হায়দৰাবাদ : ১৯৭২ চনৰ ২০ এপ্ৰিলত এটা মাৰাঠী ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মমতা কুলকাৰ্ণীয়ে । মাত্ৰ ২০ বছৰ বয়সতে গ্লেমাৰৰ জগতখনত প্ৰৱেশ কৰিছিল তেওঁ । মমতাৰ সৌন্দৰ্যৰ যাদুত মোহিত হৈ পৰিছিল মায়ানগৰী মুম্বাই । ১৯৯২ চনত তিৰংগা ছবিৰে তেওঁ অভিনয় জীৱনৰ অভিষেক ঘটায় ।
তাৰ পিছত মমতাক ছৈফ আলী খানৰ বিপৰীতে মুখ্য অভিনেত্ৰী ৰূপত দেখা গৈছিল । ছবিখনৰ নাম আছিল ‘‘আছিক আৱাৰা ।’’ ১৯৯৩ চনত মুক্তি পোৱা এই ছবিখনৰ গীত আজিও দৰ্শকৰ মুখে মুখে । সেই বছৰ অভিনেত্ৰীগৰাকীয়ে শ্ৰেষ্ঠ লাক্স নিউ ফেচ ফিল্মফেয়াৰ বঁটা লাভ কৰে । ইয়াৰ পিছত মমতাৰ কেৰিয়াৰৰ গ্ৰাফ ওপৰলৈ উঠিবলৈ ধৰিলে ।
সুনীল শ্বেট্টীৰ সৈতে ৱক্ত হামাৰা হে, অতুল অগ্নিহোত্ৰীৰ সৈতে ক্ৰান্তি বীৰ, ছলমান খানৰ সৈতে কৰণ-অৰ্জুন, অক্ষয় কুমাৰৰ সৈতে সবছে বৰা খিলাড়ী আৰু আমিৰ খানৰ সৈতে বাজী আদি ছবিত অভিনয় কৰি মমতাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল ।
কিন্তু সফলতাৰ জখলাখন মমতাৰ বাবে বেছি দিন মসৃণ হৈ নাথাকিল । মমতাই ‘ঘটক’ ছবিখনত এটা গীতত কেমিঅ’ কৰিছিল । ৰাজকুমাৰ সন্তোষীৰ পৰিচালনাত নিৰ্মিত সেই ছবিখনৰ "কোই জায়ে তো লে আয়ে" গীতটো আজিও ছুপাৰহিট গানৰ তালিকাত আছে । তাৰ পিছত পৰিচালকে ১৯৯৮ চনত ‘চাইনা গেট’ ছবিখনত মমতাক মুখ্য চৰিত্ৰৰ প্ৰস্তাৱ দিয়ে ।
জানিব পৰা মতে, পৰিচালক ৰাজকুমাৰৰ সৈতে মমতাৰ কিবা কাৰণত মতানৈক্য ঘটিছিল । তাৰ পিছত সেই ছবিখনৰ পৰা মমতাক বাদ দিয়া হয় । এই সময়তে মমতা কুলকাৰ্ণীৰ হৈ মত দিয়ে আণ্ডাৰৱৰ্ল্ড ডন ছোটা ৰাজনে । মমতাই তেতিয়া পুনৰ সেই ছবিখনত কাম কৰিবলৈ পায় । অৱশ্যে সেই ছবিখনত উৰ্মিলা মাটোণ্ডকাৰে সকলোৰে চকু কপালত তুলিছিল । যদিও ছবিখনৰ বক্স অফিচত প্ৰদৰ্শন মধ্যমীয়া আছিল, তথাপিও উৰ্মিলাই ‘চাম্মা চাম্মা’ গীতটিৰে নিজৰ নাম উজলাইছিল ।
এই ঘটনাবোৰৰ পিছত মমতাই নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে । এটা অনুষ্ঠানত তেওঁ ৰাজকুমাৰ সন্তোষীক লৈ সকলোৰে সন্মুখত কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে । বিশ্বাস কৰা হয় যে তেতিয়াৰ পৰাই মমতাৰ কেৰিয়াৰ অৱনমিত হ’বলৈ ধৰে । তেওঁৰ শেষৰখন সফল ছবি আছিল ২০০১ চনত মুক্তি পোৱা ‘চুপা ৰুষ্টম: এ মিউজিকেল থ্ৰিলাৰ’। ২০০২ চনত ‘‘কভী তুম কভী হম’’ ছবিৰ পিছত মমতা কুলকাৰ্ণীয়ে বলীউড এৰি দিয়ে ।
২০১৬ চনত তেওঁৰ নাম ২০০০ কোটি টকাৰ ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ সৈতে জড়িত হৈ পৰিছিল । বিকি গোস্বামীৰ সৈতে থকা সম্পৰ্কৰ বাবেই মমতাই বহু সমস্যা ভোগ কৰিবলগীয়া হয় । তাৰ পিছত বহু দিনৰ পৰীক্ষাৰ অন্তত মমতাই ক্লীন চিট পালে । ২৫ বছৰৰ পাছত তেওঁ ভাৰতলৈ উভতি আহে । অনুৰাগীসকলে আশা কৰিছিল যে তেওঁ পুনৰ বলীউডলৈ ঘূৰি আহিব ।
কিন্তু মমতাই পেজ থ্ৰী আৰু গ্লেমাৰৰ জগতখন এৰি সনাতন ধৰ্মৰ পথ গ্ৰহণ কৰিলে । এতিয়া তাই নিজৰ নামৰ পৰা ‘অভিনেত্ৰী’ শব্দটো আঁতৰাই পেলাইছে । মহাকুম্ভ মেলাত সংগমত ডুব মাৰি মমতা এতিয়া মাই মমতা নন্দ গিৰি নামেৰে পৰিচিত হ’ব ।