অসম

assam

ETV Bharat / health

স্নান কৰাৰ পিচত ভুলতো নকৰিব এই কাম, অন্যথা হ’ব ডাঙৰ লোকচান

Bathing Tips: স্নান কৰাৰ পিচত আমি কৰা কিছুমান ভুলে আমাৰ ছাল-চুলিৰ অভাৱনীয় ক্ষতি কৰে, যিয়ে আমাৰ সৌন্দৰ্য একেবাৰে নষ্ট কৰি পেলায় ৷ গা ধোৱাৰ পিচত কি সমূহ কাম আমি ভুলতো কৰিব নালাগে, আজি জানো আহক-

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 8:42 PM IST

Do not do this by mistake after taking a bath
স্নান কৰাৰ পিচত ভুলতেও নকৰিব এই কাম অন্যথা হ’ব ডাঙৰ লোকচান

স্নান কৰাৰ পিচত আমাৰ শৰীৰৰ পৰা এক প্ৰকাৰৰ ভাগৰ আঁতৰ হয় আৰু শৰীৰ তথা মনটো সতেজ অনুভৱ হয় ৷ দৈনিক গা ধোৱাৰ ফলত শৰীৰটো চাফা হয় আৰু আপোনাক বহু ৰোগৰ পৰা আঁতৰাই ৰাখে ৷ কিন্তু বহুসময়ত গা ধোৱাৰ পিচত আমি কৰা কিছুমান ভুলে আমাৰ ছাল-চুলিৰ অভাৱনীয় ক্ষতি কৰে, যিয়ে আমাৰ সৌন্দৰ্য একেবাৰে নষ্ট কৰি পেলায় ৷ গা ধোৱাৰ পিচত কি সমূহ কাম আমি ভুলতো কৰিব নালাগে, আজি জানো আহক-

মুখখন বেছিকৈ ঘঁহি নাথাকিব

কিছুমানে গা ধুই আহিয়েই মুখৰ পানী শুকুৱাবলৈ গামোচা বা টাৱেলখনৰে মুখখন খুব ঘঁহি থাকে ৷ কিন্তু এনেদৰে ঘঁহি থকাৰ ফলত ছালখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ৷ এনে পৰিস্থিতিত, মুখখনক নষ্ট হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ আপুনি টাৱেলখনৰে খুব লাহে লাহে চাপৰি মাৰি আপোনাৰ মুখখন শুকুৱাব ৷

তিতা চুলি ঘঁহি নাথাকিব

বহুতেই গা ধুই আহি চুলিখিনি ঘঁহি ঘঁহি শুকুৱাবলৈ চেষ্টা কৰে ৷ কিন্তু ই আপোনাৰ চুলি ক্ষতিগ্ৰস্ত কৰাৰ লগতে মানদণ্ডও নষ্ট কৰে ৷ গতিকে এনে নকৰি চুলিখিনি প্ৰাকৃতিকভাৱে শুকাবলৈ দিব ৷ ভালদৰে শুকুওৱাৰ পাচতহে চুলিত ফণী ব্যৱহাৰ কৰিব ৷

চুলি গামোছাৰে মেৰিয়াই নথ’ব

গা ধোৱাৰ পিচত চুলিত গামোচাখন মেৰিয়াই থোৱাতো বহু মহিলাৰে অভ্যাস ৷ কিন্তু এই অভ্যাসটো চুলিৰ বাবে খুবেই ক্ষতিকাৰক ৷ এনে কৰাৰ ফলত গামোচাত চুলি পাক খায় আৰু চিঙিবলৈ আৰম্ভ কৰে ৷ যিয়ে, চুলিখিনিক গুৰিৰ পৰা দুৰ্বল কৰে ৷

সমগ্ৰ শৰীৰতে মইশ্বৰাইজাৰ অন্যথা তেল সানিব

সকলোৱে গা ধোৱাৰ পিচত মুখখনত ক্ৰীম সানে যদিও শৰীৰৰ বাকী অংশ আৰ্দ্ৰ নকৰে ৷ গা ধোৱাৰ পিচত গোটেই শৰীৰটো শুকান হৈ পৰে ৷ সেয়েহে মুখৰ সৈতে গোটেই শৰীৰৰ ছালতে তেল বা মইশ্বৰাইজাৰ সানিব ৷

লগতে পঢ়ক:40ৰ পিচত ওজন হ্ৰাস কৰাটো কঠিন হৈ পৰিছে ? তেন্তে পুষ্টিবিদে আপোনাক দিব ইয়াৰ উপায়

ABOUT THE AUTHOR

...view details