জোনাই: গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু ৷ ধেমাজি জিলাৰ চিলাপথাৰৰ এগৰাকী যুৱতীৰ মৃত্য়ুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ যোৱা ২৬ জানুৱাৰীত মহানগৰীত প্ৰেমিকৰ কোঠাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ ৷
চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ৩নং মহনপুৰ গাঁৱৰ ২১ বছৰীয়া যুৱতীগৰাকী যোৱা চাৰিমাহ ধৰি গুৱাহাটীৰ এটা জিমত সহায়কাৰীৰূপে কৰ্মৰত আছিল ৷ দেওবাৰে দিনৰ ভাগত ৰহস্যজনকভাৱে প্ৰেমিকৰ ভাড়াঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ ৷ যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুক পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাই । ইতিমধ্য়ে এই ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে চানমাৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷
পৰিকল্পিত হত্য়াকাণ্ডৰ অভিযোগ পৰিয়ালৰ :
এই ঘটনাটো চানমাৰি আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীবস্তিত সংঘটিত হৈছে ৷ যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত চিলাপথাৰ মিচিং গাঁৱৰ ইন্দ্ৰজিৎ পাইট নামৰ যুৱকজনক ইতিমধ্যে চানমাৰী আৰক্ষীয়ে আটক কৰিছে ৷ দুয়োগৰাকী যুৱক-যুৱতীৰ ঘৰ ধেমাজি জিলাত ৷ চিমেন চাপৰিৰ যুৱতীগৰাকীক দেওবাৰে প্ৰেমিকে গুৱাহাটীৰ ভাড়াঘৰলৈ নিছিল ৷ বিয়া পতাৰ প্ৰস্তাৱ প্ৰত্যাখ্য়ানৰ বাবেই যুৱতীগৰাকী যুৱকজনৰ কোঠাতে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ ইপিনে, যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে এয়া এক পৰিকল্পিত হত্য়াকাণ্ড বুলি অভিযোগ উত্থাপন কৰি ঘটনাটোক যুৱকজনে অন্য় ৰূপ দিয়াৰ চেষ্টা কৰা বুলি কয় । যুৱতীগৰাকীৰ ডিঙিত গুৰুতৰ আঘাতৰ চিন স্পষ্টভাৱে দেখা গৈছে বুলি কয় পিতৃয়ে ৷
প্ৰেমিকৰ কোঠাত ৰহস্যজনকভাৱে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতেই এই ঘটনাটোক লৈ চিমেন চাপৰিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । চিলাপথাৰৰ যুৱক ইন্দ্ৰজিৎ পাইটৰ ভাড়াঘৰৰ কোঠাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ লগতে সংযুক্ত বড়ো গণমঞ্চৰ ধেমাজি জিলা সমিতি, সানজা সানজাৰি নৌগৰ আঞ্চলিক সমিতিৰ নেতাসকলে কয়, "এইটো কোনোপধ্যেই যুৱতীগৰাকীৰ চৰম সিদ্ধান্ত নহয় । বৰঞ্চ এক সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ডৰ ঘটনা । প্ৰেমিক ইন্দ্ৰজিৎ পাইটে নিৰ্মমভাৱে মাৰপিট কৰি হত্যা কৰিছে । চানমাৰি থানাৰ আৰক্ষীয়ে তৎপতাৰে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ।"
দোষীক শাস্তি প্ৰদানৰ দাবী বড়ো সংগঠনৰ :
এই ঘটনাটোৰ নিৰপেক্ষ বিচাৰ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি, সংযুক্ত বড়ো গণমঞ্চৰ ধেমাজি জিলা সমিতি আৰু সানজা সানজাৰি নৌগৰ আঞ্চলিক সমিতিয়ে ।