ETV Bharat / entertainment

মেজি দাহ কৰি কণ্ঠশিল্পী ৰাজীৱ শদিয়া সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী যোগেন মহনৰ - SINGER RAJIB SADIYA DEATH

গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি ৷ এইগৰাকী জনতাৰ শিল্পীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মন্ত্ৰী যোগেন মহনে ৷

Minister Jogen Mohan comments on Rajib Sadiya untimely death
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত শোক (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 14, 2025, 2:31 PM IST

ডিব্ৰুগড় : আজি ভোগালী বিহু ৷ সমগ্ৰ ৰাজ্যই উলহ মালহেৰে উদযাপন কৰিছে ভোগালী বিহু ৷ উৰুকা উদযাপন কৰাৰ পাছতে পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলাইছে অসমীয়াই । কিন্তু তাৰ মাজতে এফালে অকল কান্দোনৰ ৰোল ৷ শদিয়াত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে ৷ গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৱে উকা কৰি পেলালে বহুতৰ হৃদয় ৷ কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে মন্ত্ৰী যোগেন মহনে । মন্ত্ৰীগৰাকীয়ে কয়, "ৰাজীৱ শদিয়াৰ দেশপ্ৰেমমূলক গীতে অসমীয়া ৰাইজক উদ্বুদ্ধ কৰিছিল । তেখেতৰ মৃত্যুত মৰ্মাহত হৈছো । তেওঁ সমাজখনৰ বাবে যি ত্যাগ কৰি গ'ল তাক প্ৰতিজন অসমীয়াই মনত ৰখা উচিত ৷"

কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ অকাল বিয়োগ :

ভোগালীৰ উৰুকাৰ দিনটো অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে আছিল অতিকে দুখৰ । দেওবাৰে ৰসবাৰী পৰ্যটন মেলাত গীত গাই থকাৰ মাজতে হঠাৎ ঢলি পৰি অসুস্থ হৈ পৰিছিল জাতি-মাটিৰ গীত গাই ভালপোৱা ৰাজীৱ শদিয়া । হৃদক্ৰিয়া বন্ধ হৈ পৰাত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে প্ৰাণ বচাব নোৱাৰিলে তেওঁৰ ।

গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত শোক (ETV Bharat Assam)

পত্নীৰ সৈতে মন্ত্ৰী যোগেন মহনৰ ৰাজ্যবাসীলৈ বিহুৰ ওলগ :

মৰাণৰ নিজা বাসগৃহৰ সন্মুখত মেজি জ্বলাই ৰাজ্যবাসীক বিহুৰ ওলগ জনালে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে । মৰাণ জ্যোতিপুৰস্থিত বাসগৃহৰ সমুখত সপত্নীক লগত লৈ মেজি দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে মন্ত্ৰী যোগেন মহনে ৷ মেজিৰ জুইয়ে সমাজৰ অসূয়া-অপ্ৰীতি নাশ কৰি ৰাজ্যলৈ শান্তিৰ পৰিৱেশ নমাই আনিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীজনে ৷

মেজিৰ জুইয়ে সমাজৰ অসূয়া-অপ্ৰীতি নাশ কৰি ৰাজ্যলৈ শান্তিৰ পৰিবেশ নমাই আনিব :

মৰাণ জ্যোতিপুৰস্থিত বাসগৃহৰ সন্মুখত পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজৰ সৈতে মেজিৰ জুই জ্বলাই মন্ত্ৰীগৰাকীয়ে কয়, "পৰম্পৰা ৰক্ষাৰ কৰি পূৰ্বৰ দৰে এইবৰো মেজি জ্বলোৱা হৈছে । মেজিৰ জুইয়ে সমাজৰ অসূয়া-অপ্ৰীতি নাশ কৰি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনক তাৰে আশা কৰিছো । ভোগালী বিহুৱে আশাৰ বতৰা কঢ়িয়াই আনক যাতে কোনো লোকেই লঘোণত থাকিবলগীয়া নহয় ।"

লগতে পঢ়ক : গণশিল্পী ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.