হায়দৰাবাদ:প্ৰতি বছৰে ২১ নৱেম্বৰত বিশ্বই বিশ্ব দূৰদৰ্শন দিৱস উদযাপন কৰে ৷ আমাৰ জীৱনত দূৰদৰ্শনৰ পৰিৱৰ্তনশীল ভূমিকাক সন্মান জনোৱাৰ বাবে উৎসৰ্গিত দিনটো । ষ্ট্ৰীমিং সেৱাৰ প্ৰসাৰ আৰু ইণ্টাৰনেটৰ উত্থানৰ সৈতে দূৰদৰ্শনৰ গুৰুত্ব হ্ৰাস পাই আহিছে । অৱশ্যে, বিশ্ব টেলিভিছন দিৱসে আমাক আমাৰ সংস্কৃতি, সমাজ আৰু ব্যক্তিগত জীৱনক দশকজুৰি গঢ় দিয়াত দূৰদৰ্শনে যথেষ্ট প্ৰভাৱ পেলাইছে বুলি সোঁৱৰাই দিয়ে ।
বিশ্ব টেলিভিছন দিৱসৰ ইতিহাস
১৯২৭ চনত আমেৰিকাৰ উদ্ভাৱক ফিলো টেইলৰ ফাৰ্নছৱৰ্থে প্ৰথম বৈদ্যুতিক টেলিভিছন নিৰ্মাণ কৰিছিল যিয়ে তথ্য আৰু মনোৰঞ্জন লাভ কৰাৰ ধৰণত বৈপ্লৱিক পৰিৱৰ্তন আনিছিল । কিন্তু চাৰ্লছ ফ্ৰান্সিছ জেনকিন্সৰ প্ৰথম যান্ত্ৰিক টেলিভিছন ষ্টেচন W3XK এ এবছৰৰ পিছত প্ৰথমটো অনুষ্ঠান সম্প্ৰচাৰ কৰিছিল, যিয়ে টেলিভিছন জৰিয়তে যোগাযোগ চিহ্নিত কৰিছিল ৷
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯৬ চনৰ ১৭ ডিচেম্বৰত ৫১/২০৫ নং প্ৰস্তাৱৰ জৰিয়তে ২১ নৱেম্বৰক বিশ্ব টেলিভিছন দিৱস হিচাপে ঘোষণা কৰে । সেই বছৰতে ৰাষ্ট্ৰসংঘই ২১-২২ নৱেম্বৰত প্ৰথম বিশ্ব টেলিভিছন মঞ্চৰ আয়োজন কৰিছিল, য’ত সংবাদ মাধ্যমৰ আগশাৰীৰ ব্যক্তিসকলে একত্ৰিত হৈ দ্ৰুতগতিত পৰিৱৰ্তিত পৃথিৱীখনত টেলিভিছনৰ বিৱৰ্তনশীল শক্তিৰ বিষয়ে আলোচনা কৰিছিল ।
মঞ্চখনে গুৰুত্ব আৰোপ কৰে যে কেনেকৈ টেলিভিছনক এটা আহিলা হিচাপে শান্তি, বুজাবুজি আৰু বিশ্ব সজাগতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰি, কিয়নো ই ভৌগোলিক সীমা অতিক্ৰম কৰি মানুহক একত্ৰিত কৰিব পাৰে ।
বিশ্ব টেলিভিছন দিৱসৰ তাৎপৰ্য
বিশ্ব দূৰদৰ্শন দিৱসে আধুনিক সমাজত দূৰদৰ্শনৰ সৃষ্টি আৰু নিৰন্তৰ প্ৰাসংগিকতা উদযাপন কৰে । বিগত বছৰবোৰত দূৰদৰ্শনৰ বিকাশ হৈছে, ই যোগাযোগৰ এক আধাৰশিলা হৈ আছে ৷ সমগ্ৰ বিশ্বৰ কোটি কোটি লোকৰ মাজত বাতৰি, মনোৰঞ্জন আৰু সাংস্কৃতিক বিনিময় ঘটিছে দূৰদৰ্শনৰ বাবে । নতুন যুগৰ মাধ্যমৰ উত্থান স্বত্বেও, দূৰদৰ্শন ইয়াৰ বাস্তৱ-সময়ৰ সম্প্ৰচাৰ আৰু উচ্চ মানদণ্ডৰ সমলৰ বাবে এতিয়াও এক প্ৰিয় মাধ্যম হৈ আছে ।
বৰ্তমান যুগত দূৰদৰ্শন বিশেষভাৱে গুৰুত্বপূৰ্ণ । ই গুৰুত্বপূৰ্ণ বাতৰি, তথ্যচিত্ৰ, শৈক্ষিক কাৰ্যসূচী আৰু মনোৰঞ্জন প্ৰদান কৰি আহিছে যি জনমত গঠন কৰে আৰু বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰে । বাতৰিৰ প্ৰাথমিক উৎস হোৱাৰ পৰা মনোৰঞ্জনৰ পথ হোৱালৈকে, দূৰদৰ্শনে কেইবা দশক ধৰি ইয়াৰ গুৰুত্ব বজাই ৰাখিছে । লাখ লাখ লোকৰ বাবে, তেওঁলোকৰ প্ৰিয় টিভি অনুষ্ঠান আৰু বাতৰি চোৱাটো এটা দৈনিক ৰীতি ।
ভাৰতত টেলিভিছনৰ প্ৰভাৱ
ভাৰতত দূৰদৰ্শনৰ এক সমৃদ্ধ আৰু সাংস্কৃতিক বৈচিত্ৰ্যপূৰ্ণ ইতিহাস আছে । ১৯৫৯ চনত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা (UNESCO)ৰ সহায়ত ইয়াক প্ৰথমবাৰৰ বাবে দেশত প্ৰৱৰ্তন কৰা হৈছিল । প্ৰথম ৰাষ্ট্ৰীয় দূৰদৰ্শন চেনেল দূৰদৰ্শন হৈছে এনে এক মাধ্যম যিয়ে কেইবা দশক ধৰি ভাৰতীয়সকলক মনোৰঞ্জন দিছিল । কিন্তু আশীৰ দশকৰ আৰম্ভণিতহে ৰামায়ণ আৰু মহাভাৰতৰ দৰে আইকনিক শ্ব’ আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় টেলিভিছনৰ জনপ্ৰিয়তা বৃদ্ধি পায়, যিয়ে অপৰিসীম ৰাষ্ট্ৰীয় অনুগামী লাভ কৰে । এই অনুষ্ঠানসমূহ সাংস্কৃতিক পৰিঘটনাত পৰিণত হৈছিল, যিয়ে ভাৰতীয় সমাজ আৰু সংবাদ মাধ্যমৰ পৰিৱেশ গঢ় দিয়াত অৰিহণা যোগাইছিল ।
নব্বৈৰ দশকত কেবল টিভিৰ প্ৰচলনৰ ফলত নতুন চেনেলৰ জন্ম আৰু অধিক বৈচিত্ৰ্যপূৰ্ণ অনুষ্ঠানৰ সৃষ্টি হয় । ফলত টেলিভিছনৰ বিকাশ ঘটি বহুমাত্ৰিক মঞ্চলৈ পৰিণত হয় ৷ সাহে সাহেই সামাজিক আচৰণক প্ৰভাৱিত কৰাৰ লগতে সজাগতাক প্ৰসাৰিত কৰিবলৈ লয় আৰু দৰ্শকক বিভিন্ন ধৰণে মনোৰঞ্জন দিয়ে ।
টিভিৰ পৰা কেৰিয়াৰ আৰম্ভ কৰা বলীউডৰ তাৰকাসকল
বিশ্ব দূৰদৰ্শন দিৱসত কেৱল এটা মাধ্যম হিচাপেই দূৰদৰ্শনৰ গুৰুত্ব উদযাপন কৰা নহয়, ইয়াৰ লগতে বলীউডলৈ বাট বুলাৰ আগতে টিভিত কেৰিয়াৰ আৰম্ভ কৰা অভিনেতাসকলৰ যাত্ৰাৰ ওপৰতো আলোকপাত কৰা হয় । ইয়াত বলীউডৰ তাৰকাসকলৰ এখন তালিকা দিয়া হৈছে যিসকলে তেওঁলোকৰ কেৰিয়াৰৰ পাতনি দূৰদৰ্শনৰ জৰিয়তে মেলিছিল-