গুৱাহাটী: এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে কপাইছে সমগ্ৰ ৰাজ্য । বিশেষকৈ ৰাজনৈতিক মহলত ইয়াৰ বিশেষ প্ৰভাৱ পৰিছে । বিধানসভা অধিৱেশনতো বিষয়টোক লৈ বিধায়কসকল সৰৱ হৈছে । বিপ্লৱ শৰ্মা আয়োগত প্ৰতিবেদনক লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি বিধায়ক অখিল গগৈয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰে ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ বিধায়ক অখিল গগৈয়ে কয়,"অসম লোকসেৱা আয়োগৰ অন্যতম মূল খলনায়কজন হৈছে বৰ্তমানৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । আনজন খলনায়ক হৈছে প্ৰয়াত মুখ্যমন্ত্রী তৰুণ গগৈ ।" অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে দ্বিতীয় দিনা বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ বিধানসভা চৌহদত বিধায়কগৰাকী এইদৰে সৰৱ হৈ পৰে ।
বিধায়কগৰাকীয়ে পুনৰ কয়,"বিপ্লৱ শৰ্মা আয়োগে কেলেংকাৰীৰ মূল অভিযুক্ত সকলক ৰক্ষণা-বেক্ষণ দিছে । এ পি এছ চি কেলেংকাৰী অসমৰ ইতিহাসত আটাইতকৈ ভয়ংকৰ কেলেংকাৰী । গোটেই পৰীক্ষাৰ ছিষ্টেমটো ভাঙি ছিঙি শেষ কৰিছিল । এ পি এছ চি কেলেংকাৰীত কেৱল ৰাকেশ পালেই জড়িত নাছিল । চৰকাৰ জড়িত নাথাকিলে এনে বৃহৎ কেলেংকাৰী কেতিয়াও সম্ভৱ নহয় । বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত বহু কথাই লুকুৱাব বিচাৰিছে। পি এছ অ'ৰ পৰা এ পি এছ চিৰ অধ্যক্ষলৈ কেৱল ১৪ জনৰ নাম অভিযুক্তৰ তালিকাত আছে । কেলেংকাৰীৰ মূল মানুহবোৰৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাই প্ৰতিবেদনত ।"
তেওঁ লগতে কয়," এইটো কোনো লাখ টকীয়া কেলেংকাৰী নহয় । প্ৰতিবেদনত এজন অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত কমল মেধিয়ে ৩ লাখ টকা লোৱা বুলি কোৱা হৈছে । দুলাল বৰাই ২ লাখ টকা লোৱা বুলি কোৱা হৈছে। প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে ৬০ লাখ টকা লোৱা বুলি অভিযোগ উত্থাপিত হৈছে । গৌৰৱ গগৈৰ নাম উল্লেখ কৰা হৈছে । এইয়া কেৱল মুখৰোচক বাতৰিহে । এই কেলেংকাৰীত লাখ টকাৰ কেলেংকাৰী নহয়, এই কেলেংকাৰী বহু হাজাৰ টকাৰ । এই কেলেংকাৰীৰ মূল খলনায়ক হিমন্ত বিশ্ব শৰ্মা আৰু তৰুণ গগৈ । এই কেলেংকাৰীত জড়িত আছিল প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় । আন এজন মন্ত্রীও জড়িত আছিল । কিন্তু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এই খলনায়ক সকলৰ নাম নাই ।"