ETV Bharat / entertainment

গণশিল্পী ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি - SINGER RAJIB SADIYA DEATH

ৰাজীৱ শদিয়া অমৰ হওক শ্ল’গানেৰে মুখৰিত হৈ পৰিল জন্মভূমি শদিয়া । ৰাজীৱ শদিয়াৰ স্মৃতি যুগমীয়া কৰিবলৈ আছুয়ে নিৰ্মাণ কৰিব আবক্ষ মূর্তি ৷

fans pay public tribute to singer Rajib Sadiya AASU to build a statue to immortalize the memory
গুণমুগ্ধৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 14, 2025, 1:57 PM IST

তিনিচুকীয়া : হাজাৰ হাজাৰ জনতাৰ কণ্ঠেৰে ৰাজীৱ শদিয়া অমৰ হওক শ্ল’গানেৰে মুখৰিত হ’ল জন্মভূমি শদিয়া । ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত গণশিল্পী ৰাজীৱ শদিয়াই সোমবাৰে দিনৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে ৷ তাৰ পাছত তেওঁৰ মৃতদেহ লৈ গৃহজিলা তিনিচুকীয়াত আবেলি উপস্থিত হয় পৰিয়ালৰ লোক ৷ মৃতদেহৰ বাবে অপেক্ষা কৰি থকা গুণমুগ্ধই ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ক্ৰমান্বয়ে তিনিচুকীয়া, মাকুম, বৰহাপজান, ডুমডুমা, ৰূপাই, ছৈখোৱা, ধলাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি হাজাৰ হাজাৰ জনতাই সুসজ্জিত বাহনত জনতাৰ শিল্পী ৰাজীৱ শদিয়াক লৈ বিশাল সমদলেৰে জন্মভূমি শদিয়ালৈ যাত্ৰা কৰে । সমদলটো শদিয়াত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ হাজাৰ হাজাৰ জনতাই ৰাজীৱ শদিয়াৰ শেষ যাত্ৰাত সমভাগী হৈ ৰাজীৱ শদিয়া অমৰ হওক, জয় আই অসম শ্ল’গানেৰে শদিয়াৰ আকাশ বতাহ মুখৰিত কৰি তোলে ৷ শদিয়াৰ চপাখোৱা ৰাজহুৱা খেলপথাৰত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত আজি টুপচিঙা গাঁৱৰ নিজা বাসগৃহত ৰাজহুৱাকৈ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব ।

গুণমুগ্ধৰ ভাষ্য (ETV Bharat Assam)

জনতাৰ শিল্পী ৰাজীৱ শদিয়াই শেষ নিশ্বাস ত্যাগ কৰাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত শদিয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এটা আবক্ষ মূৰ্তি স্থাপন কৰা হ’ব বুলি ৰাজহুৱাকৈ ঘোষণা কৰে । জাতিৰ সংকটৰ সময়ত ৰাজীৱ শদিয়াই গীতৰ জৰিয়তে সকলোকে একত্ৰিত কৰাৰ লগতে জাতীয় চেতনা জীৱিত কৰি তুলিছিল ।

১৯৮৪ চনৰ ৩১ ডিচেম্বৰত শদিয়াৰ ভিতৰুৱা টুপচিঙা গাঁৱত জন্মগ্ৰহণ কৰিছিল ধাদু গগৈয়ে ৷ পিতৃ শুক্লধৰ গগৈ আৰু মাতৃ লক্ষীমা গগৈৰ পুত্ৰ ধাদু গগৈয়ে টুপচিঙা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি সৰুৰে পৰা গানৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিবলৈ লয় । সৰুৰে পৰা বৰগীত, দিহানাম গাই ভালপোৱা ধাদু নিজ গাঁৱতে আছিল যথেষ্ট জনপ্ৰিয় । পৰৱৰ্তী সময়ত গীতৰ মাজেৰে জনপ্ৰিয়তা লাভ কৰি জন্মভূমিৰ নামেৰেই ৰাজীৱ শদিয়া হিচাপে পৰিচিত হৈ পৰে তেওঁ ।

এটা সময়ত তিনিচুকীয়াৰ জয়ানগৰত এটা বাসগৃহ নিৰ্মাণ কৰি গানৰ চৰ্চা অব্যাহত ৰাখিছিল তেওঁ । উল্লেখ্য যে, ৰাজীৱ শদিয়াই জনতাৰ প্ৰতিটো সংকটৰ সময়ত জনতাৰ পক্ষত থিয় দি আহিছিল । ৰাজ্যজুৰি সৃষ্টি হোৱা কা আন্দোলনৰ সময়ত গানৰ জৰিয়তেই জনতাক একত্ৰিত কৰাৰ লগতে কৰিছিল আন্দোলন । সমান্তৰালভাৱে ৰাজ্যত বাঢ়নী পানীয়ে সৃষ্টি কৰা সন্ত্ৰাসৰ পাছত বানাক্ৰান্ত ৰাইজক সকাহ দিবলৈ গানৰ জৰিয়তে বিভিন্ন প্ৰান্তত অৰ্থ সংগ্ৰহ কৰি থিয় দিছিল জনতাৰ কাষত ।

লগতে পঢ়ক : 'ৰসাতলে গ'ল ঐ অসমীয়া...' বুলি ক'বলৈ ৰাজীৱ শদিয়া আৰু নাহে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.