ধেমাজি : ফাগুনৰ পচোৱা বতাহে সোমবাৰে নিশা ভয়ংকৰ ৰূপ ধাৰণ কৰাত নিমিষতে থানবান হৈ গ'ল বহুতো লোকৰ সপোনৰ ঘৰখন । পচোৱা বতাহৰ লগতে হোৱা প্ৰবল শিলাবৃষ্টিয়ে মুহূৰ্ততে বহুলোকৰ ঘৰ-বাৰী ধ্বংসস্তূপত পৰিণত কৰিলে । বহুতো লোকৰ ঘৰৰ মজিয়াত পৰা শিলে সৃষ্টি কৰিলে শুভ্ৰ আচ্ছাদনৰ । পুৱালৈকে এনে বৰফৰ আচ্ছাদন হৈ পৰিল অতি কঠিন ৷ লগে লগে নামি আহিল প্ৰচণ্ড শীত ।
এই শিলাবৃষ্টিত ধেমাজি জিলাৰ চিচিবৰগাঁও সমষ্টিৰ অধীনৰ বৃহত্তৰ চিৰিপানী,কামচি,লালুং তিনিআলি আৰু চিচিবৰগাঁও অঞ্চলত বিস্তৰ ক্ষতিসাধন হয় ৷ প্ৰবল শিলাবৃষ্টিত বহুলোকৰ ঘৰৰ টিনপাত ফুটা কৰি চালনী সদৃশ কৰাৰ লগতে পথাৰ আৰু বাৰীৰ ৰবি শস্যও নষ্ট কৰে । আনকি বহুতেই নিশাই নিৰাপদ আশ্ৰয় বিচাৰি ঢাপলি মেলিবলগীয়া হয় আনৰ ঘৰলৈ । অৱশ্যে এই শিলাবৃষ্টিত কোনো লোক হতাহত হোৱাৰ খবৰ বাতৰি লিখাৰ পৰলৈকে লাভ কৰা নাই ।
এই শিলাবৃষ্টিত বহুতো পৰিয়ালৰ ঘৰৰ চাল চালনী সদৃশ হোৱাত মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ক্ষতিগ্ৰস্ত লোকসকলে কি কৰিব, ক’লৈ যাব উৱাদিহ নোপোৱা হৈছে । এইক্ষেত্ৰত কেইবাটাও ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকে কয়, "কালি ১১:৩০ বজাত অহা শিল বৰষুণত চিৰিপানী লালুং আৰু কামচিৰ ৮০ শতাংশ লোক ক্ষতিগ্ৰস্ত হৈছে ।

শিল বেছিকৈ পৰাৰ ফলত বহুতো দৰিদ্ৰ লোকৰ ঘৰৰ টিনপাত ফুটা হয় ৷ সেয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ধেমাজি জিলা আয়ুক্তক অনুৰোধ জনাইছো যাতে থাকিবলৈ সমস্যা হোৱা ৰাইজক কিবা এটা সকাহ কৰে ৷ "