প্ৰ’টিন আৰু আঁহযুক্ত অংকুৰিত শস্য আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ কিছুমানে ইয়াক স্প্ৰাউট বুলিও কয় ৷ বিশেষকৈ জিমলৈ যোৱা আৰু ওজন কমাব বিচৰাসকলৰ বাবে ব্ৰেকফাষ্টৰ বাবে স্প্ৰাউট সৰ্বোত্তম বিকল্প ৷
ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে ৷ কেৱল এয়াই নহয়, কোষ্ঠকাঠিন্যৰ দৰে সমস্যা ৰোধ কৰে ৷ ওজন কমাব পৰাৰ উপৰিও স্প্ৰাউট খোৱাটোও স্বাস্থ্যৰ বাবে উপকাৰী ৷ বিশেষকৈ কেন্সাৰ আৰু হৃদৰোগৰ দৰে গুৰুতৰ ৰোগ প্ৰতিৰোধৰ বাবে ৷
কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে
স্প্ৰাউটত এন্টিঅক্সিডেন্টৰ উচ্চ উৎস ৷ ই শৰীৰত থকা ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ ইয়াৰ দ্বাৰা কেন্সাৰ হোৱাৰ সম্ভাৱনাও হ্ৰাস পায় ৷ স্প্ৰাউট খোৱাৰ ফলত কেন্সাৰৰ দৰে ৰোগৰ সম্ভাৱনা কম হয় ৷
হৃদৰোগ আঁতৰাই ৰাখে
স্প্ৰাউটত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে আৰু ভাল কলেষ্টেৰল বৃদ্ধি কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও ইয়াত থকা পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে খনিজ পদাৰ্থই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷ ইয়াৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনাও হ্ৰাস পায় ৷
পাচনতন্ত্ৰৰ বাবে উপকাৰী
স্প্ৰাউটত থকা আঁহবোৰ কোষ্ঠকাঠিন্য আৰু পেটৰ অন্যান্য সমস্যাত উপকাৰী ৷ ইয়াত থকা এনজাইমে পাচনতন্ত্ৰক শক্তিশালী কৰে ৷ এনে পৰিস্থিতিত যদি আপুনিও পেটৰ সমস্যাত ভুগি আছে তেন্তে স্প্ৰাউট খাবলৈ আৰম্ভ কৰক ৷
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
স্প্ৰাউটত বহু ধৰণৰ ভিটামিন আৰু অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে ৷ ইয়াৰ উপৰিও ইয়াত ভিটামিন চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ কেৱল এয়াই নহয়, ইয়াত থকা কেলৰিৰ পৰিমাণো কম থাকে, যিয়ে ওজন বৃদ্ধি ৰোধ কৰাত সহায় কৰে ৷