চিটাৰা ডেস্ক, 17 জুুন :অৱশেষত মুক্তি পালে কল্কি ২৮৯৮ এডিৰ প্ৰথমটো একক গীত ৷ দুবাৰকৈ মুক্তিৰ বাবে সাজু হৈ পলম হোৱাৰ পিচতহে মুক্তি পায় গীতটোৱে ৷ গীতটোৰ মুক্তিৰ পূৰ্বে পৰ্দাৰ আঁৰৰ (BTS) এটা ভিডিঅ’ই ইণ্টাৰনেটত খলকনি তোলে । নিৰ্মাতাসকলে শ্বেয়াৰ কৰা বিটিএছৰ এটা ক্লিপত প্ৰভাস আৰু দিলজিৎ দোছাঞ্জে মৰমলগা মুহূৰ্ত শ্বেয়াৰ কৰা দেখা যায়, যিয়ে তেওঁলোকৰ অনুৰাগীৰ মুখত হাঁহি বিৰিঙিয়াই ৷
ভৈৰৱ গীতটো বহু প্ৰতীক্ষিত এই ছাই-ফাই ছবিখনৰ প্ৰথমটো গীত ৷ তেলুগু আৰু পাঞ্জাবী গীতৰ কথা মিহলাই এক যুগান্তকাৰী সংগীত সৃষ্টি কৰা হৈছে । বিশেষকৈ কুমাৰ নামেৰে পৰিচিত ৰাকেশ কুমাৰ পালে লিখা আৰু সন্তোষ নাৰায়ণনৰ ৰচনা ভৈৰৱ এন্থেম সৃষ্টি কৰিছে দিলজিৎ দোছাঞ্জ আৰু দীপক ব্লুয়ে । এই সাহসী সংগীত সংযোজন পৰীক্ষাই পাঞ্জাবী পদ্যসমূহ ধৰি ৰাখিছে আৰু লগতে বিভিন্ন সংস্কৰণত তেলুগু শাৰীসমূহ তামিল আৰু হিন্দীলৈ খাপ খুৱাই লৈছে ।
লগতে পঢ়ক :এদিন নৌহওঁতেই 1 কোটি 30 লাখৰো অধিক দৰ্শকক মুহিলে এটা মাত্ৰ ট্ৰেইলাৰে - Kalki 2898 AD Trailer
ভৈৰৱ এন্থেমৰ টিজাৰ যোৱা শনিবাৰে মুক্তি দিয়া হয়, য’ত দিলজিতক তেওঁৰ আকৰ্ষণীয় পাঞ্জাৱী ব্যক্তিত্বত দেখাৰ বিপৰীতে, প্ৰভাসে পাগুৰি পিন্ধা দেখা যায় ৷ দুয়োৰে লুকে অনুৰাগীৰ মাজত যথেষ্ট চৰ্চা লাভ কৰে ৷ ভৈৰৱ সংগীতৰ ভিডিঅ’টোৱে দুয়ো তাৰকাৰে অনুৰাগীসকলৰ বাবে এক দৃশ্যমান ভোজ সদৃশ বুলি ক’ব পাৰি ৷