চিটাৰা ডেস্ক, 31 মাৰ্চ :পুনৰ সম্প্ৰচাৰ হ’ব জনপ্ৰিয় কপিল শৰ্মা শ্ব’ৰ নতুন সংস্কৰণ ৷ এইবাৰ নেটফ্লিক্সত সম্প্ৰচাৰ হ’বদ্যা গ্ৰেট ইণ্ডিয়ান কপিল শ্ব' ৷ ইতিমধ্যে যোৱা 30 মাৰ্চত শ্ব’টোৰ প্ৰিমিয়াৰ সম্পন্ন হৈছে ৷
ইয়াৰ প্ৰথমটো খণ্ডত বলীউড অভিনেতা ৰণবীৰ কাপুৰ, তেওঁৰ মাতৃ তথা অভিনেত্ৰী নীতু কাপুৰৰ লগতে ৰিদ্ধিমা কাপুৰ সাহনী উপস্থিত থাকিব ৷ যদিও খণ্ডটো সম্প্ৰচাৰ হোৱাৰ পিচতে তেওঁলোকৰ হাস্যৰস আৰু কৌতুকৰ বাবে দৰ্শকৰ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল ।
এগৰাকী দৰ্শকে X ত পোষ্ট কৰে যে, "কপিল শৰ্মাই অ'টিটিলৈ যোৱাৰ সিদ্ধান্ত লোৱাটো এটা ভয়ংকৰ ব্যৱসায়িক সিদ্ধান্ত ৷ কাৰণ তেওঁলোকে শ্ব’টো পূৰ্বৰ ধৰণেই অব্যাহত ৰাখিছে ৷ নেটফ্লিক্স কেতিয়াও কপিলৰ দৰ্শক নাই । টিভি চোৱা লোকসকলে কপিল শৰ্মাৰ শ্ব’ চায় । এইটো শ্ব’য়ে ছবিৰ প্ৰমোশ্যনৰ পৰা চেলিব্ৰেটীসকলক লাভান্বিত কৰিব নোৱাৰে !"