ETV Bharat / entertainment

পাপন, ৰবি, প্ৰস্তুতি, অমৃতা সকলোৱে অনুৰাগীলৈ যাচিছে ভোগালী বিহুৰ শুভেচ্ছা - CELEBRITY BHOGALI BIHU WISHES

আজি মাঘ বিহুৰ দিনটোত চাও আহকচোন আমাৰ জনপ্ৰিয় তাৰকাসকলে অনুৰাগীক কিদৰে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে-

magh bihu
তাৰকাসকলে অনুৰাগীক যাচিছে ভোগালী বিহুৰ শুভেচ্ছা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 14, 2025, 12:43 PM IST

হায়দৰাবাদ : আজি অসমীয়াৰ গা সাতখন-আঠখন ৷ মাছ-মঙহ, লাৰু-পিঠাৰে ভৰি পৰিছে ঘৰ, লগতে ভৰিছে গাঁৱৰ ধানৰ ভঁৰাল ৷ চহা অসমীয়াৰটো এয়াই চিন ৷ কালি ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজনৰ সৈতে মিলি একেলগে এসাজ খোৱাৰ পিছত আজি সকলোৱে পুৱাই কুঁৱলি ফালি মেজিৰ জুইৰ সেৱা গ্ৰহণ কৰে ৷ নতুন বছৰটো কুশলে পাৰ হৈ যোৱাৰ লগতে অপায়-অমংগল দূৰ হোৱাৰ কামনা কৰি সকলোৱে প্ৰাৰ্থনা জনায় ৷

প্ৰতিটো উৎসৱেই মানুহৰ মাজত একতাৰ বান্ধোন দৃঢ় কৰে ৷ উৎসৱ বুলিলেই সকলোৱে মিলি-জুলি একেলগে উদযাপন কৰাৰ কথাই মনলৈ আহে ৷ সাধাৰণ ৰাইজৰ দৰে আমাৰ তাৰকাসকলেও যিকোনো উৎসৱ উদযাপন কৰাৰ কোনো সুযোগ এৰি নিদিয়ে ৷ যদিও উৎসৱ বুলিলেই সাধাৰণ ৰাইজৰ মাজলৈ তেওঁলোক যাও বুলিয়ে গুচি যাব নোৱাৰে, হ’লেও কিন্তু সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীৰ সৈতে সংযুক্ত হৈ থাকে তেওঁলোক ৷

মাঘ বিহুৰ পবিত্ৰ ক্ষণত অভিনেতা-অভিনেত্ৰীৰ পৰা গায়ক-গায়িকালৈকে, সকলোৱে যাচিছে শুভেচ্ছা ৷ ভোগালী বিহুত মন-প্ৰাণ সুখী কৰি ভোগ কৰক সকলোৱে ৷ তাৰ লগতে মেজিৰ জুইয়ে নাশ কৰক অপায়-অমংগল আৰু বঢ়াওক ভাতৃত্ববোধ ৷ এই কামনাৰে তাৰকাসকলে অনুৰাগীক দিছে মাঘ বিহুৰ শুভেচ্ছা ৷

ৰবি শৰ্মা

তেনেই সাধাৰণ ভাষাত সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই ৰবি শৰ্মাই ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছে ৷

যতীন বৰা

অভিনেতা যতীন বৰাই উল্লেখ কৰিছে মেজিৰ জুইৰ উমাল তাপৰ কথা ৷ একতা বঢ়াৰ লগতে সুখ, শান্তি আৰু প্ৰগতিও তেওঁ কামনা কৰিছে ৷

পাপন

অংগৰাগ পাপন মহন্তই এইবাৰ গোৱাত উদযাপন কৰিছে উৰুকা তথা মাঘ বিহু ৷ লগত আছে তেওঁৰ ঘনিষ্ঠ লোক ৷ হাতত কলপাত লৈ ইনষ্টাগ্ৰামত পাপনে জনাই বিহুৰ শুভেচ্ছা ৷

প্ৰস্তুতি পৰাশৰ

ভোগালী বিহুটিয়ে সকলোৰে জীৱনলৈ সুখ, হাঁহি আৰু আনন্দৰ বতৰা কঢ়িয়াই অনাৰ কামনা কৰিছে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷ পৰিয়ালৰ সৈতে লগে ভাগে বিহুটি উপভোগ কৰিবলৈ অনুৰাগীক আহ্বান জনাই তেওঁ ৷

অমৃতা গগৈ

অমৃতা গগৈয়ে ইনষ্টাগ্ৰামত এটা ৰীল শ্বেয়াৰ কৰিছে, য’ত তেওঁক চাদৰ মেখেলা পিন্ধি লাৰু-পিঠা ভৰ্তি কাঁহী আৰু বান বাটি লৈ থকা দেখা গৈছে ৷ ভিডিঅ’টোৰ কেপশ্যনত তেওঁ লিখিছে, "পিঠা লাৰুৰ সোৱাদেৰে ভোগৰ ভোগালী" ৷

লগতে পঢ়ক : ‘ভৱ-গংগা’ৰে মহানগৰবাসীক মুগ্ধ কৰিলে ড৹ সোণাল মানসিঙে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.