অসম

assam

গীতিকাৰ-নাট্যকাৰ পৰিচালক হেমন্ত দত্তক বাণ থিয়েটাৰ বঁটা প্ৰদান - Baan theatre Award 2024

By ETV Bharat Entertainment Team

Published : Aug 1, 2024, 12:27 PM IST

Updated : Aug 1, 2024, 4:31 PM IST

Baan theatre Award to Hemant Dutta : নটসূৰ্য ফণী শৰ্মাৰ 54 সংখ্যক স্মৃতিদিৱসৰ সৈতে সংগতি ৰাখি বুধবাৰে সন্ধিয়া বিশিষ্ট নাট্যকাৰ-পৰিচালক-অভিনেতা তথা প্ৰসিদ্ধ গীতিকাৰ হেমন্ত দত্তক ‘বাণ থিয়েটাৰ বঁটা -২০২৪’ প্ৰদান কৰা হয় । বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ সভাপতি তোলন চন্দ্ৰ ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷

Lyricist playwright director Hemant Dutta conferred with Baan theatre Award
হেমন্ত দত্তক বাণ থিয়েটাৰ বঁটা প্ৰদান (ETV Bharat Assam)

তেজপুৰ, 1 আগষ্ট : বুধবাৰে সন্ধিয়া গীতিকাৰ-নাট্যকাৰ পৰিচালক হেমন্ত দত্তক ‘বাণ থিয়েটাৰ বঁটা -২০২৪’ প্ৰদান কৰা হয় ৷ স্মৃতিচাৰণ সভা আৰু বাণ থিয়েটাৰ বঁটা প্ৰদান অনুষ্ঠানত অৱশ্যে বিশিষ্ট নাট্যকাৰ,পৰিচালক তথা গীতিকাৰগৰাকী উপস্থিত থাকিব নোৱাৰিলে ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে ঘৰতে পিছলি পৰি আহত হোৱা হেমন্ত দত্তৰ অনুপস্থিতিত বাণ থিয়েটাৰৰ এই সন্মানীয় বঁটাটি শিল্পীগৰাকীৰ সমষ্টিৰ ৰাইজৰ প্ৰতিনিধি তথা মঙলদৈৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে পুত্ৰ অনিৰ্বাণ দত্ত আৰু বোৱাৰী মনচুন দেৱী দত্তৰ সৈতে গ্ৰহণ কৰে । বঁটাটিত নগদ 20 হেজাৰ টকাসহ স্মাৰক, অংগ বস্ত্ৰ, প্ৰশস্তিপত্ৰ, জাপি আৰু বাণ থিয়েটাৰৰ প্ৰকাশিত গ্ৰন্থৰ টোপোলা আগবঢ়োৱা হয় বৰেণ্য শিল্পীগৰাকীলৈ । দত্তই প্ৰেৰণ কৰা এক বাণীবদ্ধ বক্তব্যত তেওঁ তেজপুৰৰ পৰাই সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰা বুলি প্ৰকাশ কৰে ৷

লগতে পঢ়ক :এক্সক্লুছিভ ভিডিঅ' ETV Bharat ৰ হাতত : চাওক কেনেকৈ 'ৰুদ্ৰ'ৰ শ্বুটিঙত আঘাতপ্ৰাপ্ত হৈছিল ৰবি শৰ্মা - RAVI SARMA INJURED DURING SHOOT

আনহাতে বিশিষ্ট পৰিচালক, নাট্যকাৰ, গীতিকাৰ গৰাকীৰ হৈ বঁটা গ্ৰহণ কৰি বিধায়ক বসন্ত দাসে অকল মঙলদৈৰে নহয় ৰাজ্যখনৰ সু-সন্তান তথা আধুনিক নাট্য আন্দোলনৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ পুৰোধাগৰাকীক বাণ থিয়েটাৰৰ দৰে এটি ঐতিহ্যমণ্ডিত অনুষ্ঠানে এই বঁটা প্ৰদান কৰাত বিধায়ক হিচাবে বাণ থিয়েটাৰ কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য যে, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা আৰু অন্নদা কুমাৰ পদ্মপতি দাতা পৰিয়ালৰ সদস্য শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিয়ে চমু ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰে ছয়দুৱাৰ মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক ড৹ অঞ্জন ওজাই । ভাষণ প্ৰসংগত ড৹ অঞ্জন ওজাই নটসূৰ্যগৰাকীৰ বৰ্ণিল জীৱন সন্দৰ্ভত আলোকপাত কৰে ৷

আনহাতে শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ সম্পাদক হেমেন্দ্ৰ ভৰালীয়ে শলাগ লোৱা এই বিশেষ অনুষ্ঠানটিতে বিগত বৰ্ষৰ বাণ থিয়েটাৰৰ প্ৰযোজিত নাটকৰ মাজৰ পৰা প্ৰয়াত দীপক মহন্ত ৰচিত বহুল চৰ্চিত নাটক ‘ধনীৰামৰ থিয়টাৰ’ ত কৰা বলিষ্ঠ অভিনয়ৰ বাবে বাণ থিয়েটাৰৰ জ্যেষ্ঠ অভিনেতা তথা বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মাক অন্নদা কুমাৰ পদ্মপতি সোঁৱৰণী শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হয় ৷ লগতে একেখন নাটকত কৰা মনপৰশা অভিনয়ৰ বাবে দৰ্শনা বাইলুং মহন্তক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰাৰ উপৰি শিশু নাট ‘নজনা বীৰৰ মূৰ’ত আতন বৰগোহাঁইৰ চৰিত্ৰৰে ৰাইজৰ অন্তৰ জিনা মৌনিতম শইকীয়াক ‘কাৰ্তিক হাজৰিকা সোঁৱৰণী শ্ৰেষ্ঠ শিশু অভিনেতাৰ বঁটা’ প্ৰদান কৰা হয় । অনুষ্ঠানটিত বাণ থিয়েটাৰৰ আজীৱন সদস্যা প্ৰবীণ কণ্ঠশিল্পী কল্পনা কলিতাৰ এটি গীতৰ সঁফুৰা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ।

লগতে পঢ়ক :ৰমেন বৰুৱাই কেতিয়াও অহেতুক কথা পতা নাছিল : পুলক বেনাৰ্জী - Pulak Banerjee on Ramen Baruah

Last Updated : Aug 1, 2024, 4:31 PM IST

ABOUT THE AUTHOR

...view details