চিটাৰা ডেস্ক, 30 মে’ :অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াখন ওচৰ চাপি আহিছে, অহা ১২ জুলাইত মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হ’ব এই বিবাহ অনুষ্ঠান । বিশেষ দিনটো ওচৰ চাপি অহাৰ লগে লগে আম্বানী পৰিয়ালে কেইবাজনো অতিথিলৈ ‘ছেভ দ্য ডেট’ৰ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ লগে লগে আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰও পঠিয়াবলৈ আৰম্ভ কৰিছে ।
ৰঙা আৰু সোণালী ৰঙেৰে পৰম্পৰাগতভাৱে সজাই তোলা এই জটিল ডিজাইনৰ আমন্ত্ৰণী পত্ৰখনে তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া বিবাহ অনুষ্ঠানৰ সবিশেষ উন্মোচন কৰিছে । ১২ জুলাই শুকুৰবাৰে শুভ বিবাহ অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হ’ব এই উৎসৱ, য’ত অতিথিসকলক ভাৰতীয় পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিবলৈ অনুৰোধ জনোৱা হৈছে । পিছদিনা অৰ্থাৎ ১৩ জুলাই শনিবাৰে শুভ আশীৰ্বাদ অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু অতিথিসকলক ভাৰতীয় আনুষ্ঠানিক সাজ-পোছাক পৰিধান কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।