অসম

assam

ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিঙত অনুষ্ঠিত হ'ব টোগা পাৰ্টী; ইয়াৰ বিশেষত্ব কি জানেনে ? - Anant Radhika 2nd Pre Wedding

Anant Radhika 2nd Pre Wedding: জুলাই মাহত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে বিবাহপাশত আবদ্ধ হ’ব ৷ কিন্তু তাৰ পূৰ্বে তেওঁলোকৰ দ্বিতীয় প্ৰি-ৱেডিং ফাংচন ২৮ মে’ৰ পৰা ৩০ মে’লৈ ইটালীত অনুষ্ঠিত হ’বলৈ গৈ আছে, য’ত টোগা পাৰ্টীৰো আয়োজন কৰা হ’ব । আপুনি জানেনে টোগা পাৰ্টী কি আৰু ইয়াৰ বিশেষত্ব কি ? সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক...

By ETV Bharat Entertainment Team

Published : May 28, 2024, 12:11 PM IST

toga party to be held in Anant Ambani And Radhika Merchant's 2nd Pre-Wedding know what is special about it
অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিঙত অনুষ্ঠিত হ'ব টোগা পাৰ্টি; ইয়াৰ বিশেষত্ব কি জানেনে ? (Getty Images)

চিটাৰা ডেস্ক, 28 মে’ : আম্বানী পৰিয়ালৰ যিকোনো অনুষ্ঠানে সদায় সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰে ৷ কিছুদিন পূৰ্বে মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক বিবাহ বাৰ্ষিকীৰ অনুষ্ঠান অতি আড়ম্বপূৰ্ণভাৱে আয়োজন কৰিছিলে আম্বানী পৰিয়ালে আৰু এতিয়া তেওঁলোকৰ দ্বিতীয় প্ৰি-ৱেডিং পাৰ্টী ইটালীত অনুষ্ঠিত হ’বলৈ গৈ আছে ৷ এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হ’ব ৷ প্ৰথম প্ৰাক বিবাহ বাৰ্ষিকীৰ অনুষ্ঠানৰ দৰেই এইবাৰো সভাস্থলীৰ পৰা আৰম্ভ কৰি খাদ্যৰ মেনু আৰু অনুষ্ঠানৰ এক বিশেষ থিম ৰখা হৈছে ৷

কিছুদিনৰ পূৰ্বে গুজৰাটৰ জামনগৰত অনন্ত আৰু ৰাধিকা মাৰ্চেণ্টৰ ধামাকেদাৰ প্ৰি-ৱেডিং পাৰ্টী দেখিবলৈ পোৱা গৈছিল ৷ এতিয়া তেওঁলোকৰ দ্বিতীয় প্ৰি-ৱেডিং পাৰ্টীও আৰু অধিক বিশেষ হ’বলৈ গৈ আছে ৷ তথ্য অনুসৰি অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ এই প্ৰি-ৱেডিং অনুষ্ঠানসমূহ বিলাসী ৫ ষ্টাৰ ক্ৰুজত সাগৰৰ মাজভাগত অনুষ্ঠিত হ’ব, য’ত ‘এ ৰোমান হলিডে’ শীৰ্ষক থিমেৰে টোগা পাৰ্টিও আয়োজন কৰা হ’ব ৷ কিন্তু এই টোগা পাৰ্টী দৰাচলতে হয় কি আৰু ইয়াৰ বিশেষত্ব কি জানেনে ?

টোগা পাৰ্টীৰ থিম কি ?

‘এ ৰোমান হলিডে’ টোগা পাৰ্টীৰ থিম হৈছে গ্ৰীক৷ অৱশ্যে এই পাৰ্টীত পিন্ধা কাপোৰ ৰোমৰ লগত জড়িত ৷ এই পাৰ্টীত মানুহে পৰিধান নকৰে ফেশ্বনেবল ষ্টাইলিছ ড্ৰেছ ৷ আচলতে টোগা পাৰ্টীত অংশগ্ৰহণ কৰা লোকসকলৰ ড্ৰেছ ক’ডো অতি বিশেষ বা সঁচাকৈয়ে ক’বলৈ গ’লে আচৰিত ধৰণৰ ৷ ইয়াত মানুহে এনে কাপোৰ পৰিধান কৰে যিবোৰ সাধাৰণতে এখন বিচনা চাদৰৰ দৰে দেখা যায় ৷ এই পোচাক ৰোমত পৰিধান কৰা পৰম্পৰাগত সাজ টোগাৰ সৈতে মিল আছে ৷

প্ৰথমে কোনে আয়োজন কৰিছিল টোগা পাৰ্টী ?

টোগা পাৰ্টীৰ আৰম্ভণিৰ কথা ক’বলৈ গ’লে তথ্য অনুসৰি ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টৰ পত্নীয়ে স্বামীৰ ৫২ সংখ্যক জন্মদিনত এই থিম পাৰ্টীৰ আয়োজন কৰিছিল, য’ত তেওঁ টোগা ড্ৰেচ পৰিধান কৰিছিল ৷ এই পাৰ্টীত নৃত্যৰ বাহিৰেও মনোৰঞ্জনৰ বাবে বহুতো কাম কৰা হয় ৷ প্ৰায়বোৰ কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এনে পাৰ্টী যথেষ্ট জনপ্ৰিয় হৈ উঠিছিল ৷

হলীউডৰ ছবিতো দেখা পোৱা গৈছে আভাস

১৯৫৯ চনত চাৰ্লটন হেষ্টনৰ ঐতিহাসিক ড্ৰামা বেন হুৰৰ জৰিয়তে টোগাৰ পোচাক জনপ্ৰিয় হৈ পৰে ৷ কমেডী ক্লাছিক এনিমেল হাউছৰ পিচত কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত টোগা পাৰ্টী পৰম্পৰাত পৰিণত হয় ৷

লগতে পঢ়ক:অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং : বিমানবন্দৰত ভিৰ অভিনয়-ক্ৰীড়া জগতৰ তাৰকাৰ - anant radhika pre wedding fest

ABOUT THE AUTHOR

...view details