নতুন দিল্লী : ভাৰতীয় ৰিজাৰ্ভ বেংকে সোমবাৰে প্ৰায় পাঁচ বছৰ পিছত প্ৰথমবাৰৰ বাবে পলিচি ৰেট ২৫ বেছিছ পইণ্ট কৰ্তন কৰি ৬.২৫ শতাংশলৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে । বিত্তীয় স্থিৰতা বজাই ৰাখি অৰ্থনৈতিক দক্ষতাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এই ঘোষণা কৰে আৰ বি আয়ে ।
ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে মুদ্ৰা নীতি সমিতিয়ে (Monetary Policy Committee, MPC) সৰ্বসন্মতিক্ৰমে পলিচী ৰেট বা ৰেপো ৰেট ২৫ বেছিছ পইণ্ট কৰ্তন কৰি ৬.২৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লয় ।
উল্লেখ্য যে অন্তিমবাৰ ২০২০ চনৰ মে' মাহত এই হাৰ কৰ্তন হৈছিল ২৫ বেছিছ পইণ্ট । এই হাৰৰ অন্তিম সংশোধন ২০২৩ চনৰ ফেব্ৰুৱাৰীত হৈছিল । ঊৰ্ধ্বমুখী সংশোধনত পলিচী ৰেট ২৫ বেছিছ পইণ্ট বৃদ্ধি হৈ ৬.৫ শতাংশ হৈছে ।
২০২৫-২৬ বৰ্ষৰ বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মহামাৰীৰ পিছত অৰ্থনীতিৰ গতি সৰ্বনিম্ন পৰ্যায়ত উপনীত হোৱাৰ পিছত মধ্যবিত্ত শ্ৰেণীক সকাহ দিবলৈ এই পৰ্যন্ত সৰ্ববৃহৎ কৰ ৰেহাই প্ৰদানৰ এসপ্তাহৰ ভিতৰতে সুদৰ হাৰ হ্ৰাস পাইছে ।
এই হাৰ বৃদ্ধি চক্ৰ একেৰাহে ছয়বাৰ বৃদ্ধিৰ পিছত ২০২৩ চনৰ এপ্ৰিলত স্থগিত ৰখা হৈছিল । ২০২২ চনৰ মে' মাহৰ পৰা ২৫০ বেছিছ গড় পইণ্ট কৰা হৈছিল ।
বাজেটৰ পিছত বিত্ত মন্ত্ৰণালয়ে এই কথা উল্লেখ কৰি হাৰ কৰ্তনৰ বিষয়টো উত্থাপন কৰিছিল যে বিত্তীয় আৰু মুদ্ৰা নীতিয়ে একেলগে কাম কৰিব লাগে ।
এইটো এনে এটা ইংগিত আছিল যে আৰ বি আয়ে হাৰ হ্ৰাস কৰিব লাগে, কিয়নো কেন্দ্ৰীয় বাজেটে আয়কৰ ৰেহাইকে ধৰি কেইবাটাও ব্যৱস্থা ঘোষণা কৰিছে ।
চলিত সপ্তাহৰ আৰম্ভণিতে বিত্ত সচিব তুহিন কান্তা পাণ্ডেই কৈছিল যে চৰকাৰে বিত্তীয় ঘাটি হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এক অনা-মুদ্ৰাস্ফীতিমূলক বাজেট প্ৰদান কৰিছে । লগতে আশা কৰে যে বিকাশত সহায় কৰিবলৈ আৰ বি আইৰ মুদ্ৰা নীতিয়ে বিত্তীয় নীতিৰ সৈতে একেলগে কাম কৰিব ।
২০২৫-২৬ বৰ্ষৰ বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে গুৰুত্বপূৰ্ণ আয়কৰ হ্ৰাসকে ধৰি কেইবাটাও পদক্ষেপ ঘোষণা কৰাৰ ফলত ১ কোটি কৰদাতা লাভান্বিত হৈছে ।
ইয়াৰ উপৰি চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ লগতে পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবেও বিত্তীয় ঘাটিৰ পূৰ্বানুমান উন্নত কৰিছে । বিত্তীয় বৰ্ষ ২০২৫-ৰ বাবে বিত্তীয় ঘাটি জি ডি পিৰ 4.8 শতাংশ হ্ৰাস কৰা হৈছে, যিটো বাজেটৰ 4.9 শতাংশতকৈ কম । আনহাতে, বিত্তীয় বৰ্ষ ২০২৬-ৰ বাবে এই ঘাটি 4.4 শতাংশ হ'ব বুলি অনুমান কৰা হৈছে ।