গুৱাহাটী : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে দ্বিতীয়দিনা কেইবাটাও প্ৰসংগক লৈ সদন উত্তপ্ত হৈ পৰে । শাসকীয় দল বিজেপিৰ বিধায়কসকলে এ পি এছ চি কেলেংকাৰীৰ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত সভা স্থগিতৰ প্ৰস্তাৱ আনে ।
শাসকীয় দলৰ এই প্ৰস্তাৱৰ পাছতে বিৰোধীয়ে আন দুটা প্ৰসংগ উত্থাপন কৰাত সদনত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় । অধ্যক্ষই পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা কৰে যদিও কংগ্ৰেছ আৰু এ আই ইউ ডি এফে সদন ত্যাগ কৰে । পিছত অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ৰাখে ।
এ আই ইউ ডি এফৰ বিধায়কসকলে সদন ত্যাগ কৰি বাহিৰলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে প্লেকাৰ্ড লৈ এ আই ইউ ডি এফৰ বিধায়কসকলে বিদেশী ন্যায়াধীকৰণৰ বিৰুদ্ধে সৰৱ হৈ পৰে । বিধায়ক আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কয়, "বিদেশী ন্যায়াধীকৰণে অন্যায়ভাৱে বিদেশীৰ ৰায় দিয়া বন্ধ কৰক । বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক অত্যাচাৰ বন্ধ কৰক । ডিটেনচন কেম্পৰ পৰা ভাৰতীয় নাগৰিকক মুক্তি দিয়ক । আমি এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত সভা স্থগিতৰ প্ৰস্তাৱ আনিছিলোঁ । এটা বিশেষ সম্প্ৰদায়ক নিঃশেষ কৰাৰ ষড়যন্ত্র কৰা হৈছে ।"
ইফালে উমৰাংছ’ৰ ঘটনাক লৈ কংগ্ৰেছে আনে সভা স্থগিতৰ প্ৰস্তাৱ । কিন্তু শাসকীয় দলে এ পি এছ চিৰ প্ৰসংগৰে সভা স্থগিতৰ প্ৰস্তাৱ অনাত পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু কংগ্ৰেছে সদন ত্যাগ কৰে । সদন ত্যাগৰ পিছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "উমৰাংছ'ৰ কয়লাৰ কথা ক'লে ভয় খায় চৰকাৰে । কিন্তু কিয় ভয় খায় চৰকাৰে নাজানো । এখন কমিটী তৈয়াৰ কৰি উমৰাংছ'ৰ ঘটনা গাপ দিছে চৰকাৰে । ৪৫ দিন হৈ গ'ল আজিও সন্ধান নোলাল ৫ জন শ্ৰমিকৰ । নিৰুদ্দিষ্ট লোকৰ পৰিয়ালৰ ভৰণ-পোষণ কোনে দিব । চৰকাৰৰ ওচৰত নাই কোনো উত্তৰ । আমি গঠনমূলকভাৱে আলোচনা বিচাৰিছিলোঁ । কিন্তু আলোচনা নহয় বিধানসভাত ।"