অসম

assam

অনন্ত-ৰাধিকালৈ এম এছ ধোনীৰ প্ৰেমপূৰ্ণ বাৰ্তা - MS DHONI POST ON ANANT RADHIKA

By ETV Bharat Entertainment Team

Published : Jul 15, 2024, 10:37 AM IST

MS Dhoni wishes to Anant Radhika: নৱবিবাহিত দম্পতী অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বাবে এক হৃদয়স্পৰ্শী বাৰ্তা লিখি মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰে । অনন্ত-ৰাধিকাৰ বিয়াৰ বিভিন্ন অনুষ্ঠানত পত্নী সাক্ষীৰে সৈতে উপস্থিত থাকে মহেন্দ্ৰ সিং ধোনী ৷ শুকুৰবাৰে মুম্বাইৰ বান্দ্ৰা কুৰলা কমপ্লেক্সত অনুষ্ঠিত হোৱা বিবাহ অনুষ্ঠানত কন্যা জিভাও উপস্থিত হয় পিতৃ-মাতৃৰ সৈতে ।

ms dhoni pens love filled note for newlyweds radhika anant dedicates dilbaro song to brides father
পৰিয়ালৰ সৈতে মহেন্দ্ৰ সিং ধোনী (ANI)

চিটাৰা ডেস্ক, 15 জুলাই :ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰবীণ অধিনায়কে এটা ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰিছে, যিটো পোষ্টে সামাজিক মাধ্যমত বহু প্ৰশংসা লাভ কৰিছে ৷ দেশ-বিদেশজুৰি চৰ্চা লাভ কৰা আম্বানীৰ পৰিয়ালৰ বিয়াত ব্যস্ত ধোনী পৰিয়াল ৷ বিবাহ সম্পন্ন হৈ যোৱাৰ পাচত নৱদম্পতি অনন্ত আৰু ৰাধিকাৰ বাবে এটা আন্তৰিক টোকা লিখে ধোনীয়ে আৰু কইনাৰ পিতৃ বীৰেণ মাৰ্চেণ্টৰ বাবে বলীউডৰ এটা বিখ্যাত গান ‘দিলবাৰো’ উছৰ্গা কৰে ।

বিয়াখনলৈ নিমন্ত্ৰিত অতিথিসকলৰ ভিতৰত অন্যতম চেলেব্ৰিটী ধোনীয়ে বিশেষ পোষ্টযোগে অনন্ত আৰু ৰাধিকালৈ শুভেচ্ছা জ্ঞাপন কৰে । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন উইকেটকীপাৰ-বেটছমেনগৰাকীয়ে তেওঁলোক দুয়োৰে জীৱন সুখ, হাঁহি আৰু দুঃসাহসিক অভিযানেৰে ভৰি থকাটো কামনা কৰে । তেওঁ পোষ্ট কৰা ফটোখনত ৰাধিকাই তেওঁক আলিংগন কৰি থকা দেখা গৈছে ।

"ৰাধিকা,তোমাৰ উজ্জ্বল হাঁহি কেতিয়াও ম্লান নপৰক ! অনন্ত, অনুগ্ৰহ কৰি তোমাৰ চাৰিওফালে থকা লোকসকলৰ প্ৰতি দেখুওৱা একেই মৰম আৰু দয়াৰে ৰাধিকাৰ প্ৰতি আদৰ আৰু যত্ন অব্যাহত ৰাখিবা । তোমালোকৰ বিবাহিত জীৱন সুখ, হাঁহি আৰু দুঃসাহসিক অভিযানেৰে ভৰি থাকক । অভিনন্দন আৰু সোনকালে তোমালোকক লগ পাম । গানটো বীৰেণ খুৰাৰ বাবে, ফটোখনৰ লগত ‘দিলবাৰো’ গানটো যোগ কৰে তেওঁ ।

লগতে পঢ়ক :নৱ-বিবাহিত অনন্ত-ৰাধিকাক আশীৰ্বাদ দিবলৈ মুম্বাইত উপস্থিত কামাখ্যা মন্দিৰৰ দলৈ - Anant Ambani Weds Radhika Merchant

ধোনীয়ে পত্নী সাক্ষী আৰু কন্যা জিভাৰ সৈতে অনন্ত আৰু ৰাধিকাৰ বিবাহ উৎসৱত অংশ লয় । চেন্নাই চুপাৰ কিংছৰ (CSK) প্ৰাক্তন অধিনায়কগৰাকীৰ উপৰিও টি-২০ বিশ্বকাপ চেম্পিয়ন হাৰ্দিক পাণ্ডিয়া, যশপ্ৰীত বুমৰাহ, মুম্বাই ইণ্ডিয়ানছ (MI)ৰ খেলুৱৈ তিলক বৰ্মা, ঈশান কিষাণ আৰু প্ৰাক্তন এমআই অলৰাউণ্ডাৰ ক্ৰুণাল পাণ্ডিয়াইয়ো বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত ৰাজনৈতিক ব্যক্তিসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে আন বহু লোক উপস্থিত আছিল ।

শ্বাহৰুখ খান, ছলমান খান, আলিয়া ভাট, ৰণবীৰ কাপুৰ, দীপিকা পাডুকন, ৰণবীৰ সিঙকে ধৰি বলীউডৰ বিশিষ্ট ব্যক্তিসকলেও এই অনুষ্ঠানৰ শোভা বৰ্ধন কৰে ।

লগতে পঢ়ক :বৰযাত্ৰীলৈ অনন্ত আম্বানীৰ বহুমূলীয়া উপহাৰ...মূল্য জানিলে চকু কপালত উঠিব আপোনাৰ - Anant Ambani Gift

ABOUT THE AUTHOR

...view details