গুৱাহাটী : সমগ্ৰ দেশৰ লগতে অসমতো দেওবাৰে উলহ-মালহেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে । গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায় । ৰাজ্যপালে তেওঁৰ দীঘলীয়া ভাষণত ৰাজ্যখনৰ প্ৰগতিৰ বাবে চৰকাৰখনে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ লগতে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে । ৰাজ্যবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই ৰাজ্যপালে বীৰ শ্বহীদলৈ শ্রদ্ধা জ্ঞাপন কৰে ।
ৰাজ্যপালে বিকশিত অসমৰ বিভিন্ন দিশ উল্লেখ কৰি কয়, "মা কামাখ্যাৰ ভূমি আৰু শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ তথা লাচিত বৰফুকন, কনকলতা বৰুৱা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ড৹ ভূপেন হাজৰিকা আদিৰ দৰে কিংবদন্তিসকলে বাস কৰি যোৱা এই পৱিত্ৰ ভূমিৰ অংশ হ’বলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ । আজি অসমত বিকাশৰ নতুন নতুন খণ্ড উন্মোচিত হৈছে । বিগত বছৰটোত ৰাজ্যখনত শান্তি স্থাপন, আন্তঃগাঁথনি উন্নয়ন, সমাজ কল্যাণ, অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি পৰিলক্ষিত হৈছে । বহনক্ষম উন্নয়ন আৰু সমাবেশী বিকাশৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো, যাতে উন্নয়নৰ সুফলসমূহ দূৰৱৰ্তী গাঁৱৰ পৰা আৰম্ভ কৰি আমাৰ নগৰাঞ্চললৈ প্ৰতিজন নাগৰিকে লাভ কৰে । দীৰ্ঘদিনীয়া সংঘাতৰ সফল সমাধান, আন্তঃগাঁথনিগত উন্নয়ন আৰু লক্ষ্য নিৰ্দ্ধাৰিত সমাজ কল্যাণমূলক আঁচনিসমূহে জীৱন ধাৰণৰ মানৰ পৰিৱৰ্তন ঘটাইছে, যিয়ে এক ঐক্যবদ্ধ আৰু সমৃদ্ধিশালী অসমৰ প্ৰতি থকা আমাৰ দৃষ্টিভংগীক শক্তিশালী কৰি তুলিছে । শিক্ষা, স্বাস্থ্যসেৱা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত অসমে লাভ কৰা সাফল্যই এখন সুস্থ, সবল আৰু দক্ষ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত থকা আমাৰ সংকল্পকে প্ৰতিপন্ন কৰে ।"
76वें गणतंत्र दिवस पर गुवाहाटी के वेटनरी काॅलेज फील्ड में तिरंगा फहराया और भव्य परेड देखी। इस पावन अवसर पर असम के सभी वर्गों के लोगों को राज्य की प्रगति और समृद्धि में सहभागिता निभाने के लिए बधाई और शुभकामनाएं दीं।
— लक्ष्मण प्रसाद आचार्य (Lakshman Prasad Acharya) (@Laxmanacharya54) January 26, 2025
जय हिंद!@rashtrapatibhvn@narendramodi pic.twitter.com/zfPDqcPqqT
ৰাজ্যপালে লগতে কয়, "অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন গড়ে ১৩ শতাংশ হাৰত বৃদ্ধি পাইছে । ২০২৩-২৪ বিত্তীয় বৰ্ষত ই প্ৰায় ৫.৭০ লাখ কোটি টকা হ’ব বুলি প্ৰক্ষেপ কৰা হৈছে । যিয়ে ৰাষ্ট্ৰীয় গড় ৯.৬ শতাংশৰ তুলনাত ১৯ শতাংশৰে উল্লেখযোগ্য বৃদ্ধি প্ৰতিফলিত কৰিছে । একেটা বৰ্ষৰ জনমূৰি আয় প্ৰায় ১.৬ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে, যিটো পূৰ্বৰ বৰ্ষৰ তুলনাত ১৮ শতাংশ অধিক । অসম এজেণ্ডা ২০৩০ আৰম্ভ কৰি বহনক্ষম উন্নয়নৰ লক্ষ্যক উন্নয়নৰ পৰিকল্পনাত একত্ৰিত কৰা প্ৰথম ৰাজ্যসমূহৰ ভিতৰত অসম এখন অন্যতম ৰাজ্য । ৰাজ্যখনে SDG ইণ্ডিয়া সূচাংকত ‘আকাংক্ষিত’ৰ পৰা ‘ফ্ৰন্ট ৰানাৰ’লৈ গতি কৰি নিজৰ প্ৰদৰ্শন ক্ৰমাগতভাৱে উন্নত কৰিছে । দেশৰ ভিতৰতে সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰি অসমে লক্ষ্য ৭ (সুলভ আৰু স্বচ্ছ শক্তি)ত উপনীত হৈছে, যিয়ে সমাজৰ সকলো শ্ৰেণীৰ বাবে সামগ্ৰিক আৰু বহনক্ষম উন্নয়নৰ মঞ্চ তৈয়াৰ কৰিছে ।"
ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি আৰু শান্তি স্থাপনৰ প্ৰসংগত ৰাজ্যপালে কয়, "অসম আৰক্ষী আৰু চৰকাৰৰ আন্তৰিক প্ৰচেষ্টাৰ ফলস্বৰূপে ঐতিহাসিক বন্দোবস্তিৰ চুক্তিত স্বাক্ষৰ কৰি বহু বিদ্ৰোহী গোটে অস্ত্ৰ সম্বৰণ কৰিছে । নিচাজাতীয় দ্ৰব্যৰ প্ৰতি ৰাজ্য চৰকাৰৰ শূন্য সহনশীলতা অভিযান অসম আৰক্ষীয়ে সফলতাৰে আগবঢ়াই নিছে । ফলত এন ডি পি এছ আইনৰ অধীনত ১০ হাজাৰতকৈ অধিক গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ১৭ হাজাৰৰো অধিক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে । ধাৰাবাহিক প্ৰচেষ্টাৰ ফলস্বৰূপে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধো ২০২৩ চনৰ ১২ হাজাৰৰো অধিক সংখ্যকৰ বিপৰীতে ২০২৪ চনত প্ৰায় ৫,০০০ লৈ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে । অসম আৰক্ষীয়েও বাল্য বিবাহৰ বিৰুদ্ধে সাহসী স্থিতি গ্ৰহণ কৰি যোৱা বছৰলৈকে ৬০০০ৰো অধিক গোচৰ পঞ্জীয়ন কৰিছে । বৰ্তমান চৰকাৰৰ কাৰ্যকালত আৰক্ষীয়ে মানৱ সৰবৰাহৰ ৪৫০টা গোচৰ পঞ্জীয়ন কৰিছে, প্ৰায় ৭০০ গৰাকী মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু প্ৰায় ৯০০ গৰাকী মানৱ সৰবৰাহৰ বলি হোৱা লোকক উদ্ধাৰ কৰিছে । চৰকাৰৰ “দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা” নীতি অনুসৰণ কৰি ২০২৪ চনত সমগ্ৰ ৰাজ্যখনতে ৫৯ গৰাকী বিষয়া-কৰ্মচাৰীক হাতে-লোটে ধৰা হৈছে ।"
ৰাজ্যপালে লগতে কয়, "বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে আঠখন জিলা ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, মৰিগাঁও, শোণিতপুৰ, কামৰূপ, গোৱালাপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত জলবায়ু স্থিতিস্থাপক ব্ৰহ্মপুত্ৰ সংহত বান আৰু গৰাখহনীয়া আশংকা ব্যৱস্থাপনা প্ৰকল্প ৰূপায়নৰ কাম চলি আছে । যাৰ দ্বাৰা ক্ষতিগ্ৰস্ত এলেকাসমূহত দীৰ্ঘম্যাদী প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব পৰা যাব । শেহতীয়াকৈ নতুন চিকিৎসা মহাবিদ্যালয়, নাৰ্চিং মহাবিদ্যালয় প্রতিষ্ঠাৰ লগতে বি ফাৰ্মা পাঠ্যক্ৰমৰ সম্প্ৰসাৰণ কৰা হৈছে । আগন্তুক শৈক্ষিক বৰ্ষত গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হৈ উঠিব । ২০২৬-২৭ বৰ্ষত চৰাইদেউ, বিশ্বনাথ আৰু বঙাইগাঁৱত আৰু তিনিখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজ আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে । কৰিমগঞ্জ, তামুলপুৰ, ধেমাজি, মৰিগাঁও, গোলাঘাট, আৰু শিৱসাগৰত আৰু ছখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম চলি আছে । আমি মাজুলী আৰু গোৱালপাৰাত দুখন ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ লগতে কোকৰাঝাৰ, বাক্সা, মৰিগাঁও, আৰু কলিয়াবৰত চাৰিখন আয়ুস চিকিৎসালয় আৰু গোৱালপাৰাত এখন নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন কৰিছো । জাইকাৰ পুঁজিৰে অসম স্বাস্থ্য ব্যৱস্থা সবলীকৰণ প্ৰকল্প আৰু বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত এ এছ এছ আই এছ টি প্ৰকল্পৰ জৰিয়তে ৭খন নতুন জিলা চিকিৎসালয় আৰু আই আই টি-গুৱাহাটীত এখন অত্যাধুনিক চিকিৎসালয় নিৰ্মাণ কৰা হ’ব ।
"আনহাতে ২০২১ চনৰ পৰা বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰা হৈছে। চাহ বাগিচা এলেকাত ২৫০ খনতকৈও অধিক মাধ্যমিক বিদ্যালয়, ১০০ খন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় আৰু ১১৮ খন আদৰ্শ হাইস্কুল নিৰ্মাণ কৰা হৈছে । অসমৰ আদৰ্শ বিদ্যালয়সমূহত বৈদিক গণিত প্ৰৱৰ্তন কৰা হৈছে লগতে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য আৰু আৱেগিক সুস্থতাৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । উচ্চ শিক্ষাৰ ক্ষেত্ৰতো আন্তঃগাঁথনি উন্নয়নত অভূতপূৰ্ব সাফল্য পৰিলক্ষিত হৈছে । আনহাতে খোৱাপানীৰ ক্ষেত্রত ৫৮ লাখতকৈ অধিক কাৰ্যক্ষম ঘৰুৱা টেপ সংযোগ ব্যৱস্থাৰে ৰাজ্যখনে প্ৰায় ৮০ শতাংশ পৰিয়ালক সামৰি ল’বলৈ সক্ষম হৈছে । অনাময় ক্ষেত্ৰত অসমত বিভিন্ন সামূহিক প্ৰয়োজনীয়তা পূৰণ কৰি ৩,২০০ৰো অধিক সমুহীয়া অনাময় চৌহদ নিৰ্মাণ কৰা হৈছে । আৱৰ্জনা নিষ্কাষণ ব্যৱস্থাপনাৰ উন্নয়ন সাধনৰ অৰ্থে গোবৰ্ধন আঁচনিৰ অধীনত ৩২টা বায়’গেছ প্ৰকল্প স্থাপন কৰা হৈছে । সেইদৰে অসমৰ শক্তি খণ্ডই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে আৰু সাম্প্ৰতিক বছৰবোৰত পৰিৱৰ্তনশীল বিকাশ আৰু উদ্ভাৱনীমূলক পদক্ষেপ প্ৰত্যক্ষ কৰা হৈছে ।" ৰাজ্যপাল আচাৰ্যই লগতে কয় ৷
তেওঁ আৰু কয়, "বিগত তিনিটা বছৰত চৰকাৰে ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ নিশ্চিতি প্ৰদান কৰিব পাৰিছে আৰু ইয়াৰ দ্বাৰা কাৰ্যক্ষম আৰু নিৰ্ভৰশীলতাৰ এক উজ্জ্বল প্ৰতিচ্ছবি দাঙি ধৰিছে । অসমৰ শক্তি উৎপাদনৰ সামৰ্থৰ চমকপ্ৰদভাৱে উত্তৰণ ঘটিছে । ২০২৫ বৰ্ষৰ জুন মাহত ১২০ মেগাৱাট শক্তি সম্পন্ন নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প ৰাইজৰ সেৱাত উৎসৰ্গিত হ’ব । আছাম ইণ্ট্ৰা ষ্টেট ট্ৰেন্সমিছন ছিষ্টেম এনহেন্সমেণ্ট প্ৰকল্পৰ অধীনত ৩৭টা নতুন গ্ৰীড চাব ষ্টেচন নিৰ্মাণেৰে ৰাজ্যখনৰ বিজুলী সৰবৰাহৰ সামৰ্থ ৪৫০০ এম ভি এৰ পৰা ১৫,০০০ এম ভি এ লৈ বৃদ্ধি কৰি থকা হৈছে । গ্ৰাম্য উন্নয়ন ৰাজ্য চৰকাৰৰ এক উচ্চ অগ্ৰাধিকাৰৰ বিষয় হিচাপে সদায়ে বিবেচিত হৈ আহিছে । প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত বিগত ডিচেম্বৰলৈ ২০.৫ লাখ আবণ্টিত গৃহৰ বিপৰীতে ১৯.৫ লাখ পকীগৃহ নিৰ্মাণৰ দ্বাৰা অসমে উল্লেখযোগ্য সফলতা লাভ কৰিছে ।"
চৰকাৰৰ বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালে কয়, "গ্ৰামীণ নিয়োগৰ ক্ষেত্ৰত এম জি এনৰেগাৰ অধীনত ১.০৩ লাখতকৈও অধিক পৰিয়ালে কৰ্মসংস্থাপন লাভ কৰিছে । ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ দ্বাৰা ১০০ শতাংশ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰকৰণৰ দিশত সমগ্ৰ ৰাষ্ট্ৰৰ ভিতৰতে অসমে প্ৰথম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে । ৩.৫৮ লাখ আত্মসহায়ক গোটক সংগঠিতকৰণৰ দ্বাৰা আমি গ্ৰামাঞ্চলৰ লোকসকলক সবলীকৰণ কৰিছো । সকলোবোৰ মহানগৰ আৰু চহৰত পানীযোগান ধৰাতো আমাৰ চৰকাৰৰ এক অগ্ৰাধিকাৰৰ বিষয় । প্ৰায় ১,৫০০ কোটি টকা ব্যয়ৰ জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানীযোগান প্ৰকল্পৰ কাম ৯০ শতাংশৰো অধিক সম্পূৰ্ণ হৈছে আৰু ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত ১.১ লাখ পৰিয়াল ইয়াৰ দ্বাৰা উপকৃত হ’ব । চৰকাৰে ২০,০০০ স্মাৰ্ট আৰু এল ই ডি লাইট স্থাপন কৰিছে আৰু ১২,০০০ ৰো অধিক এনে লাইট স্থাপনৰ পৰিকল্পনা লৈছে ।"
আচাৰ্যই তেওঁৰ ভাষণত কয়, "আনহাতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ২০২৪ বৰ্ষত ই-কে ৱাই চিৰ দ্বাৰা পৰীক্ষণকৃত প্ৰায় ১৯ লাখ কৃষকক ১,৩০০ কোটি টকা বিতৰণ কৰিছে । তৈল খেজুৰৰ কৃষিভূমি ৩,৬০০ হেক্টৰলৈ বৃদ্ধি আৰু ২০২৫ বৰ্ষৰ মাৰ্চৰ ভিতৰত ২০,০০০ হেক্টৰলৈ সম্প্ৰসাৰিত কৰাৰ লক্ষ্যৰে সৈতে ৰাষ্ট্ৰীয় মিছনৰ অধীনত খোৱা তেলৰ আত্মনিৰ্ভৰশীলতা অৰ্জনৰ দিশত অসমে অগ্ৰগতি লাভ কৰিছে । আনহাতে ২.৫ নিযুত মৎস্য উৎপাদনকাৰীৰে মীন খণ্ডই অসমৰ গ্ৰাম্য অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে আৰু দেশৰ ভিতৰত মাছৰ উৎপাদনত অসমে চতুৰ্থ স্থান লাভ কৰিছে । প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত অসমে ১.২ লাখ মেট্ৰিকটন চাউল বিতৰণ কৰিছে আৰু ইয়াৰ ফলস্বৰূপে যোৱা ডিচেম্বৰলৈকে ২ কোটি ৩০ লাখ নাগৰিক উপকৃত হৈছে । সেইদৰে বিশ্ব বেংকৰ পুঁজিপ্ৰাপ্ত ‘অসম স্থিতিস্থাপক গ্ৰাম্য দলং প্ৰকল্প’ৰ অধীনত ৩৮৮ খন দলং নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত আছে আৰু ইয়াৰে ২১৬ খন দলঙৰ কাম আৰম্ভ হৈছে ।"
"ইলেক্ট্ৰনিকছ, আন্তঃগাঁথনি, নৱীকৰণযোগ্য ক্ষেত্ৰ, বিমান, প্ৰতিৰক্ষা উৎপাদন আৰু বিভিন্ন খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ অসম ২.০-বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ অনুষ্ঠিত কৰা হ’ব । ভূটান আৰু সমগ্ৰ দক্ষিণ এছিয়াৰ নেতা আৰু বিনিয়োগকাৰীসকলক ইয়াত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হ’ল টাটা গ্ৰুপৰ দ্বাৰা জাগীৰোডত ১৫,০০০ প্ৰত্যক্ষ চাকৰি আৰু ৭০টা আনুষংগিক ইউনিটৰ প্ৰতিশ্ৰুতি বহন কৰা ২৭,০০০ কোটি টকীয়া ছেমিকণ্ডাক্টৰ ফেচিলিটিৰ আধাৰশিলা স্থাপন । অসমলৈ বৃহৎ পৰিমাণৰ বিনিয়োগ আকৰ্ষণৰ প্ৰচেষ্টাৰ ফলত ২৮টা ইউনিটৰ বাবে বুজাবুজিৰ চুক্তি হৈছে যাৰ প্ৰস্তাৱিত বিনিয়োগ ১৪,৮০০ কোটি টকা আৰু ইয়াৰ ফলত ২১,০০০ৰো অধিক চাকৰিৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে । ইয়াৰ উপৰিও ২০২৩ বৰ্ষত উত্তৰ-পূব গোলকীয় বিনিয়োগকাৰী সন্মিলনৰ সময়ত ১৭,০০০ কোটি টকাৰ বিনিয়োগ নিশ্চিত হৈছিল ।" তেওঁ কয় ৷
ৰাজ্যপালে কয়, "উদীয়মান খেলুৱৈসকলক ব্যাপক পৰিসৰত আগবঢ়াই নিবলৈ অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে ক্ৰীড়াক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ লক্ষ্য লৈছে । খেলা-ধূলাৰ জৰিয়তে ক্ৰীড়া আৰু জীৱিকাৰ প্ৰসাৰৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতা অনুসৰি বছৰটোত ৫৫ গৰাকী ক্ৰীড়াবিদক নিযুক্তি দিয়া হয় । সেইদৰে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰি বিগত এটা বছৰত ৰাজ্যখনে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে । যথেষ্ট সংখ্যক বিদেশী পৰ্যটককে সামৰি দুটা দশকৰ ভিতৰতে সৰ্বাধিক ৩.৩ লাখ পৰ্যটকৰ আগমনেৰে ২০২৪ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিশ্বৰ ভিতৰতে এখন অন্যতম পৰ্যটনস্থলী হিচাপে বিবেচিত হৈছে । ২০২৫ বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অসমৰ চাহ জনজাতিসকলৰ ঝুমুৰ নৃত্যৰ প্ৰদৰ্শন অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে । চৰকাৰে চৰ অঞ্চলত বাস কৰা লোকসকলকে সামৰি ৰাজ্যখনৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ উন্নয়নৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে ।"
ৰাজ্যপালে গণৰাজ্য দিৱসৰ এই পৱিত্ৰ উপলক্ষত সকলোৱে হাতে-হাত মিলাই সংবিধানৰ আদৰ্শক সন্মান জনাই সকলোৰে বাবে সমান সুবিধাৰ বাবে এক উজ্বল ভবিষ্যৎ গঢ়াৰ উপৰি অসম আৰু ভাৰতৰ বিকাশৰ যাত্ৰাত নিজৰ দায়বদ্ধতা সুনিশ্চিত কৰাৰ বাবে সংকল্পবদ্ধ হোৱাৰ আহ্বান জনায় ।
দীঘলীয়া ভাষণত ৰাজ্যপালে বিভিন্ন দিশ আলোকপাত কৰি চৰকাৰী বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে । গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপালে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে । অনুষ্ঠানত আৰক্ষী, এন চি চি আদিৰ কুচ-কাৱাজ প্ৰদৰ্শন কৰা হয় । লগতে অসমৰ বাৰেবৰণীয়া কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হয় । গণৰাজ্য দিৱসৰ অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: