মুম্বাই : মহাকুম্ভ মেলা ২০২৫ ত নিজৰ আকৰ্ষণীয় চকুযুৰিৰে সকলোকে মতলীয়া কৰি তোলা মনালিছা ভোছলে এতিয়া বাতৰিৰ শিৰোনামত আছে ৷ মহাকুম্ভত কাৰোবাৰ চকুত পৰি এদিনতে ভাইৰেল হৈ পৰে মনালিছা ৷ ইমানেই চাৰিওফালে মনালিছা মনালিছা হ’বলৈ ধৰিলে যে উপায়বিহীন হৈ পৰিয়ালৰ লোকে ঘৰলৈ পঠিয়াই দিয়ে তেওঁক ৷
পিছে ভাগ্যৰ লিখন নাযায় খণ্ডন ৷ ভালে দিনে হাত বাউল দি মাতিছে মনালিছাক ৷ ভাইৰেল গাৰ্লক বিচাৰি ঘৰ ওলালগৈ চলচ্চিত্ৰ নিৰ্মাতা ৷ হয়, পৰিচালক সনোজ মিশ্ৰই তেওঁক লৈ নিৰ্মাণ কৰিবলৈ ওলাইছে এখন চিনেমা ৷ ‘‘দ্য ডায়েৰী অৱ মণিপুৰ’ শীৰ্ষক এই ছবিখনৰ বাবে চুক্তিবদ্ধ কৰিছে মনালিছাক, য’ত ৰাজকুমাৰ ৰাওৰ ডাঙৰ ভাতৃৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিব মনালিছাই ।
উল্লেখ্য যে, পৰিয়ালটোৰ আৰ্থিক দুৰৱস্থাৰ বাবে মনাই পঢ়াশুনা ত্যাগ কৰিছিল আৰু আগতে মালা বিক্ৰী কৰিছিল । ২০২৫ চনৰ মহাকুম্ভত ৰুদ্ৰাক্ষৰ গুটি বিক্ৰী কৰিছিল ভোছলেই ৷ মেলাতে কাৰোবাৰ চকুত পৰি ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰে যুৱতীগৰাকী ।
'মনালিছা' কোন ?
২০০৯ চনৰ ২১ জানুৱাৰীত মধ্য প্ৰদেশৰ মহেশ্বৰৰ এটা হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰা ‘মনালিছা’ৰ বয়স বৰ্তমান ১৬ বছৰ । 'মনালিছা'ৰ জন্ম এটা অতি সাধাৰণ আৰু দৰিদ্ৰ পৰিয়ালত হৈছিল, যাৰ বাবে ১২ বছৰ বয়সতে স্কুল এৰি পৰিয়ালৰ বিত্তীয় সহায়ৰ বাবে মালা বিক্ৰীৰ কাম কৰিছিল ।
আধাতে বাদ দিছিল পঢ়াশুনা
পঢ়াশুনা বাদ দি মনালিছাই তেওঁৰ পৰিয়ালৰ ব্যৱসায়ত সহায় কৰি আহিছে । তাৰ পৰিপ্ৰেক্ষিততে কুম্ভ মেলাত ৰুদ্ৰাক্ষৰ মণি বিক্ৰী কৰিবলৈ গৈছিল মনালিছা ভোছলে । সেই মেলাতে কাৰোবাৰ চকুত পৰে মনালিছা ৷ ফটো তুলি এৰি দিলে সামাজিক মাধ্যমত ৷ তাৰ মাত্ৰ কিছু সময়ৰ পাছতে ভাইৰেল হৈ পৰে মনালিছা ৷
ইণ্টাৰনেটত সকলোৱে ছাৰ্চ কৰিবলৈ ল’লে মহাকুম্ভৰ ভাইৰেল গাৰ্ল ৷ দৰাচলতে মনালিছা ভোছলেৰ চকুযুৰিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ বহুতে আনকি তেওঁক বলীউডৰ অভিনেত্ৰীসকলৰ সৈতেও তুলনা কৰিবলৈ আৰম্ভ কৰে । মনালিছাৰ গাঢ় বৰণ আৰু আকৰ্ষণীয় চকুৱে ছ'চিয়েল মিডিয়াত যথেষ্ট শিৰোনাম লাভ কৰিছে ।
তেওঁক লৈ চলি থকা আলোচনাৰ বাবে মানুহে মেলাত ‘মনালিছা’ক বিচাৰিৰ ভিৰ কৰিবলৈ আৰম্ভ কৰে ৷ এটা সময়ত এই জনপ্ৰিয়তা মনালিছাৰ বাবে হাৰাশাস্তি হৈ পৰে ৷ মানুহে ফটোৰ বাবে মনালিছাক টনাটনি কৰিবলৈ লয় ৷ উপয়ান্তৰ হৈ দেউতাকে মনালিছাক ঘৰলৈ পঠিয়াই দিয়ে ।
বলীউডৰ পৰা আহিল অফাৰ
মহাকুম্ভৰ পৰা ভাইৰেল হোৱা এই গৰাকী কিশোৰী এতিয়া নিজৰ সৌন্দৰ্য আৰু প্ৰতিভাৰ যাদুক ডাঙৰ পৰ্দাত বিয়পাই দিবলৈ সাজু হৈছে । গান্ধীগিৰি আৰু দ্য ডায়েৰী অৱ ৱেষ্ট বেংগলৰ দৰে ছবি নিৰ্মাণ কৰা পৰিচালক সনোজ মিশ্ৰই তেওঁৰ আগন্তুক ছবিৰ বাবে মনালিছাক চুক্তিবদ্ধ কৰিছে ।
হয়, সনোজে তেওঁৰ ছবি দ্য ডায়েৰী অৱ মণিপুৰৰ বাবে মনালিছাক চুক্তিবদ্ধ কৰিছে । ইয়াৰ বাবে মনালিছাইও পৰিয়ালৰ সন্মতি লাভ কৰিছে । এই ছবিখনত বিখ্যাত অভিনেতা ৰাজকুমাৰ ৰাওৰ জ্যেষ্ঠ ভাতৃ অমিত ৰাওৱে মুখ্য চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে ।
The Diary Of Manipur ত মনালিছাই এগৰাকী সেনা বিষয়াৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিব । পৰিচালকগৰাকীয়ে কয় যে যদি সকলো ঠিকে থাকে তেন্তে ছবিখনত মনালিছাই সেনা বিষয়াৰ কন্যাৰ চৰিত্ৰ লাভ কৰিব ।
প্ৰবীণ অভিনেতা অনুপম খেৰক সেনা বিষয়া হিচাপে নিৰ্বাচিত কৰা হৈছে, দীপক তিজোৰী, মুকেশ তিৱাৰী, অমিত ৰাওৰ দৰে আন প্ৰতিভাৱান অভিনেতাও ছবিখনৰ অংশ । এই ছবিখনৰ বাজেট ২০ কোটি টকা ধাৰ্য কৰা হৈছে ।
মনালিছাৰ প্ৰিয় অভিনেতা কোন ?
এইটো উল্লেখ কৰিব লাগিব যে মনালিছাৰ সদায় অভিনয়ৰ প্ৰতি আগ্ৰহ আছিল আৰু তেওঁ নিয়মীয়াকৈ ইনষ্টাগ্ৰাম একাউণ্টত ৰীলছ পোষ্ট কৰে । তেওঁৰ প্ৰিয় বলীউড অভিনেতা ছলমান খান আৰু প্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহা । The Diary Of Manipur চলচ্চিত্ৰখনৰ সৈতে মনালিছাৰ অভিনেত্ৰী হোৱাৰ সপোন সঁচা হ'বলৈ ওলাইছে ।
সনোজ কুমাৰ মিশ্ৰই ‘দ্য ডায়েৰী অৱ ৱেষ্ট বেংগল’, ‘শশাংক’, ‘গাজনৱী’, ‘শ্ৰীনগৰ’, ‘ৰাম কি জন্মভূমি’, ‘গান্ধীগিৰি’ আদি ছবি পৰিচালনা কৰিছে ।