ETV Bharat / entertainment

ত্ৰিবেণী সংগমত ডুব মাৰি নিজৰ পিণ্ড দান ! অভিনেত্ৰীয়ে গ্লেমাৰাছ পৃথিৱী এৰি যোৱাৰ ভিডিঅ’ চাওক - MAMTA KULKARNI MAI MAMTA NAND GIRI

মমতা কুলকাৰ্ণীয়ে কিন্নৰ আখাড়াত আচাৰ্য মহামণ্ডলেশ্বৰ ড৹ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীৰ পৰা দীক্ষা লাভ কৰে ৷ তেওঁ সনাতন ধৰ্ম প্ৰচাৰৰ বাবে গোটেই জীৱন উছৰ্গা কৰিছে ।

actor mamta kulkarni becomes mai mamta nand giri in maha kumbh offered pind daan of herself and her family at sangam
মমতা কুলকাৰ্ণী (Photo : ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : Jan 25, 2025, 12:12 PM IST

প্ৰয়াগৰাজ (উত্তৰ প্ৰদেশ) : বলীউডৰ অভিনেত্ৰী মমতা কুলকাৰ্ণীয়ে মহাকুম্ভ মেলাত গ্লেমাৰাছ জীৱন ত্যাগ কৰাৰ সিদ্ধান্ত লয় । কিন্নৰ আখাড়াই তেওঁক মহামণ্ডলেশ্বৰ উপাধি প্ৰদান কৰে । অভিনেত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে সংগমস্থলৰ পাৰত নিজৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ পিণ্ড দান কৰে ।

কিন্নৰ আখাড়াত তেওঁৰ ৰাজ অভিষেক কৰা হয় । আচাৰ্য মহামণ্ডলেশ্বৰ ড৹ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী এতিয়া মমতা কুলকাৰ্ণীৰ নতুন পথ প্ৰদৰ্শক । অভিনেত্ৰীগৰাকীৰ নাম সলনি কৰি মাই মমতা নন্দ গিৰি ৰখা হৈছে । আচাৰ্য মহামণ্ডলেশ্বৰৰ মতে, মমতাক বৃন্দাবনত অৱস্থিত আশ্ৰমৰ দায়িত্ব দিয়া হ’ব । এতিয়া তেওঁৰ সমগ্ৰ জীৱন সনাতন ধৰ্ম প্ৰচাৰৰ বাবে উৎসৰ্গিত হ’ব ।

মমতা কুলকাৰ্ণীৰ দীক্ষা গ্ৰহণ (ETV Bharat)

মমতাই কয়, "মই ভক্তগুৰু লক্ষ্মী নাৰায়ণক বাছি লৈছো । আজি মই মহাশক্তিৰ আদেশ পাইছো । মোৰ সৌভাগ্য যে মই এগৰাকী অৰ্ধ-নাৰীৰ হাতেৰে অভিষেক লাভ কৰিছো । ২০০০ চনত তপস্যা আৰম্ভ কৰিছিলো । চাওতে চাওতে ২৩ বছৰ হ'ল । মহামণ্ডলেশ্বৰৰ পদৰ বাবে মোৰ বহুবাৰ পৰীক্ষা কৰা হৈছে । ধ্যান কৰি আহিছো । পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এই পদটো পাইছো ।"

হতাশ হোৱা অনুৰাগীসকলৰ সন্দৰ্ভত মমতাই কয়, "মোৰ অনুৰাগীসকলৰ এই বিষয়ে জানি খং উঠিছে । সকলোৱে ভাবিছিল যে মই বলীউডলৈ উভতি আহিম । কিন্তু ভগৱানৰ যি ইচ্ছা সেয়াই কৰিব লাগিব । মহাকালৰ ইচ্ছাৰ আগত কাৰো ক্ষমতা নাই । তেওঁৱেই হৈছে সৰ্বোচ্চ ব্ৰহ্ম ৷"

লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীয়ে কয়, "মমতা কুলকাৰ্ণী আৰু জুনা আখাড়াৰ মহিলা মহামণ্ডলেশ্বৰে যোৱা নিশা তেওঁক লগ কৰিবলৈ আহিছিল । সনাতন ধৰ্মৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছে । তেওঁ আগতে জুনা আখাড়াৰ এজন মহামণ্ডলেশ্বৰৰ সৈতেও জড়িত আছিল । সনাতনৰ প্ৰতি তেওঁৰ প্ৰৱণতা দেখি মই তেওঁক মহামণ্ডলেশ্বৰ বনোৱাৰ সিদ্ধান্ত লৈছিলো । তেওঁ এগৰাকী অভিনেত্ৰী, তথাপিও তেওঁ সনাতন ধৰ্মক সেৱা আগবঢ়াবলৈ যি নিষ্ঠাৰে চেষ্টা কৰি আছে তাক দেখি এই পদত নিযুক্তি দিয়া হৈছে ৷"

নব্বৈৰ দশকৰ এগৰাকী বিখ্যাত অভিনেত্ৰী মমতা কুলকাৰ্ণী । কিন্নৰ আখাড়াই মমতা কুলকাৰ্ণীক মহামণ্ডলেশ্বৰ কৰি তুলিছে । এই বিষয়টো স্বয়ং কিন্নৰ আচাৰ্য মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীয়ে নিশ্চিত কৰিছে । সংবাদ মাধ্যমৰ সৈতে কথা পাতি তেওঁ কয় যে সনাতন ধৰ্মত বিশ্বাসী অভিনেত্ৰী মমতা কুলকাৰ্ণী এতিয়া মাই মমতা নন্দ গিৰি নামেৰে পৰিচিত হ’ব । মমতাই সংগমৰ পাৰত চুলি কাটি নিজৰ লগতে পৰিয়ালৰ চুলি দান কৰি নতুন পথত আগবাঢ়িছে । এতিয়া তেওঁ বিশ্বনাথ মন্দিৰ আৰু অযোধ্যা পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে ।

মমতা কুলকাৰ্ণী বহু বছৰ ধৰি সন্ধানহীন হৈ আছিল । প্ৰায় ২৫ বছৰৰ পিছত, তেওঁ মায়ানাগৰী মুম্বাইলৈ উভতি আহে । ডাঙৰ ড্ৰাগছ মাফিয়াৰ সৈতে তেওঁৰ নাম জড়িত হোৱাৰ পিছত মমতাই ভাৰত ত্যাগ কৰিছিল আৰু শেহতীয়াকৈ ড্ৰাগছৰ গোচৰত ক্লিন চিট লাভ কৰিছে । তাৰ পিছত তেওঁ সনাতন ধৰ্মৰ বিশ্বাস কৰি জনসেৱাত নিজৰ জীৱন উৎসৰ্গা কৰে ।

লগতে পঢ়ক : আত্মপ্ৰকাশ কৰা ছবিখনেই হৈছিল ডাঙৰ হিট, কিন্তু মোহ এৰি আঁকোৱালি ল’লে আধ্যাত্মিকতাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.