গুৱাহাটী :অহা ১৭ জানুৱাৰীত মুক্তি পাবলগীয়া নতুন অসমীয়া ছবি ‘‘কেচটো নগেন’’ৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে । চলিত বৰ্ষৰ ৯ মে’ তাৰিখে ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিব ছবিখনে । এখন মোশ্যন পিকচাৰৰ জৰিয়তে মুক্তিৰ তাৰিখ ঘোষণা কৰিছে নিৰ্মাতা গোষ্ঠীয়ে ।
‘‘কেচটো নগেন’’ ছবিখন চলিত ২০২৫ বৰ্ষৰ এখন প্ৰত্যাশিত ছবি ৷ দৰ্শক তথা নিৰ্মাতাই এই ছবিখনক লৈ যথেষ্ট আশা কৰিছে ৷ কেচটো নগেন এই শব্দ দুটা প্ৰায় প্ৰতিগৰাকী অসমীয়াৰে চিনাকি ৷ কিবা এটা ঘটিলেই বা নতুন কিবা খবৰ শুনিবলৈ পালেই মুখৰ পৰা ওলাই আহে কেচটো নগেন বুলি ৷ সেই শব্দই এতিয়া পালে চিনেমাৰ শিৰোনাম ৷
২০০০ চনত মুক্তিপ্রাপ্ত হিন্দী চিনেমা ‘‘হেৰা ফেৰি’’ৰ বিখ্যাত সংলাপ ‘‘গোলমাল হে ভাই, গোলমাল হে’’ সংলাপটোৰ দৰেই কেচটো নগেন সংলাপটো ৷ সকলোৱে কেতিয়াবা নহয় কেতিয়াবা কৰবাত এই আপ্ত বাক্য দুটা ব্যৱহাৰ কৰিছে ।
উল্লেখ্য যে, এই ছবিখনৰ কাহিনীভাগ বাস্তৱমুখী । জনসাধাৰণক প্ৰতাৰণা কৰি হাঁহিমুখে লুণ্ঠনৰাজ চলোৱা একাংশৰ কাহিনীৰে নিৰ্মিত ছবিখনৰ পৰিচালনা ধনজিৎ দাসৰ । বৰ্তমান সময়ত ট্ৰেডিঙৰ জৰিয়তে যিদৰে বিত্তীয় কেলেংকাৰী হৈ আছে তেনেকুৱা এটা বিত্তীয় কেলেংকাৰীৰ ওপৰতে ছবিখন নিৰ্মাণ কৰা হৈছে ।