ETV Bharat / entertainment

ৰঙাঘৰত সোমাল ছৈফ আলী খানক আক্ৰমণৰ অভিযোগত অভিযুক্তটো - SAIF ALI KHAN ATTACK CASE

অভিনেতা ছৈফ আলী খানক আক্ৰমণৰ অভিযোগত থানেৰ পৰা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ এজনক ৷

SAIF ALI KHAN ATTACK CASE
ৰঙাঘৰত সোমাল ছৈফ আলী খানক আক্ৰমণৰ অভিযোগত অভিযুক্ত (Photo: ANI, ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2025, 7:10 AM IST

Updated : Jan 19, 2025, 8:52 AM IST

মুম্বাই : শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিনেতা ছৈফ আলী খানক আক্ৰমণ কৰা অভিযুক্তটোক ৷ সংবাদ সংস্থা ANI ৰ বাতৰিত প্ৰকাশিত তথ্য অনুসৰি মুম্বাই আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে থানেৰ পৰা আটক কৰা হৈছে অভিযুক্তটোক ৷

মুম্বাই আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ কৰা গোচৰৰ ভিত্তিত এক খবৰৰ আধাৰত মুম্বাই আৰক্ষীয়ে এটা অভিযুক্তৰ ফোন ট্ৰেছ কৰে ৷ তাৰ পাচতে অভিযুক্তটোৰ গতি-বিধি লক্ষ কৰা হয় ৷

আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, হিৰণন্দনী শ্ৰমিক শিবিৰৰ সমীপৰ পৰা আটক কৰা হৈছে অভিযুক্তটোক । ইতিমধ্যে আৰক্ষীয়ে নিশ্চিত কৰিছে যে অভিযুক্তটোৱে কেতিয়াবা বিজয় দাস (Bijoy Das), ভিজয় দাস(Vijay Das) আনকি কোনো সময়ত মহম্মদ ইলিয়াছকে (Mohammed Iliyas) ধৰি একাধিক নামেৰে নিজৰ পৰিচয় দিছিল ৷

Saif Ali Khan attack case
ছৈফ আলী খানক আক্ৰমণ কৰা অভিযুক্ত (ANI)

শেহতীয়া খবৰ অনুসৰি, ধৃত অভিযুক্তটোক খাৰ থানাত ৰখা হৈছে ।

লগতে পঢ়ক : ছৈফ আলী খানৰ এটা অস্ত্ৰোপচাৰ সম্পন্ন: শৰীৰৰ পৰা ওলাল 3 ইঞ্চি দীঘল চোকা ধাতুৰ টুকুৰা
  • প্ৰকৃত ঘটনাটো কি ?

বৃহস্পতিবাৰে পুৱতি নিশা অভিনেতা ছৈফ আলী খানক নিজ ঘৰতে এটা অভিযুক্তই একাধিকবাৰ ছুৰীৰে আঘাত কৰে ৷ ফলত অভিনেতাগৰাকীয়ে ডিঙি, মেৰুদণ্ড আৰু শৰীৰৰ বহু ঠাইত গুৰুতৰভাৱে আঘাত পায় ৷ তাৰ পাচতে অভিনেতাগৰাকীক মুম্বাইৰ লীলাৱতী হাস্পতাললৈ চিকিৎসাৰ বাবে লৈ যোৱা হয় ।

চিকিৎসালয় প্ৰশাসনৰ তথ্য অনুসৰি, বৰ্তমান ছৈফ আলী খানৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ ৷ ইতিমধ্যে অস্ত্রোপ্ৰচাৰ কৰি প্ৰায় 3 ইঞ্চি দীঘল চোকা ধাতুৰ এটা টুকুৰা তেওঁৰ শৰীৰৰ পৰা উলিয়াবলৈ সক্ষম হৈছে । সম্ভৱতঃ দুই-এদিনৰ ভিতৰতে অভিনেতাগৰাকীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ’ব ৷

(ANI ৰ ইনপুটৰ সহায়ত যুগুটোৱা তথ্যৰ আধাৰত প্ৰকাশিত এই বাতৰি)

লগতে পঢ়ক : কৰীণা কাপুৰ খানৰ ভাষ্য: আক্ৰমণাত্মক ৰূপত আছিল চোৰ

লগতে পঢ়ক : ছৈফ আলী খানৰ পূৰ্বে আক্ৰমণৰ বলি হোৱা তাৰকাৰ কাহিনী

Last Updated : Jan 19, 2025, 8:52 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.