ETV Bharat / state

সকলোকে কন্দুৱাই পঞ্চভূতত বিলীন হৈ গ'ল জনতাৰ শিল্পী ৰাজীৱ শদিয়া - SINGER RAJIB SADIYA DEATH

সহস্ৰাধিক জনতাৰ উপস্থিতিত গণশিল্পী ৰাজীৱ শদিয়াৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন । ৰাজীৱ শদিয়াৰ পুত্ৰৰ পঢ়াৰ দায়িত্ব ল’লে জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীয়ে ।

Artist Rajiv Sadia funeral held, thousands of people present in Sodiya
পঞ্চভূতত বিলীন জনতাৰ শিল্পী ৰাজীৱ শদিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2025, 10:55 PM IST

তিনিচুকীয়া: জাতি-মাটিৰ গান গাই ভালপোৱা ৰাজীৱ শদিয়া আজি বিলীন হৈ গ’ল মাটিৰ মাজত । সহস্ৰাধিক জনতাৰ উপস্থিতিত মঙলবাৰে শদিয়াৰ টুপচিঙা গাঁৱৰ নিজ জন্মগৃহত সম্পূৰ্ণ মাংগলিক কাৰ্যৰে সন্মানসহকাৰে জনতাৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে শদিয়াবাসীয়ে ।

অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ প্ৰাকক্ষণত ভকতবৃন্দই গায়ন-বায়নেৰে ৰাজীৱ শদিয়াৰ নশ্বৰদেহ কান্ধত লৈ সমদল কৰে আৰু ৰাজীৱ শদিয়াৰ অন্তিম যাত্ৰাত সংগ দিয়ে শদিয়াবাসীৰ লগতে বহু দল-সংগঠনৰ নেতা-কৰ্মী তথা সাংস্কৃতিক মহলৰ লোকসকলে ।

পঞ্চভূতত বিলীন জনতাৰ শিল্পী ৰাজীৱ শদিয়া (ETV Bharat Assam)

জনতাৰ শিল্পী, গণশিল্পী, বিপ্লৱী শিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ তৰফৰ পৰা এক বিবৃতিৰ জৰিয়তে শোক প্ৰকাশ কৰা হয় ।

সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সহ-সম্পাদক ২য় লেফটেনেণ্ট ঈশান অসমৰ স্বাক্ষৰিত বিবৃতি এনেধৰণৰ,“অসমৰ মাটি আৰু মানুহক ভালপোৱা আৰু এই দেশৰ জনগণক জাতীয় চেতনাৰে উদ্বুদ্ধ হ'বলৈ যিকেইগৰাকী সংগীত শিল্পীয়ে গীতৰ জৰিয়তে অহোপুৰুষাৰ্থ কৰিছিল; তেখেতসকলৰ ভিতৰত ৰাজীৱ গগৈ আছিল অন্যতম । শদিয়াৰ টুপচিঙা গাঁৱত জন্মগ্রহণ কৰা ৰাজীৱ গগৈয়ে ছাত্ৰ জীৱনৰ পৰা আৰম্ভ কৰি জীৱনৰ শেষ মূহুৰ্তলৈ অসমৰ সামাজিক আৰু ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা- চৰ্চা কৰি সেয়া গীতৰ জৰিয়তে অসমৰ জনগণৰ বাবে আগবঢ়াইছিল ।"

সংগঠনটোৱে বিবৃতিটোত লগতে উল্লেখ কৰে,"সামাজিকভাৱে সদা সচেতন-দায়বদ্ধ আৰু প্ৰতিশ্ৰুতিসম্পন্ন এইগৰাকী সংগীত শিল্পীয়ে যোৱা ইংৰাজী ১২ জানুৱাৰী ২০২৫ তাৰিখে তিনিচুকীয়াৰ ফিল'বাৰীত সংগীত পৰিৱেশন কৰি থকা অৱস্থাত হঠাৎ হৃদৰোগত আক্ৰান্ত হোৱাত উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ত ভর্তি হয় যদিও ১৩ জানুৱাৰী ২০২৫ তাৰিখে আবেলি ইহসংসাৰ ত্যাগ কৰে । তেখেতৰ অকাল বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ লগতে সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি ৷ এইগৰাকী বিশিষ্ট জাতীয়তাবাদী শিল্পীৰ পৰলোক গমনত "সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ অতল সমবেদনা জ্ঞাপন কৰিলোঁ । অসমৰ সংগীত আৰু সামাজিক ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়াই যোৱা অৱদান চিৰযুগমীয়া হৈ ৰওঁক ।”

ইফালে, গণশিল্পীগৰাকীৰ কৰ্মৰাজীৰ সন্দৰ্ভত সংবাদমাধ্যমৰ জৰিয়তে প্ৰচাৰ হোৱাৰ পাছত অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক মনোজ গোস্বামীয়ে ৰাজীৱ শদিয়াৰ একমাত্ৰ পুত্ৰ ধৃতিৰাজ গগৈৰ পঢ়াৰ দায়িত্ব পৰিয়ালৰ অনুমতি সাপেক্ষে গ্ৰহণ কৰিবলৈ সাজু বুলি সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰে । সমান্তৰালভাৱে পৰিয়ালৰ সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদৰ সৰ্বানন্দ সোণোৱালক আহ্বান জনাই বুলি উল্লেখ কৰে ।

সমান্তৰালভাৱে, প্ৰিয় শিল্পীগৰাকীৰ অন্তিম যাত্ৰাত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰা, পথাৰ শিল্পী লুইত গগৈয়ে সদায় জনতাৰ হৈ কাম কৰি যোৱা ৰাজীৱ শদিয়াৰ পত্নীক তেখেতৰ সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি স্থায়ী সংস্থাপন প্ৰদান কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ।

লগতে পঢ়ক: মেজি দাহ কৰি কণ্ঠশিল্পী ৰাজীৱ শদিয়া সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী যোগেন মহনৰ - SINGER RAJIB SADIYA DEATH

গণশিল্পী ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি - SINGER RAJIB SADIYA DEATH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.