চিটাৰা ডেস্ক, 21 এপ্ৰিল :বিৰতিৰ পিচত পুনৰ লাইমলাইটত মোহময়ী অভিনেত্ৰী মনীষা কৈৰালা ৷ সম্প্ৰতি অভিনেত্ৰীগৰাকী তেওঁৰ আহিবলগীয়া ছিৰিজ হীৰামণ্ডীত ব্যস্ত হৈ পৰিছে ৷ দেওবাৰে অভিনেত্ৰীগৰাকীক ছিৰিজখনৰ এক প্ৰচাৰ অনুষ্ঠানত দেখা গৈছিল ৷
সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত এই ছিৰিজখনত 1940 দশকৰ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অশান্ত পটভূমিৰ লগতে সেই সময়ৰ পতিতা আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলৰ কাহিনী প্ৰকাশ কৰা হৈছে । এই ছিৰিজটো ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত লাহোৰৰ হীৰা মণ্ডীৰ ৰেড-লাইট অঞ্চলৰ তাৱাইফসকলৰ জীৱনৰ বিষয়ে নিৰ্মাণ কৰা হৈছে । মনীষা কৈৰালাক ছিৰিজটোত মল্লিকাজানৰ চৰিত্ৰত দেখা যাব ।
মনীষাই "বোম্বে", "গুপ্ত" আৰু "১৯৪২: এ লাভ ষ্টৰী"ৰ দৰে ব্লকবাষ্টাৰ ছবিত অভিনয় কৰিছিল ৷ সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত তেওঁৰ ৱেব ছিৰিজৰ প্ৰচাৰৰ ফটো শ্বেয়াৰ কৰাৰ পিচতেই অনুৰাগীসকলে মৰমেৰে উপচাই দিছে ৷