গুৱাহাটী: উত্তৰ-পূবৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান নেবকছ (নৰ্থ ইষ্ট বিগ কালচাৰেল ছ'চাইটি)ৰ ১৮ সংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা ঘোষণা । নলবাৰী ৰাস মহোৎসৱৰ পাছতে মঙলবাৰে এক বিবৃতি যোগে ‘নেবকছ নেশ্যনেল এৱাৰ্ড ২০২৫’ ঘোষণা কৰা হয় ৷
অনুষ্ঠানটোৰ সঞ্চালক প্ৰধান ৰঞ্জিত দত্তই জনোৱা অনুসৰি, ভ্ৰাম্যমাণ নাট্যক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইগৰাকীমান বৰেণ্য ব্যক্তিলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ সন্মান ৷ ‘নেবকছ নেশ্যনেল এৱাৰ্ড ২০২৫' ৰ বঁটা অনুসৰি বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্যলৈ ‘নাট্য সম্ৰাট’ খিতাপ, ভ্ৰাম্যমাণৰ ট্ৰেজেডি কিংখ্যাত মৃদুল ভূঞাক ‘অভিনয় সম্ৰাট’ খিতাপ, বলিষ্ঠ অভিনেতা যতীন বৰালৈ ‘মঞ্চৰ মহানায়ক’ খিতাপ, জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ ‘মঞ্চৰ মহাৰাণী’ খিতাপ, বিশিষ্ট সমাজকৰ্মী ড॰ মহানন্দ কুমাৰক ‘সমাজ ৰত্ন’ খিতাপ আৰু সূদীৰ্ঘকাল ভ্ৰাম্যমাণ নাট্য জগতত সাৱলীল অভিনয় কৰি সৰ্বস্তৰৰ দৰ্শকৰ মন চুবলৈ সক্ষম হোৱা আৰু চলিত বৰ্ষত লুইতপৰীয়া থিয়েটাৰত সুন্দৰ অভিনয় কৰি সকলোৰে মন জয় কৰা বিশিষ্ট অভিনেতা ভূপেন ডেকালৈ আগবঢ়োৱা হৈছে ‘জীৱনজোৰা সাধনা বঁটা’ ৷
লগতে পঢ়ক :দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত মন পছন্দৰ কামটোলৈ উভতিছে যতীন বৰা
নেবকছৰ সভাপতি, বিশিষ্ট সাংস্কৃতিককৰ্মী গগণাষ্টম গগৈয়ে জনোৱা মতে, নলবাৰী ৰাস মহোৎসৱৰ ফলাফল আৰু ভিন্ন স্থানত হোৱা নেবকছৰ সমীক্ষাৰ লগতে সচেতন ৰাইজৰ অভিমতৰ ভিত্তিত বিবেচিত হোৱা ২০২৪-২৫ বৰ্ষৰ ভ্ৰাম্যমাণৰ শ্ৰেষ্ঠতাৰ বঁটাসমূহৰ ভিতৰত হৈছে 'শ্ৰেষ্ঠ নাট্যদলঃ ইতিহাস থিয়েটাৰ (প্ৰযোজকঃ সুভাস চন্দ্ৰ দাস), শ্ৰেষ্ঠ শৃংখলাবদ্ধ নাট্যদলঃ থিয়েটাৰ সূৰ্য্য (প্ৰযোজকঃ মুনীন্দ্ৰ বৰ্মন), শ্ৰেষ্ঠ প্ৰযোজনাঃ থিয়েটাৰ সূৰ্য্য (প্ৰযোজকঃ মুনীন্দ্ৰ বৰ্মন), শ্ৰেষ্ঠ জনপ্ৰিয় নাট্যদলঃ ৰাজমুকুট থিয়েটাৰ (প্ৰযোজকঃ মানস কলিতা) ৷
সমান্তৰালভাৱে উজনি অসমত নাট্যযাত্ৰাৰে অভূতপূৰ্ব অৰিহণা আগবঢ়োৱা ভ্ৰাম্যমাণ নাট্যদল কেইটিমানলৈ আগবঢ়োৱা হৈছে বছৰটোৰ আন এক উষ্ম সন্মান ৷ সেয়া হ’ল, উজনি অসমৰ ‘শ্ৰেষ্ঠ নাট্যদলঃ নটসূৰ্য্য থিয়েটাৰ’ (প্ৰযোজকঃ জগদীশ গগৈ), উজনি অসমৰ ‘শ্ৰেষ্ঠ জনপ্ৰিয় নাট্যদলঃ সুদৰ্শন থিয়েটাৰ’ (প্ৰযোজকঃ ক্ষীৰোদ খনিকৰ), উজনি অসমৰ ‘শ্ৰেষ্ঠ শৃংখলাবদ্ধ নাট্যদলঃ পৃথ্বীৰাজ থিয়েটাৰ’ (প্ৰযোজকঃ সুৰজিৎ বৰা) ৷ লগতে শ্ৰেষ্ঠ নাটকঃ ‘মহাৰাজ’ (নাট্যকাৰ অভিজিত ভট্টাচাৰ্য, ইতিহাস থিয়েটাৰ), শ্ৰেষ্ঠ জনপ্ৰিয় নাটক (যুটীয়াভাৱে)- ‘বিড়ি’, (নাট্যকাৰঃ অভিজিত ভট্টাচাৰ্য, হেঙুল থিয়েটাৰ), ‘মৰমত তেজৰ টোপাল’ (নাট্যকাৰঃ অভিজিত ভট্টাচাৰ্য, থিয়েটাৰ সূৰ্য্য), শ্ৰেষ্ঠ মননশীল নাটকঃ ‘ঘাঁ’, (নাট্যকাৰ-পৰিচালকঃ চম্পক শৰ্মা, ৰাজলক্ষ্মী থিয়েটাৰ), শ্ৰেষ্ঠ ব্যৱসায়িক সফল নাটকঃ ‘মেডাম মেনকা’ (নাট্যকাৰঃ অভিজিত ভট্টাচাৰ্য, আবাহন থিয়েটাৰ) ৷
লগতে পঢ়ক :থিয়েটাৰৰ টিকট নাপাই ৰণচণ্ডী মূৰ্তি ধৰিলে দৰ্শকে
ভ্ৰাম্যমাণৰ অক্লান্ত প্ৰযোজকৰ সন্মানঃ গণেশ (বংকিম) ৰায় মেধিলৈ (বৃন্দাবন থিয়েটাৰ), শ্ৰেষ্ঠ নাট্যকাৰঃ অভিজিত ভট্টাচাৰ্য (পাণ্ডুলিপি- ‘জুয়ে পুৰা মানুহ’, ইতিহাস থিয়েটাৰ), শ্ৰেষ্ঠ অভিনেতাঃ উৎপল দাস (‘মৰমত তেজৰ টোপাল’, থিয়েটাৰ সূৰ্য্য), শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেতাঃ প্ৰসেনজিৎ বৰা ('মহাৰণৰ বলিয়া ঘোঁৰা’, ৰাজমুকুট থিয়েটাৰ), শ্ৰেষ্ঠ অভিনেত্ৰীঃ কল্পনা কলিতা (নাটকঃ ‘ঘাঁ’, ৰাজলক্ষ্মী থিয়েটাৰ), শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেত্ৰীঃ নন্দিনী কাশ্যপ (ৰাজলক্ষ্মী থিয়েটাৰ), শ্ৰেষ্ঠ মোহময়ী অভিনেত্ৰীঃ জেৰিনা বৰুৱা (পিঞ্জৰা, কহিনুৰ থিয়েটাৰ), শ্ৰেষ্ঠ সহ-অভিনেতাঃ (যুটীয়াভাৱে)-- চন্দন বৰা (ইতিহাস থিয়েটাৰ), সুমন ভৰদ্বাজ (ৰাজমুকুট থিয়েটাৰ), শ্ৰেষ্ঠ সহ-অভিনেত্ৰীঃ কবিতা চুতীয়া (ৰাজমুকুট থিয়েটাৰ) ৷
শ্ৰেষ্ঠ চৰিত্ৰভিনেতাঃ মৃদুল বৰুৱা (বৰদৈচিলা থিয়েটাৰ), শ্ৰেষ্ঠ চৰিত্ৰাভিনেত্ৰীঃ (যুটীয়াভাৱে) অঞ্জলি চেত্ৰী (লুইতপৰীয়া থিয়েটাৰ), সুৰভি কটকী (ইতিহাস থিয়েটাৰ), শ্ৰেষ্ঠ প্ৰতিভাসম্পন্না অভিনেত্ৰীঃ শিল্পীশিখা বৰা (হেঙুল থিয়েটাৰ), শ্ৰেষ্ঠ পৰিকল্পকঃ অনুপ দাস (ৰাজতিলক থিয়েটাৰ), শ্ৰেষ্ঠ প্ৰতিভাসম্পন্ন অভিনেতাঃ দিপাংকৰ তালুকদাৰ (থিয়েটাৰ সূৰ্য্য), শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীঃ ময়ুৰী গৌতম (থিয়েটাৰ সূৰ্য্য), শ্ৰেষ্ঠ খলনায়কঃ মঞ্জিল বৰুৱা (থিয়েটাৰ সূৰ্য্য), শ্ৰেষ্ঠ কৌতুক অভিনেতাঃ বিমলজ্যোতি বৰুৱা (বৰদৈচিলা থিয়েটাৰ), শ্ৰেষ্ঠ জনপ্ৰিয় কৌতুক অভিনেতাঃ (যুটীয়াভাৱে)-- ভাস্কৰ বৰ্মন (বীনাপাণি থিয়েটাৰ), শ্ৰীমন্ত মাধৱ দত্ত (ৰাজমুকুট থিয়েটৰ) ৷
লগতে পঢ়ক :থিয়েটাৰ কৰা ছোৱালী বুলি বহুতে সহজে নলয় : অনিতা চক্ৰৱৰ্তী - Anita chakraborty Interview
শ্ৰেষ্ঠ আৱহ সংগীতঃ দীপক বৰুৱা (মহাবীৰ লাচিত, ইতিহাস থিয়েটাৰ), শ্ৰেষ্ঠ সংগীত পৰিচালকঃ অজয় ফুকন (গীত- ‘চকুত চকু পৰি’, আৱাহন থিয়েটাৰ), শ্ৰেষ্ঠ জনপ্ৰিয় সংগীত পৰিচালকঃ জয়ন্ত কাকতি (গীত- ‘অপৰাজিতা’, বৃন্দাবন থিয়েটাৰ), শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীঃ ৰিতুৰাজ কলিতা (থিয়েটাৰ ৰুদ্ৰাক্ষ), শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীঃ ৰেখাৰাণী দেৱী (ৰাজমুকুট থিযেটাৰ), শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফাৰঃ ধনজিৎ দাস (গীত- ‘হায় হায় দেহাজান, পিঞ্জৰা, কহিনুৰ থিয়েটাৰ), শ্ৰেষ্ঠ বাদ্যশিল্পীঃ পাপু বৰা (ৰাজধানী থিয়েটাৰ), শ্ৰেষ্ঠ ডান্স গ্ৰুপঃ ইতিহাস থিয়েটাৰ), শ্ৰেষ্ঠ সম্পাদকঃ পদ্ম চেতিয়া (ৰাজধানী থিয়েটাৰ), শ্ৰেষ্ঠ ব্যৱস্থাপকঃ বিশ্ব বৰা (আৱাহন থিয়েটাৰ) ৷
ভ্ৰাম্যমাণৰ সুদক্ষ কৰ্মীৰ বঁটাঃ বীৰেন বৰ্মন (ইতিহাস থিয়েটাৰ), ভ্ৰাম্যমাণৰ শ্ৰেষ্ঠ প্ৰেক্ষাগৃহ পৰিচালকঃ লক্ষী দাস, শ্ৰেষ্ঠ কাৰিকৰী নিৰ্দেশকঃ গিৰিধৰ তালুকদাৰ (নলবাৰী), ভ্ৰাম্যমাণৰ সেউজ জাগৰণ বঁটাঃ সুদৰ্শন থিয়েটাৰ (গছ পুলি ৰোপক-- ৰাজীৱ দাস), শ্ৰেষ্ঠ পোহৰ নিয়ন্ত্ৰকঃ মন্টু তালুকদাৰ (ৰাজলক্ষ্মী থিয়েটাৰ), শ্ৰেষ্ঠ কলা নিৰ্দেশকঃ ব্ৰজেন কোঁচ, শ্ৰেষ্ঠ শব্দ নিয়ন্ত্ৰকঃ জয়ন্ত দাস (ৰাজমুকুট থিয়েটাৰ), শ্ৰেষ্ঠ মুখপত্ৰঃ ‘কিৰণ’ (সম্পাদক- ভূপেশ খাটনিয়াৰ, থিয়েটাৰ সূৰ্য্য) ৷
আনহাতে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰচাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ অহা সাংস্কৃতিক প্ৰচাৰ মাধ্যমকো নেবকছে ২০২৫ বৰ্ষত আগবঢ়াইছে কেইটিমান উল্লেখনীয় সন্মান ৷ ‘সামাজিক মাধ্যমৰ বিশেষ বঁটাঃ যুৱ সংস্কৃতিক প্ৰতিবেদক ৰমেন কলিতালৈ, শ্ৰেষ্ঠ যুৱ সাংস্কৃতিক সাংবাদিকঃ অপূৰ্ব তালুকদাৰ, শ্ৰেষ্ঠ সৃষ্টিশীল যুৱ সাংস্কৃতিক সাংবাদিকঃ নজৰুল হক আৰু ‘প্ৰচাৰৰ সক্ৰিয়-সচেতনতাৰ বঁটা’, ‘নটৰাজ ২4 × 7’ আৰু ‘তগৰ সাংস্কৃতিক গ্ৰুপ’লৈ আগবঢ়োৱা হৈছে ৷ অনুষ্ঠানটোৰ সাধাৰণ সম্পাদক বৰষা কাশ্যপে জনোৱা অনুসৰি, অহা ২৫ মে’ ২০২৫ত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আগবঢ়োৱা হ'ব এই বঁটাসমূহ ।
লগতে পঢ়ক :শ্ব' মাষ্ট গ' অন ! পিতৃৰ মৃত্যুৰ খবৰ পায়ো মঞ্চত হাঁহি হাঁহি কৰিবলগীয়া হ'ল প্ৰেমৰ দুৰ্দান্ত অভিনয়