চিটাৰা ডেস্ক, 17 জুলাই: দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (SIIMA)ৰ দ্বাদশ সংস্কৰণৰ জৰিয়তে দক্ষিণ ছবিজগতৰ শ্ৰেষ্ঠ প্ৰদৰ্শনক উদযাপন কৰিবলৈ সাজু হৈছে । ই বিশ্বৰ অনুৰাগীসকলক দক্ষিণ ভাৰতীয় তাৰকাৰ সৈতে সংযোগ কৰে । শেহতীয়াকৈ ইয়াৰ মনোনয়ন আৰু ইয়াৰ সৈতে জড়িত বহু তথ্য পোহৰলৈ আহিছে । জানিব পৰা মতে এই বঁটা প্ৰদান অনুষ্ঠান দেশত নহয় বিদেশতহে অনুষ্ঠিত হ’বলৈ গৈ আছে ।
মঙলবাৰে (১৬ জুলাই) দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা চমুকৈ (SIIMA)-এ এই মনোনয়ন ঘোষণা কৰিছিল, য’ত চাৰিটা ভাষাৰ ছবিৰ নাম তথা শ্ৰেষ্ঠ অভিনেতাৰ তালিকা সন্নিবিষ্ট কৰা হৈছে । এইবাৰ ১৪ আৰু ১৫ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’বলৈ হৈ আছে দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান । এই মনোনয়নত চাৰিখন ব্লকবাষ্টাৰ ছবি অন্তৰ্ভুক্ত কৰা হৈছে । দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ মনোনয়নত আগবাঢ়ি আছে ছবি দশেৰা (তেলুগু), জেইলাৰ (তামিল), লিঅ’ (তামিল), কাটেৰা (কানাড়া), 2018 (মালয়ালম)।
তামিল ভাষাৰ শ্রেষ্ঠ চলচ্চিত্রৰ বাবে মনোনিত হৈছে
১: জেইলাৰ
২: লিঅ'
৩: মামন্নন
৩: পনিয়িন চেলভান ২
৫: বিদুঠালাই ১
তেলুগু ভাষাৰ শ্রেষ্ঠ চলচ্চিত্রৰ বাবে মনোনিত হৈছে
১: বালাগাম
২: বেবী
৩: ভগৱন্ত কেশৰী
৪: দশেৰা
৫: হায় নান্না
৬: বিৰূপাক্ষ
কানাড়া ভাষাৰ শ্রেষ্ঠ চলচ্চিত্রৰ বাবে মনোনিত হৈছে
১: আচাৰ এণ্ড কোম্পানী
২: কাটেৰা
৩: কৌশল্যা সুপ্ৰজা ৰাম
৪: ক্ৰান্তি
৫: সপ্ত সাগৰদাচে এলো - চাইড এ
মালয়ালম ভাষাৰ শ্রেষ্ঠ চলচ্চিত্রৰ বাবে মনোনিত হৈছে
১: ইৰত্তা
২: কেথাল দ্য কোৰ
৩: নানাপাকল নেৰাথু মায়াক্কম
৪: নেৰু
৫: 2018