অসম

assam

ETV Bharat / health

এইসমূহ সোৱাদযুক্ত খাদ্যৰ সৈতে উদযাপন কৰক 75 সংখ্যক গণৰাজ্য দিৱস - 75 সংখ্যক গণৰাজ্য দিৱস

Easy Republic Day Recipes : 26 জানুৱাৰী তাৰিখে সমগ্ৰ দেশে উদযাপন কৰিব 75 সংখ্যক স্বাধীনতা দিৱস ৷ এই উপলক্ষে ঘৰতে আপুনিও ভাৰতীয় জাতীয় পতাকাৰ ৰঙৰ ৰেচিপি তৈয়াৰ কৰিব বিচাৰে নেকি ? তেন্তে আমি আপোনালোকৰ বাবে লৈ আহিছো কিছুমান বিশেষ ত্ৰিৰঙী ৰেচিপি যাক আপুনি সহজে ঘৰতে তৈয়াৰ কৰিব পাৰে ৷

Celebrate the 75th Republic Day with these delicious dishes
এইসমূহ সোৱাদযুক্ত খাদ্যৰ সৈতে উদযাপন কৰক 75 সংখ্যক গণৰাজ্য দিৱস

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 2:00 PM IST

26 জানুৱাৰী তাৰিখে সমগ্ৰ দেশে উদযাপন কৰিব 75 সংখ্যক স্বাধীনতা দিৱস, যদি আপুনিও দেশপ্ৰেমৰ ৰঙত ডুব গৈ আপোনাৰ পাকঘৰত কিছুমান সোৱাদযুক্ত ভাৰতীয় জাতীয় পতাকাৰ ৰঙৰ ৰেচিপি তৈয়াৰ কৰিব বিচাৰে ৷ তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে এই খাদ্যবোৰ খাই ভালপায় ৷ আপুনিও এই ৰেচিপিসমূহেৰে আপোনাৰ পৰিয়ালৰ সৈতে উদযাপন কৰক 75 সংখ্যক স্বাধীনতা দিৱস ৷

ত্ৰিৰংগ পুলাও

এই গণৰাজ্য দিৱসক বিশেষ কৰি তুলিবলৈ আপুনি পৰিয়ালৰ সৈতে সুস্বাদু তথা সুগন্ধিদায়ক ত্ৰিৰংগ পুলাও তৈয়াৰ কৰি ইয়াৰ সোৱাদ উপভোগ কৰিব পাৰে ৷ ইয়াৰ ত্ৰিৰংগ পাবলৈ চাউলখিনি কুকাৰত ঘিউ দি গোটা মছলাৰ সৈতে পালেং আৰু কেশৰ দি পৃথকে পৃথকে ৰান্ধি প্ৰস্তুত কৰক ৷

গণৰাজ্য দিৱস বিশেষ ৰেচিপি

ত্ৰিৰংগ চেণ্ডুইচ -

ত্ৰিৰংগ চেণ্ডউইচ বনাবলৈ ব্ৰেড স্লাইচ, বিলাহী, তিয়ঁহ, পনীৰৰ টুকুৰা, মাখন, মেয়নেজ, টমেটো কেচাপ আৰু সেউজীয়া চাটনিৰ প্ৰয়োজন হ’ব ৷ ইয়াৰ পিচত আপোনাৰ চেণ্ডুইচ ব্ৰেকফাষ্টত পৰিবেশন কৰিবলৈ সাজু হৈ গৈছে ৷ গণৰাজ্য দিৱসৰ পুৱা পৰিয়ালৰ সৈতে একেলগে উপভোগ কৰক ৷

ত্ৰিৰংগ পৰঠা -

ত্ৰিৰংগ পৰঠা বনাবলৈ তিনি প্ৰকাৰৰ আটা গুড়ি ল’ব লাগিব ৷ এই পৰঠা সেউজীয়া আটাৰ বাবে পালেং পিউৰি আৰু কেশৰৰ বাবে বিলাহীৰ পিউৰি ব্যৱহাৰ কৰি তৈয়াৰ কৰিব পাৰি ৷

ত্ৰিৰংগ পাস্তা চালাড-

ত্ৰিৰংগ পাস্তা বনাবলৈ প্ৰথমে এটা বাটিত চালাড ড্ৰেছিং, বিলাহী, অলিভ, তুলসী দি সকলো ভালদৰে মিহলাই লওক ৷ ইয়াৰ পিছত ইয়াত কুটি লোৱা পনীৰ দিব ৷ আপোনাৰ স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত ত্ৰিৰংগ পাস্তা সাজু হৈছে ৷

ত্ৰিৰংগ ইডলি-

ত্ৰিৰংগ ইডলি বনাবলৈ প্ৰথমে কমলা ৰঙৰ বেটাৰ প্ৰস্তুত কৰক, যাৰ বাবে সেউজীয়া ৰঙৰ বাবে অলপ কুটি লোৱা বিলাহী আৰু অলপ ব্লাঞ্চ কৰা পালেং গ্ৰেভি দিব ৷ এতিয়া ষ্টীমাৰৰ প্লেটখনত মাখন দি তিনিটা ৰঙেৰে প্ৰস্তুত কৰা বেটাৰখিনি পৃথকে পৃথকে ষ্টীমাৰত ভৰাই ত্ৰিৰংগ ইডলি প্ৰস্তুত কৰক ৷

ত্ৰিৰংগ পেৰা-

গণৰাজ্য দিৱস আৰু এই উপলক্ষে মিঠা খাদ্য নোহোৱাকৈ সম্পূৰ্ণ হ’ব পাৰে নেকি | সেয়ে এই উপলক্ষে আপুনি ঘৰতে ত্ৰিৰংগ পেৰা প্ৰস্তুত কৰিব পাৰে ৷ ত্ৰিৰংগ মিঠাই প্ৰস্তুত কৰিবলৈ গাখীৰ, খয়া, মিল্ক মেইট আৰু ইলাচী ব্যৱহাৰ কৰিব লাগে ৷ ইয়াৰ বাবে এখন নন ষ্টিকি কেৰাহীত গাখীৰখিনি ভালদৰে উতলিবলৈ দি গাঢ় হ’লে তাত খয়া বাদামী ৰং হোৱালৈকে ৰান্ধক ৷

ইয়াৰ পিচত ইয়াত মিল্কমেইটখিনি ঢালি দিয়ক যিমান মিঠা আপুনি খাব বিচাৰে ৷ ইয়াৰ পিচত ইলাচীৰে গাৰ্ণিচং কৰি ৷ পৰিয়ালৰ সৈতে একেলগে উপভোগ কৰি গণৰাজ্য দিৱসক বিশেষ কৰি তুলিবলৈ চেষ্টা কৰিব পাৰে ৷

লগতে পঢ়ক :দূৰ হ’ব ছালৰ মিহি ৰেখা তথা দাগ ! কেৱল এবাৰ ব্যৱহাৰ কৰক এই প্ৰাকৃতিক ফেচ মাস্ক

ABOUT THE AUTHOR

...view details