাক উপবাসৰ নিমখ বুলিও কোৱা হয় ৷ শিলৰ নিমখত আয়’ডিন, কেলচিয়াম আৰু অন্যান্য অত্যাৱশ্যকীয় খনিজ পদাৰ্থ থাকে, যিবোৰ শৰীৰৰ বাবে উপকাৰী ৷ এই নিমখ খালে হজম শক্তি উন্নত হয় ৷

কি খাব নালাগে ?

১/ ভজা আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰিব লাগে

উপবাসৰ সময়ত মানুহে প্ৰায়ে ভজা আৰু প্ৰচেছড খাদ্য গ্ৰহণ কৰে ৷ কিন্তু এই ধৰণৰ খাদ্যসমূহ পৰিহাৰ কৰিব লাগে কাৰণ এইবোৰ হজম কৰাত অসুবিধা হ’ব পাৰে আৰু শৰীৰৰ শক্তি কমি যাব পাৰে ৷ ইয়াৰ পৰিৱৰ্তে লঘু আৰু পুষ্টিকৰ উপাদান সমৃদ্ধ উপবাস খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ৷ আপুনি জাতিলাউ, ৰঙালাও, আলু আৰু চাগু আদি বস্তু খাব পাৰে, যিবোৰ হজম কৰিবলৈ লঘু আৰু খাবলৈ সোৱাদযুক্ত ৷

উপসংহাৰ

শিৱৰাত্ৰিত উপবাস কৰাটো আপোনাৰ বাবে অলপ কঠিন হ’ব পাৰে ৷ কিন্তু, যদি আপুনি উপবাসৰ সময়ত শৰীৰৰ শক্তি বজাই ৰাখিব বিচাৰে আৰু সুস্থ হৈ থাকিব বিচাৰে, তেন্তে বিশেষজ্ঞসকলে দিয়া এই উপবাসৰ পৰামৰ্শসমূহ মানি চলিব পাৰে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. মহাশিৱৰাত্ৰিৰ সৈতে ঐতিহাসিক মহাভৈৰৱ মন্দিৰৰ সম্পৰ্ক কি ? জানক ইয়াৰ ইতিহাসৰ বিষয়ে
  2. প্ৰেমৰ সম্পর্কত কিবা সমস্যা হৈ আছে নেকি তেন্তে শিৱ পূজাৰ দিনা কৰক এই কাম
  3. মহাশিৱৰাত্ৰিত এই কাম কৰিলে সন্তুষ্ট হ’ব মহাদেৱ, পূৰণ হ’ব সকলো মনোবাঞ্ছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.