চিটাৰা ডেস্ক, 15 মে’:পৰিয়াল, এটা শব্দ, কিন্তু ইয়াত লুকাই আছে অগণন অনুভৱ ৷ ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৫ মে’ অৰ্থাৎ আজিৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱস হিচাপে ঘোষণা কৰিছিল ৷ দেশ হিচাপে ভাৰতত পাৰিবাৰিক মূল্যবোধৰ শিপা অতি শক্তিশালী বুলি বিশ্বাস কৰা হয় আৰু আমাৰ চলচ্চিত্ৰ উদ্যোগতো একেই কথা দেখা যায় ৷ বাগৱান, হাম সাথ সাথ হ্যে, বিবাহ আদি এনে বহু চিনেমা আছে, যিসমূহক দৰ্শকে যিমানে বাৰেই নাচাওক কিয়, সন্তুষ্ট নহয় ৷
'কভি খুচি কভি গম' (২০০১) '
'কভি খুচি কভি গম' (২০০১)' এখন পাৰিবাৰিক ছবি ৷ বিদেশত সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি আছিল 'কভি খুচি কভি গম' ৷ ছবিখনত অমিতাভ বচ্চন, জয়া বচ্চন, শ্বাহৰুখ খান, হৃতিক ৰোচন, কাজল, কৰীণা কাপুৰকে ধৰি বহু তাৰকাই এই ছবিখনত অভিনয় কৰিছে ৷ এই ছবিখনৰ পৰিচালক আছিল বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ ৷
হাম সাথ সাথ হ্যে (১৯৯৯)
সুৰজ বৰজাত্যৰ পৰিচালনাত নিৰ্মিত 'হাম সাথ সাথ হ্যে' ছবিখন এখন পাৰিবাৰিক ছবি ৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা তাৰকা অভিনেতাসকলৰ ভিতৰত আছে ছলমান খান আৰু ছৈফ আলী খান ৷ সংগীত পৰিচালনা ৰমালক্ষ্মণৰ ৷ অম্বৰ এণ্টাৰটেইনমেণ্ট, ৰাজশ্ৰী প্ৰডাকচনৰ বেনাৰত অজিত কুমাৰ বৰজাত্য, কমল কুমাৰ বৰজাত্য, ৰাজকুমাৰ বৰজাত্যই প্ৰযোজনা কৰিছিল এই জনপ্ৰিয় ছবিখন ৷
বিবাহ (২০০৬)